শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্ৰমিকলৈ আহিল ৩১৪ কোটি টকাৰ আয়কৰ জাননীঃ তদন্তত পোহৰলৈ এনে কাণ্ড, চকু কপালত উঠিছে প্ৰশাসনৰ

দিন হাজিৰা কৰা চন্দ্ৰশেখৰে বাস কৰে এটা ভাড়াঘৰত। প্ৰতিদিনে কঠোৰ পৰিশ্ৰমৰ মজুৰি হিচাপে তেওঁ লাভ কৰে ২০০ৰ পৰা ৩০০ টকা। এনে পৰিস্থিতিত ৩১৪ কোটি ৭৯ লাখ টকাৰ কৰ জাননী লাভ কৰাত স্তম্ভিত হৈ পৰে চন্দ্ৰশেখৰ।

শ্ৰমিকলৈ আহিল ৩১৪ কোটি টকাৰ আয়কৰ জাননীঃ তদন্তত পোহৰলৈ এনে কাণ্ড, চকু কপালত উঠিছে প্ৰশাসনৰ
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Updated On: 10 Apr 2025 21:45 PM

দৈনিক পৰিশ্ৰম কৰি পেটে-ভাতে খাই থকা এগৰাকী সাধাৰণ শ্ৰমিক। হঠাতে শ্ৰমিকজনে লাভ কৰিলে ৩১৪ কোটিতকৈ অধিক টকাৰ আয়কৰ জাননী। এই জাননী লাভ কৰি হতভম্ব হৈ পৰে শ্ৰমিকজন। ইফালে তদন্তত নামিল আয়কৰ বিভাগ আৰু তদন্তত যি তথ্য পোহৰলৈ আহিল, সেই তথ্যই এতিয়া চকু কপালত তুলিছে সকলোৰে। এই ঘটনা মধ্যপ্ৰদেশৰ বেতুল জিলাৰ। পিছে জিলাখনৰ এগৰাকী বাসিন্দালৈ এই জাননী জাৰি কৰিছে মহাৰাষ্ট্ৰৰ আয়কৰ বিভাগে। আয়কৰ বিভাগৰ জাননীৰ সন্মুখীন হোৱা শ্ৰমিকজনৰ নাম চন্দ্ৰশেখৰ পণ্ডিত ৰাও কোহাড়।

দিন হাজিৰা কৰা চন্দ্ৰশেখৰে বাস কৰে এটা ভাড়াঘৰত। প্ৰতিদিনে কঠোৰ পৰিশ্ৰমৰ মজুৰি হিচাপে তেওঁ লাভ কৰে ২০০ৰ পৰা ৩০০ টকা। এনে পৰিস্থিতিত ৩১৪ কোটি ৭৯ লাখ টকাৰ কৰ জাননী লাভ কৰাত স্তম্ভিত হৈ পৰে চন্দ্ৰশেখৰ। প্ৰশাসনে এই বিষয়ে তথ্য লাভ কৰাৰ পিছতে চন্দ্ৰশেখৰৰ সন্ধান উলিয়াবলৈ আৰম্ভ কৰিলে। কেইবাদিন ধৰি বিচাৰ-খোৰাৰ কৰাৰ পিছত প্ৰশাসনে চন্দ্ৰশেখৰৰ সন্ধান লাভ কৰে আৰু তাৰ পিছতে তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তত দেখা গ’ল যে চন্দ্ৰশেখৰে প্ৰায় চাৰি বছৰ পূৰ্বে নাগপুৰৰ বেংকত এটা কাৰেণ্ট একাউণ্ট খুলিছিল। কোনো দুষ্ট চক্ৰই একেটা একাউণ্টৰ অপব্যৱহাৰ কৰি বৃহৎ আৰ্থিক লেনদেন কৰে আৰু ইয়াৰ ফলতে এতিয়া দিন হাজিৰা কৰা চন্দ্ৰশেখৰলৈ এই কৰ জাননী জাৰি কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। তথ্য অনুসৰি সেই বেংক একাউণ্টৰ পৰাই কোটি কোটি টকাৰ লেনদেন হৈছিল আৰু হয়তো চন্দ্ৰশেখৰ এই বিষয়ত সম্পূৰ্ণ অজ্ঞাতে আছিল।

সম্প্ৰতি চন্দ্ৰশেখৰে এই বিষয়ত আইনী পৰামৰ্শ গ্ৰহণ কৰি নিজৰ স্থিতি স্পষ্ট কৰাৰ উদ্দেশ্যে আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে। এই সন্দৰ্ভত চন্দ্ৰশেখৰে কয়, “ইমান বৃহৎ পৰিমাণৰ জাননী পোৱাটো মোৰ বাবে দুঃস্বপ্নতকৈ কম নহয়। ইমান টকা মই কেতিয়াও দেখা নাছিলো বা উপাৰ্জন কৰা নাছিলো। এতিয়া মানসিক চাপৰ বাবে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু মোৰ পত্নীও অসুস্থ হৈ পৰিছে। মই মাত্ৰ বিচাৰো সত্য ওলাই আহক আৰু মই ন্যায় পাওঁ।”

এই সন্দৰ্ভত এগৰাকী উচ্চপদস্থ প্ৰশাসনিক বিষয়াই জানিবলৈ দিয়া মতে প্ৰশাসনে ইতিমধ্যে সমগ্ৰ বিষয়ৰ প্ৰতিবেদন আয়কৰ বিভাগলৈ আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰিছে। এই প্ৰতিবেদন অনুসৰি প্ৰশাসনৰ পৰা চন্দ্ৰশেখৰে ইতিমধ্যেই নিৰ্দোষী প্ৰমাণিত হোৱা বুলিব পাৰি। এতিয়া পৰৱৰ্তী সময়ত এই গোচৰত আয়কৰ বিভাগৰ তদন্তত কি তথ্য পোহৰলৈ আহে, সেয়া হ’ব লক্ষণীয়।