দৰমহা নোপোৱাৰ ক্ষোভ, টাৱাৰত উঠিল যুৱকঃ এনে আশ্বাসৰ পিছতহে নামিলে তললৈ

কৰ্ম কৰাৰ পিছতো যদি প্ৰাপ্য ধন লাভ নকৰে, তেতিয়া স্বাভাৱিকতেই নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দিব প্ৰতিজন লোকে। মধ্যপ্ৰদেশৰ এগৰাকী যুৱকেও নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দি চৰ্চালৈ আহিছে। ৰাজ্যখনৰ ৰাজধানী ভূপালত এজন যুৱকে কৰ্মক্ষেত্ৰত প্ৰাপ্য দৰমহা লাভ নকৰাৰ বাবে ক্ষোভিত হৈ এটা টাৱাৰত আৰোহণ কৰে।

দৰমহা নোপোৱাৰ ক্ষোভ, টাৱাৰত উঠিল যুৱকঃ এনে আশ্বাসৰ পিছতহে নামিলে তললৈ

দৰমহা নাপাই টাৱাৰ বগালে যুৱকে

Published: 

10 Jan 2025 19:39 PM

উপাৰ্জনৰ বাবেই সকলোৱেই কোনো কোনো কৰ্মক্ষেত্ৰত জড়িত হয়। কিন্তু কৰ্ম কৰাৰ পিছতো যদি প্ৰাপ্য ধন লাভ নকৰে, তেতিয়া স্বাভাৱিকতেই নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দিব প্ৰতিজন লোকে। মধ্যপ্ৰদেশৰ এগৰাকী যুৱকেও নিজৰ প্ৰাপ্যৰ বাবে যুঁজ দি চৰ্চালৈ আহিছে। ৰাজ্যখনৰ ৰাজধানী ভূপালত এজন যুৱকে কৰ্মক্ষেত্ৰত প্ৰাপ্য দৰমহা লাভ নকৰাৰ বাবে ক্ষোভিত হৈ এটা টাৱাৰত আৰোহণ কৰে। যুৱকজনক টাৱাৰৰ পৰা নমাই আনিবলৈ আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয়।

প্ৰথম অৱস্থাত আৰক্ষীয়ে যুৱকজনক নমাই আনিবলৈ কেইবাটাও আশ্বাস আগবঢ়ায় যদিও তেওঁ এই আশ্বাস গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। অৱশেষত এক নিশ্চিত আশ্বাস তথ্য লাভ কৰাৰ পিছতহে যুৱকজন তললৈ নামি আহে। তথ্য অনুসৰি, যুৱকজনে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসগৃ্হৰ সমীপতে এই প্ৰতিবাদ সাব্যস্ত কৰে। মুখ্যমন্ত্ৰীৰ বাসগৃ্হৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বতে অৱস্থিত এটা টাৱাৰত আৰোহণ কৰে যুৱকজনে।

প্ৰকাশিত খবৰ অনুসৰি, ভোপালৰ শ্যামালা পাহাৰত অৱস্থিত মুখ্যমন্ত্ৰী বাসভৱনৰ পৰা ১০০ মিটাৰ দূৰত্বত থকা এটা টাৱাৰত বগায় যুৱকজনে। এনে প্ৰতিবাদ সাব্যস্ত কৰা যুৱকজনে নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে আৰু সময়মতে দৰমহা নোপোৱাৰ বাবে দীৰ্ঘদিন ধৰি বিচলিত হৈ আছিল। এনে পৰিস্থিতিতে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে। অৱশ্যে আৰক্ষীৰ দীৰ্ঘসময়ৰ প্ৰচেষ্টাৰ পিছত যুৱকজন টাৱাৰৰ পৰা নামি আহিবলৈ মান্তি হয়।

নিৰাপত্তাৰক্ষী হিচাপে কাম কৰা বিনোদ নামৰ এই যুৱকজন ভোপালৰ কোতৰা চুলতানবাদৰ নয়া বাছেৰাৰ বাসিন্দা। টি টি নগৰৰ দশেৰা খেলপথাৰত অনুষ্ঠিত হোৱা ভোপাল উৎসৱ মেলাত কৰ্তব্য পালন কৰা বুলি বিনোদে জানিবলৈ দিয়ে। কিন্তু এই মেলা শেষ হোৱাৰ পিছতো যুৱকজনে দৰমহা লাভ কৰা নাছিল। কৰ্তব্যৰত নিৰাপত্তা সংস্থাটোৰ সৈতে বাৰে বাৰে আলোচনা সত্ত্বেও তেওঁক কেৱল আশ্বাসহে দিয়া হৈছিল।

দৰমহা লাভ নকৰাৰ বাবে বিচলিত হোৱাৰ বাবে যুৱকজনে হতাশাগ্ৰস্ত হৈ টাৱাৰত আৰোহণ কৰে। আৰক্ষীয়ে ভালদৰে বুজাই দিয়াৰ পিছত টাৱাৰৰ পৰা নামি আহিল যুৱকজন। এই সন্দৰ্ভত পিছত নিৰাপত্তা সংস্থাটোৰ তত্বাৱধায়কৰ সৈতে যোগাযোগ কৰা হয় আৰু তেতিয়া তেওঁক ১২ জানুৱাৰীত দৰমহা দিয়াৰ আশ্বাস প্ৰদান কৰা হয়। আৰক্ষীয়ে যুৱকজনক সঠিক বুজনি দি পৰিয়ালৰ হাতত গতাই দিয়ে।

বিশ্বৰ ৫খন দেশ, য'ত ব্যাপক ৰূপত প্ৰচলিত হয় হিন্দী ভাষা
পিতৃৰ জন্মদিন বিশেষভাবে উদযাপন কৰিলে আল্লু অৰ্জুনে, জানক সবিশেষ
শৰীৰৰ কোন অংশত তিল থাকিলে কি হয় ? জানক সবিশেষ
চকুৰ বাবে উপকাৰী গাজৰ, জানক কি কি বেমাৰত সহায় কৰে গাজৰে