শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহাকুম্ভত পদপিষ্ট হৈ ৩০ জনৰ মৃত্যু, আহত ৬০গৰাকী! আৰক্ষীয়ে ৰাজহুৱা কৰিলে সকলো তথ্য

মঙলবাৰে নিশা ১ বজাৰ পৰা ২ বজাৰ ভিতৰত মহাকুম্ভত সংঘটিত হোৱা পদপিষ্টত ৩০ জন লোকৰ মৃত্যু হয়। আহত হৈছে ৬০ জন লোক। এই দুৰ্ঘটনা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰিছে ডিআইজি আৰু কুম্ভমেলাৰ বিষয়াসকলে ।

মহাকুম্ভত পদপিষ্ট হৈ ৩০ জনৰ মৃত্যু, আহত ৬০গৰাকী! আৰক্ষীয়ে ৰাজহুৱা কৰিলে সকলো তথ্য
মহাকুম্ভত পদপিষ্ট হৈ ৩০ জনৰ মৃত্যু!
trishna-kalita
Trishna Kalita | Updated On: 29 Jan 2025 19:24 PM

মহাকুম্ভৰ ত্ৰিবেণী সংগমতৰ পাৰত সংঘটিত পদপিষ্টৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি। আহত হৈছে ৬০ জন লোক । আহতসকলক কুম্ভ অঞ্চলৰ চেক্টৰ-২ৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। এই দুৰ্ঘটনা সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰিছে ডিআইজি আৰু কুম্ভমেলাৰ বিষয়াসকলে । ডিআইজিয়ে কয়, “আজি মহাকুম্ভ প্ৰয়াগৰাজত বিশাল জনসমাগমৰ সৃষ্টি হয়। ইয়াৰ বাবে ভাঙি পৰিছিল বেৰিকেড। তাৰ পাছত উপস্থিত জনতাই মানুহক পদপিষ্ট কৰিবলৈ আৰম্ভ কৰে। মুঠ ৯০জন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। বৰ্তমানলৈ ৩০ জনৰ মৃত্যু হৈছে।”

ডিআইজিয়ে কয়, “মহাকুম্ভত নিশা ১-২ বজাৰ ভিতৰত এই ঘটনা সংঘটিত হয়। য’ত ৯০ জন লোক আহত হৈছিল। ইয়াৰ ভিতৰত ৩০ জনৰ মৃত্যু হৈছে। মৃতসকলৰ ভিতৰত ২৫ জনক চিনাক্ত কৰা হৈছে। তেওঁলোকৰ চাৰিজন কৰ্ণাটকৰ আৰু এজন গুজৰাটৰ আছিল। বাকী ৫ জনক চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে। দুৰ্ঘটনাটোত আহত সকলৰ বিষয়ে তথ্য লাভ বাবে জাৰী কৰা হৈছে হেল্পলাইন নম্বৰ (1920)।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সাধু আৰু ভক্তসকলক অনুশাসন বজাই ৰাখিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে কয়, ভক্তসকলে ওচৰত থকা মা গংগা ঘাটত স্নান কৰিব লাগে লাগে। সংগমৰ ফালে যোৱাটো উচিত নহয়। এনে বহুতো ঘাট নিৰ্মাণ কৰা হৈছে, য’ত সহজে স্নান কৰিব পাৰি। ইয়াৰ লগতে সকলোকে উৰাবাতৰিত গুৰুত্ব নিদিবলৈ কয়।

স্বামী ৰামভদ্ৰাচাৰ্যয়ো ৰাইজক আহ্বান জনাই কয়, “মই মহাকুম্ভলৈ অহা সকলো ভক্তক অনুৰোধ জনাইছো যে প্ৰয়াগৰাজত ভিৰ আজিৰ ক্ষমতাতকৈ অধিক বৃদ্ধি পাইছে। এই সংগমলৈ যোৱাৰ জেদ এৰি আপোনাৰ ওচৰৰ ঘাটত স্নান কৰক। সকলোৱে নিজক সুৰক্ষিত ৰাখক আৰু ইজনে সিজনক সুৰক্ষা দিয়ক।

ইফালে আখাৰা পৰিষদৰ সভাপতি ৰবীন্দ্ৰ পুৰীয়ে কয় যে, বৰ্তমান প্ৰয়াগৰাজত আছে ১২ কোটিতকৈও অধিক ভক্ত। ইমান ডাঙৰ ভিৰ নিয়ন্ত্ৰণ কৰাটো কঠিন। আমাৰ লগত সাধুসকলৰ উপস্থিতি আছে। ভক্তসকলৰ সুৰক্ষা সৰ্বাধিক গুৰুত্বপূৰ্ণ। একে সময়তে যোগ গুৰু বাবা ৰামদেৱে কয় যে কোটি কোটি ভক্তৰ বিশাল ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মই  সাংকেতিক স্নান কৰিছোঁ। মই সমগ্ৰ দেশ আৰু বিশ্বৰ কল্যাণ কামনা কৰো। সকলোকে আহ্বান জনাইছো যে, অনুশাসন অনুসৰণ কৰি আৰু সতৰ্কতাৰে স্নান কৰক ।

আধ্যাত্মিক গুৰু দৈৱকীনন্দন ঠাকুৰে কয়, “মই সংগম ঘাটলৈ যোৱা নাই, কিয়নো তাত যথেষ্ট ভিৰ আছে। আজি মই হাজাৰ হাজাৰ ভক্তৰ সৈতে ভাগৱতী গংগাৰ পাৰত স্নান কৰিছোঁ। মই সকলোকে অনুৰোধ জনাও যে সংগমত ঘাটত স্নান কৰিবলৈ জেদ নকৰিব। এই সময়ত, প্ৰয়াগৰাজত য’তেই গংগা প্ৰৱাহিত হয়, তাতেই স্নান কৰক, আপুনি অমৃত লাভ কৰিব। ভালকৈ আহক, শিশুৰ যত্ন লওক। সুৰক্ষিত থাকক।