আই আই টিৰ স্নাতক অভয় সিঙে সন্যাসী হোৱাৰ পূৰ্বে কিমান দৰমহাত চাকৰি কৰিছিল জানেনে ?
অলপতে মহাকুম্ভত ভাইৰেল হৈছিল এগৰাকী বিশেষ বাবা । যাক নামকৰণ কৰা হৈছিল আইআইটিয়ান বাবা বুলি । তেওঁৰ নাম অভয় সিং । এইবাৰ আইআইটিয়ান বাবা নহয়, ভাইৰেল হৈছে তেওঁৰ মাৰ্কশ্বিট ।

চলি আছে মহাকুম্ভ । দেশ-বিদেশৰ ভক্ত আহিছে মহাকুম্ভলৈ, স্নান কৰিছে ত্ৰিবেণী সংগমত । লোকাৰণ্য হৈ পৰিছে প্ৰয়াগৰাজ । তাৰ মাজতে সাধু-সন্যাসীৰ বেশ-ভূষাই আকৰ্ষিত কৰিছে বহুতক । অলপতে মহাকুম্ভত ভাইৰেল হৈছিল এগৰাকী বিশেষ বাবা । যাক নামকৰণ কৰা হৈছিল আইআইটিয়ান বাবা বুলি । তেওঁৰ নাম অভয় সিং । সেই আইআইটিয়ান বাবাই সংবাদ মাধ্যম, সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল । এইবাৰ আইআইটিয়ান বাবা নহয়, ভাইৰেল হৈছে তেওঁৰ মাৰ্কশ্বিট ।
বিজ্ঞানৰ পৰা সন্যাস তথা আধ্যাত্মিকতালৈ যাত্ৰা কৰা অভয় সিঙৰ কাহিনী ইতিমধ্যেই বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে । বোম্বে আই আই টিৰ এৰ’স্পেছ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ অভয়ে সকলো ত্যাগ কৰি আঁকোৱালি লৈছিল গেৰুৱা বসন । বিজ্ঞান গৱেষণাৰ পথ এৰি আধ্যাত্মিক গৱেষণাত মগ্ন হৈ পৰিছিল অভয় সিং ।
আই আই টি বোম্বেৰ পৰা ২০০৮-১২ বৰ্ষত এৰ’স্পেচ ইঞ্জিনীয়াৰিং বিষয়ত বি-টেক ডিগ্ৰী গ্ৰহণ কৰিছিল অভয়ে । অৱশ্যে তেওঁৰ জেইই ৰেংক সম্পৰ্কে কোনো নিশ্চিত তথ্য লাভ কৰা নাই । কোনো কোনো প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ৭৩১ সংখ্যক স্থান লাভ কৰিছিল ২০০৮ চনত । বৰ্তমান এইগৰাকী আইআইটিয়ান বাবাৰ শৈক্ষিক প্ৰমাণপত্ৰ ভাইৰেল হৈ পৰিছে । তেওঁৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মাৰ্কশ্বীট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । য’ত দেখা গৈছে যে তেওঁ দশম শ্ৰেণীত ৯৩ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯২.৪ শতাংশ নম্বৰ লাভ কৰিছিল ।
ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত তেওঁ সন্যাস লোৱাৰ পূৰ্বে কিদৰে জীৱন কটাইছিল তাৰ বৰ্ণনা আগবঢ়াইছিল । তেওঁ উল্লেখ কৰা মতে তেওঁ প্ৰায় ৩ বছৰ ধৰি তেওঁ কানাডাত চাকৰি কৰিছিল । য’ত তেওঁক বছৰি ৩৬ লাখ টকা দৰমহা দিয়া হৈছিল । কিন্তু আশ্চৰ্যকৰভাৱে চাকৰি জীৱন ত্যাগ কৰি তেওঁ আধ্যাত্মিক দিশলৈ ধাৱমান হয় আৰু সন্যাস গ্ৰহণ কৰে ।
অভয়ে লগতে কৈছিল যে তেওঁ মাষ্টাৰ্ছ ইন ডিজাইন ডিগ্ৰীও গ্ৰহণ কৰিছিল আৰু এজন ফটোগ্ৰাফাৰ হিচাপেও কাৰ্যনিবাহ কৰিছিল । অভয়ৰ এই পৰিৱৰ্তনে তেওঁৰ বন্ধুসকলক আচৰিত কৰি তোলে । তেওঁৰ এজন বন্ধুৰ উদ্ধৃতি দি ডিএনএ নিউজে উল্লেখ কৰা মতে, তেওঁ শ্ৰেণীকোঠাত সদায় প্ৰথম হৈছিল, খ্যাতি বুটলিছিল । আইআইটিত অধ্যয়ন কৰা অভয়ে এতিয়া সন্যাসীৰ জীৱন আঁকোৱালি ল’লে । সিঙৰ সিদ্ধান্তক বয়সৰ খেলিমেলিৰ বাবে হোৱা বুলি বন্ধুজনে ধাৰণা কৰিছে ।