কি হৈছিল সেইদিনা? কিয় ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল পিতা-পুত্ৰই, সৰ্বত্ৰে ভাইৰেল ভিডিঅ’
সমগ্ৰ বিশ্বই নতুন বছৰক আদৰি থকাৰ মাজতে লক্ষ্ণৌত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। পিতা- পুত্ৰই মিলি হত্যা কৰে পৰিয়ালৰ ৫ গৰাকী মহিলাক।
সমগ্ৰ বিশ্বই নৱবৰ্ষক আদৰণি জনাই থকাৰ মাজতে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৩১ ডিচেম্বৰৰ দিনা মহম্মদ বদৰ নামৰ লোকজনে নিজ পুত্ৰৰ লগত লগ লাগি ঘৰৰ ৫ গৰাকীকৈ মহিলাক হত্যা কৰি ভিডিঅট প্ৰস্তুত কৰে। এই ঘটনাৰ সময়ত যুৱক অৰ্শদে প্ৰস্তুত কৰা ভিডিঅ’ ভাইৰেল হৈ থকাৰ মাজতে আন এটা ভিডিঅ’ পোহৰলৈ আহিছে। এই ভিডিঅ’টো প্ৰস্তুত কৰিছে মহম্মদ বদৰে। হত্যাৰ কিছু সময়ে পূৰ্বে তেওঁ ভিডিঅ’টো প্ৰস্তুত কৰে য’ত আটাইকেইগৰাকী মহিলাক জীৱন্ত অৱস্থাত দেখা যায়।
ভিডিঅ’টোত মহম্মদ বদৰে এনে কিছুমান কথা কৈছে যি শুনিলে আৰক্ষীৰ তদন্তৰ ওপৰতো প্ৰশ্ন উত্থাপন হয়। ভিডিঅ’টোত বদৰে কয় যে, মই যোৱা ১৭ বছৰ ধৰি আগ্ৰাত আছো। কিছুমান মানুহে মোৰ ঘৰৰ ওপৰত ১৭ বছৰ ধৰিয়েই অত্যাচাৰ কৰি আছে। মই বহুত সমস্যাত পৰিছো, কষ্টত আছো। মই ইয়াৰ বিষয়ে বহু বাৰ আৰক্ষীৰ ওপৰত এজাহাৰ দাখিল কৰিছো কিন্তু আৰক্ষীয়ে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰক্ষীয়ে বুজাবুজিৰ মাজেৰে এই সকল সমাধানৰ চেষ্টা কৰে। ১৬ ডিচেম্বৰৰ দিনা ওচৰ-চুবুৰীয়াই আমাৰ লগত কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰে। মই পুনৰ আৰক্ষীক এজাহাৰ দিছিলো কিন্তু আৰক্ষীয়ে ওলোটাই আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।
বদৰে লগতে কয় যে, পুনৰ ১৮ ডিচেম্বৰত চুবুৰীয়াই আমাৰ সতে কাজিয়া কৰে। সমগ্ৰ অঞ্চলটোৰ লোকে আমাৰ সৈতে কাজিয়া কৰে। তেওঁলোকে গম পাইছিল যে আমি ইছলাম ধৰ্ম ত্যাগ কৰিবলৈ ওলাইছো। সেইবাবে বহুবাৰ তেওঁলোকে আমাৰ ওপৰত আক্ৰমণো কৰিছে। সেইবাবে আমি সেই নিশাৰ ভিতৰে ঘৰ এৰিবলৈ বাধ্য হৈছিলো আৰু তেতিয়াৰ পৰাই আমি যত তত ঘূৰি আছো।
জানিব পৰা মতে, এই পৰিয়ালটো মূলত আগ্ৰাৰ কুবেৰপুৰৰ বাসিন্দা। ইয়াৰ পূৰ্বে আৰ্শদৰ এটা ভিডিঅ’ পোহৰলৈ আহিছিল। এই ভিডিঅটো’ত তেওঁ কৈছিল যে পিতৃৰ সৈতে মিলি ৫ মহিলাক হত্যা কৰিছে। ভিডিঅ’টোত আটাইকেইগৰাকী মহিলাৰ মৃতদেহ দেখা গৈছে। এই ভিডিঅটোত পুত্ৰইও পিতৃৰ দৰে একে কথা কৈছে।
অভিযোগ অনুসৰি বিগত ১৫ দিন ধৰি এই পৰিয়ালটো প্ৰথমে আজমেল শ্বৰীফ গৈছিল। পৰৱৰ্তী সময়ত ৩০ ডিচেম্বৰত তেওঁলোকে পুনৰ লক্ষ্ণৌলৈ যায় আৰু ৩১ ডিচেম্বৰত পিতা-পুত্ৰই ঘৰৰ বাকী কেইগৰাকী সদস্যক পাৰ্টীৰ নামত সুৰাপান কৰোৱায়। আটাইকেইগৰাকী মহিলা সুৰামত্ত অৱস্থাত থকাৰ সময়তে আৰ্শদে আটাইকেইগৰাকীক হত্যা কৰে।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰ্শদক গ্ৰেপ্তাৰ কৰিছে যদিও বদৰ এতিয়ালৈকে পলাতক অৱস্থাত আছে। অৰ্শদে জনোৱা অনুসৰি, তেওঁলোকৰ অঞ্চলৰ লোকসকলে তেওঁৰ ভগ্নী কেইজনীক বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। সেইবাবে আটাইকেইগৰাকীক মুক্তি দিয়ে। ইয়াৰোপৰি তেওঁ কয় যে, ঘটনাৰ পাছত তেওঁৰো আত্মহত্যা কৰাৰ কথা আছিল আৰু পিতৃও আত্মহত্যা কৰিবলৈ গৈছে।
স্থানীয়লোকে জনোৱা অনুসৰি সমগ্ৰ পৰিয়ালটো কিছু পৃথক আছিল। কাৰো লগত তেওঁলোকে ভালদৰে কথা বতৰা পতা নাছিল। অৰ্শদেও বিভিন্নজনৰ লগত কাজিয়া কৰিছিল। গাঁৱৰ কোনোলোকৰ সৈতে তেওঁলোকৰ অহা যোৱা নাছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।