Maha Kumbh Mela 2025: নিৰাপত্তা ব্যৱস্থাৰ নিৰীক্ষণৰ বাবে নিয়োগ কৰা হৈছে ২০ খন উচ্চ প্ৰযুক্তিৰ ড্ৰ’ন…
মহা কুম্ভমেলা ২০২৫ পূৰ্বেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ গঢ়ি তোলাৰ বাবে নিৰ্দেশ দিয়াৰ লগে লগে অঞ্চলটোত ২৪ ঘণ্টাই কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ২০ খন উচ্চ প্ৰযুক্তিৰ ড্ৰ’ন নিয়োগৰ ব্যৱস্থা কৰা হৈছে ।
মহা কুম্ভ মেলা ২০২৫ ৰ নিৰাপত্তা ব্যৱস্থাক অধিক গুৰুত্ব প্ৰদান কৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ গঢ়ি তোলাৰ বাবে নিৰ্দেশ দিয়াৰ লগে লগে অঞ্চলটোত ২৪ ঘণ্টাই কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ ২০ খন উচ্চ প্ৰযুক্তিৰ ড্ৰ’ন নিয়োগৰ ব্যৱস্থা কৰা হৈছে । উল্লেখ্য যে, ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহা কুম্ভ মেলা ২০২৫।
এক প্ৰেছ বিবৃতিত কোৱা হৈছে যে, উচ্চ প্ৰযুক্তিৰ ড্ৰ’নসমূহে ২৪ ঘণ্টাই চোৰাংচোৱাগিৰি কৰিব । বৃহৎ সমাৱেশৰ প্ৰতিটো দিশত নজৰ ৰাখিবৰ বাবে এই ড্ৰ’নসমূহে সহায় কৰিব বুলি উল্লেখ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । চৰকাৰী বিবৃতিত কোৱা হৈছে যে, ড্ৰ’নসমূহক সৰু সৰু গতিবিধিৰ ওপৰতো গুৰুত্ব দিব পৰাকৈ প্ৰগ্ৰেম কৰা হৈছে । ইয়াৰ ফলত সুৰক্ষা নিশ্চিত হ’ব বুলি বিবৃতিৰ জৰিয়তে আশা প্ৰকাশ কৰিছে উত্তৰ-প্ৰদেশ চৰকাৰে ।
মহা কুম্ভ মেলা ২০২৫ কলৈ যিবোৰ উন্নয়নমূলক কাম-কাজ চলি আছে সেইবোৰ তীক্ষ্ণ দৃষ্টিৰে চোৱা-চিতা কৰা হৈছে বুলি জানিব পৰা গৈছে । ড্ৰ’ন নিয়োগৰ ব্যৱস্থাৰ উল্লেখযোগ্য দিশটো হ’ল-বিশেষ ড্ৰ’নৰ ব্যৱহাৰ, যিয়ে মাত্ৰ এটা ক্লিকতে মহাকুম্ভৰ ২৫ টা খণ্ডৰ প্ৰতিটো সবিশেষৰ ওপৰত বাস্তৱ সময়ৰ আপডেট প্ৰদান কৰিব ।
মহাকুম্ভত অংশগ্ৰহণ কৰা ভক্তসকলৰ সুৰক্ষা আৰু সুবিধা সুনিশ্চিত কৰাৰ বাবে বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমগ্ৰ প্ৰয়াগৰাজলৈ অহা তীৰ্থযাত্ৰীসকলে যাতে কোনা অসুবিধাৰ সন্মুখীন নহয় তাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে । নিৰাপত্তা বৃদ্ধিৰ বাবে ইতিমধ্যে তিনিটা ড্ৰ’ন ভিত্তিক প্ৰকল্প আৰম্ভ কৰা হৈছে । ইয়াৰ ফলত মহাকুম্ভৰ প্ৰতিটো কোণত নিৰীক্ষণ নিশ্চিত কৰা হৈছে।
প্ৰয়োজন হ’লে এই বিশেষ ড্ৰ’নৰ সংখ্যা বৃদ্ধি কৰিব বুলিও সূত্ৰৰ পৰা জানিব পৰা গৈছে । তদুপৰি স্মাৰ্ট চিটি, পৌৰ নিগম, আৰক্ষী, স্বাস্থ্যসেৱা আৰু পৰিবহণকে ধৰি বিভিন্ন বিভাগে চলাই থকা সকলো নির্মাণ কাম-কাজৰ তদাৰক কৰিবলৈ এই ড্ৰ’নসমূহ নিয়োগ কৰা হৈছে। বৰ্তমান ২০খন অত্যাধুনিক ড্ৰ’ন কাৰ্যক্ষম হৈ আছে ।
ইফালে, এই কুম্ভমেলাৰ সময়ত যাত্ৰীৰ সহায় হোৱাকৈ প্ৰায় ১৩০০ ৰে’ল চলাচলৰ ব্যৱস্থা কৰিছে ভাৰতীয় ৰে’লৱেয়ে । ৰে’লৱে কৰ্তৃপক্ষই জনাইছে যে,বৰ্তমান প্ৰয়াগৰাজত ১৪০ খন ৰে’ল চলি আছে। অৱশ্যে কুম্ভমেলাৰ সময়ত ১২২৫খন বিশেষ ৰে’ল চলাচল কৰাৰ কথা ঘোষণা কৰিছে ৰে’ল বিভাগে। প্ৰয়াগৰাজত গা ধুই অযোধ্যা আৰু কাশীলৈ যাব বিচৰাসকলৰ সুবিধাৰ্থে প্ৰয়াগৰাজ, প্ৰয়াগ, অযোধ্যা, বাৰাণসী, ৰামবাগ আদি ষ্টেচনত ৰে’ল বিভাগে এই ৰে’লসমূহ ৰখোৱাৰ পৰিকল্পনা কৰিছে।
লগতে পঢ়ক : Maha Kumbh Mela 2025 : মহাকুম্ভ মেলাৰ সময়ত যাত্ৰী সুবিধাৰ্থে ১২২৫খন বিশেষ ৰে’লৰ ব্যৱস্থা ৰে’ল বিভাগৰ…