শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘বহুবাৰ বুজাইছো, কিন্তু মান্তি নহয়’, পুত্ৰৰ মৃত্যুৰ পাছত বিধৱা বোৱাৰীক বিয়াৰ প্ৰস্তাৱ শহুৰেকৰ…

পুত্ৰৰ মৃত্যুৰ পাছত পুত্ৰ-বোৱাৰীক শহুৰেকে বিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে । অতি সাহসেৰে নিজৰ শহুৰেকৰ বিৰুদ্ধে আৰক্ষীৰ সন্মুখত বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে এগৰাকী বিধৱা বোৱাৰীয়ে ।

‘বহুবাৰ বুজাইছো, কিন্তু মান্তি নহয়’, পুত্ৰৰ মৃত্যুৰ পাছত বিধৱা বোৱাৰীক বিয়াৰ প্ৰস্তাৱ শহুৰেকৰ…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 02 Feb 2025 17:06 PM

এগৰাকী বিধৱা মহিলাই নিজৰ শহুৰেকেৰ বিৰুদ্ধে আচৰিত অভিযোগ উত্থাপন কৰিছে । সমাজত প্ৰায়ে এনে অভিযোগ উত্থাপন কৰা দেখা নাযায় । কিছুদিন পূৰ্বে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছে । ইয়াৰ পাছতে পুত্ৰৰ মৃত্যুৰ পাছত পুত্ৰ-বোৱাৰীক শহুৰেকে বিয়াৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হৈছে । শহুৰেকৰ বিৰুদ্ধে থানাত গোচৰো ৰুজু কৰিছে বিধৱা মহিলাগৰাকীয়ে ।

আৰক্ষীৰ সন্মুখত মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে, শহুৰেকে তেওঁৰ ওপৰত বেয়া দৃষ্টি ৰাখি বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে। মহিয়াগৰাকীয়ে অভিযোগ কৰে যে, “শহুৰেকে তেখেতক কয়, আমাক ইজনে সিজনৰ প্ৰয়োজন আৰু বিয়া হওঁ আহাঁ।” শহুৰেকৰ এই কাৰ্যত বিৰক্তি প্ৰকাশ কৰি মহিলাগৰাকীয়ে আৰক্ষীৰ কাষ চাপে ।

জানিব পৰা মতে, মহিলাগৰাকীৰ বিয়া হৈছিল ১০ বছৰ আগতে, কিন্তু বিয়াৰ ৭ বছৰ অৰ্থাৎ তিনিবছৰ আগতে কোনো কাৰণত মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছিল। তেওঁৰ দুটা সন্তান আছে, এটাৰ বয়স ৫ বছৰ আৰু আনটোৰ বয়স ৭ বছৰ। স্বামীৰ মৃত্যুৰ পিছত শহুৰেকে বিধৱা পুত্ৰ-বোৱাৰীক নিজৰ ছোৱালীৰ দৰেই ব্যৱহাৰ কৰিছিল । কিন্তু লাহে লাহে বোৱাৰীয়েকক বেয়া দৃষ্টিৰে চাবলৈ আৰম্ভ কৰে শহুৰেকে । উল্লেখ্য যে, এই ঘটনা মধ্যপ্ৰদেশৰ ৰেৱাৰ সোণাউৰা নামেৰে এখন গাঁৱত সংঘটিত হৈছে ।

ইয়াৰ পাছতে স্থানীয় থানাত উপস্থিত হৈ শহুৰেকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে জনোৱা মতে, “মোৰ স্বামীৰ মৃত্যুৰ কেইদিনমান পিছৰে পৰা শহুৰেকে মোৰ ওপৰত বেয়া দৃষ্টি ৰাখিবলৈ ধৰিছে । তেওঁ মোকলৈ লেতেৰা মন্তব্য কৰে । তেওঁ মোক কয় যে, তোমাৰ স্বামী নাই আৰু মোৰো পত্নী নাই। গতিকে দুয়োৰে ইজনে সিজনৰ প্ৰয়োজন, বিয়া হওঁ আহাঁ।” শহুৰেকক তেওঁৰ পিতৃৰ দৰেই গণ্য কৰে বুলি উল্লেখ কৰিছে মহিলাগৰাকীয়ে ।

ইয়াৰ লগতে শহুৰেকে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য কৰাইছে বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে কয়, “মই মোৰ তেওঁক বহুবাৰ বুজাইছো, কিন্তু তেওঁ মান্তি হোৱা নাই। মোৰ ওপৰত বেয়া চকু ৰাখিবলৈ তেওঁ কোঠাবোৰৰ খিৰিকী-দুৱাৰবোৰো আঁতৰাই পেলাইছে। এইলৈ মোৰ মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিছে । সেইবাবেই মই মোৰ পৰিয়ালক লগত লৈ তেওঁ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছো ।”

ইফালে, বোৱাৰীগৰাকীৰ এই অভিযোগক মিছা আখ্যা দি শহুৰেকে কয় যে, বোৱাৰীক বিয়াৰ বাবে হেঁচা দিয়া নাই। মহিলাগৰাকীয়ে ভুৱা গোচৰ ৰুজু কৰিছে। বৰ্তমান মহিলাগৰাকীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ লগতে ৫৫ বছৰীয়া শহুৰেকক থানালৈ মাতি অনা হৈছে। ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।