শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজৱ কাণ্ড! বন্ধুৰ সৈতে মিলি চাকৰিৰ প্ৰলোভনেৰে পতিৰ পৰা ৩৮ লাখ টকা লুণ্ঠন পত্নীৰ

সাধাৰণতে আপোন লোকৰ পৰা প্ৰতাৰণাৰ আশা নকৰে কোনো লোকে। পিছে এগৰাকী ব্যক্তিৰ জীৱনলৈ আহিল তেনে এক অনাকাংক্ষিত পৰিস্থিতিয়েই। নিজ জীৱনসংগীৰ পৰাই চৰম প্ৰতাৰণাৰ বলি হৈছে এইগৰাকী ব্যক্তি। পত্নীয়ে বন্ধুৰ সৈতে মিলি চাকৰিৰ প্ৰলোভন দেখুৱাই এই ব্যক্তিজনৰ পৰা লুণ্ঠন চলালে ৩৮ লাখ টকা।

আজৱ কাণ্ড! বন্ধুৰ সৈতে মিলি চাকৰিৰ প্ৰলোভনেৰে পতিৰ পৰা ৩৮ লাখ টকা লুণ্ঠন পত্নীৰ
পত্নীৰ প্ৰতাৰণাৰ জালত স্বামী!
monjit-dutta
Monjit Dutta | Published: 20 Feb 2025 21:03 PM

সকলো লোকেই জীৱনত কোনোবা নহয় কোনোবা সময়ত প্ৰতাৰণাৰ বলি হয়। সাধাৰণতে আপোন লোকৰ পৰা প্ৰতাৰণাৰ আশা নকৰে কোনো লোকে। পিছে এগৰাকী ব্যক্তিৰ জীৱনলৈ আহিল তেনে এক অনাকাংক্ষিত পৰিস্থিতিয়েই। নিজ জীৱনসংগীৰ পৰাই চৰম প্ৰতাৰণাৰ বলি হৈছে এইগৰাকী ব্যক্তি। পত্নীয়ে বন্ধুৰ সৈতে মিলি চাকৰিৰ প্ৰলোভন দেখুৱাই এই ব্যক্তিজনৰ পৰা লুণ্ঠন চলালে ৩৮ লাখ টকা। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰ জিলাত। এতিয়া হতভগা স্বামীয়ে অভিযুক্ত পত্নী আৰু তেওঁৰ বন্ধুৰ বিপক্ষে থানাত তৰিছে গোচৰ।

ঘটনা সন্দৰ্ভত স্থানীয় মদন মহল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ ধুৰ্বেই জানিবলৈ দিয়া মতে, ভুক্তভোগী লোকজনৰ নাম আদিত্য মিশ্ৰ। ২০২১ চনত নৰসিংপুৰৰ পূজা মিশ্ৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰাইট টাউনৰ বাসিন্দা আদিত্য মিশ্ৰ। জীৱিকাৰ ক্ষেত্ৰত মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল আছিল আদিত্যৰ পৰিয়াল। শিক্ষা সমাপ্ত কৰাৰ পিছত বহু চেষ্টা কৰিও আদিত্যই চৰকাৰী চাকৰি লাভ কৰা নাছিল।

বিয়াৰ পিছত পত্নীৰ বন্ধু আকাশ মিশ্ৰই আদিত্যক ঠিকাভিত্তিক দ্বিতীয় বৰ্গৰ এটা চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ আশ্বাস প্ৰদান কৰে। আকাশে এই চাকৰিটোৰ বাবে আদিত্যৰ পৰা যাৱতীয় নথি-পত্ৰৰ লগতে বিপুল পৰিমাণৰ ধন দাবী কৰে। পত্নীৰ পৰাও এই বিষয়ত আশ্বাস লাভ কৰাৰ বাবে আদিত্যই আকাশক বিশ্বাসত লৈছিল আৰু পত্নীৰ হাতত তুলি দিয়ে উপাৰ্জিত ধনৰ লগতে লাখ লাখ টকাৰ গহনা।

এইদৰে বিয়াৰ পিছত এতিয়ালৈকে চাৰি বছৰত আদিত্যই পত্নী আৰু আকাশৰ একাউণ্টলৈ মুঠ ৩৮ লাখ টকা ট্ৰেন্সফাৰ কৰে। এই সকলো টকা আকাশৰ বেংক একাউণ্টত জমা হৈছিল। পিছে বহু সময় পাৰ হৈ যোৱাৰ পিছতো আদিত্যই লাভ কৰা নাছিল কোনো চাকৰি। লগতে পত্নী আৰু আকাশক দিয়া টকাৰো কোনো হিচাপ নাপালে। এনে পৰিস্থিতিত আদিত্যই আকাশক সকলো টকা ঘূৰাই দিবলৈ আহ্বান জনায়।

কিন্তু বাৰে বাৰে আহ্বান কৰাৰ পিছতো আকাশে টকাখিনি ইতিমধ্যে খৰছ হৈ গৈছে আৰু ৰাই দিয়া সম্ভৱ নহয় বুলি কৈ আদিত্যৰ পৰা আঁতৰি থকাৰহে চেষ্টা চলায়। এনে স্থিতিত টকাখিনি হেৰুওৱাৰ ভয়ত আদিত্যই মদন মহল থানাত পত্নী আৰু আকাশৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগত এজাহাৰ দাখিল কৰে। আদিত্যৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে আদিত্যৰ পত্নী আৰু বন্ধু দুয়োকে সোধা-পোছাৰ থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিছে। স্থানীয় আৰক্ষী বিষয়া প্ৰবীণ ধুৰ্বেই এই সন্দৰ্ভত সবিশেষ তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে। অভিযুক্ত আকাশ চাকৰি দিয়াৰ নামত প্ৰতাৰণাৰ জাল পেলোৱা কোনো অসাধু চক্ৰৰ অংশ নেকি, সেই সম্পৰ্কেও তদন্ত চলাইছে আৰক্ষীয়ে।