মহাকুম্ভই ৰচিলে ইতিহাস! ৪৫ দিনত পবিত্ৰ স্নান কৰিলে প্ৰায় ৬৭ কোটি ভক্তই
মহাশিৱৰাত্ৰিৰ দিনটোত সামৰণি পৰিল প্ৰয়াগৰাজত আয়োজিত মহাকুম্ভ ২০২৫ৰ স্নান পৰ্ব। ৪৫ দিন ধৰি চলা এই মহামেলাত এই পৰ্যন্ত পবিত্ৰ স্নান কৰিছে ৬৬ কোটি ৩০ লাখ লোকে। আজি বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মহাকুম্ভৰ সামৰণি ঘোষণা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

মহাকুম্ভত পবিত্ৰ স্নান
উত্তৰ প্ৰদেশৰ সাংস্কৃতিক ৰাজধানী প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ স্নানেৰে সামৰণি পৰে । এই উপলক্ষে বায়ুসেনাই মহাকুম্ভ আৰু ইয়ালৈ অহা ভক্তসকলক প্ৰদান কৰে ‘মহা চেলুট’ । ভাৰতীয় বায়ুসেনাৰ সুখয় যুদ্ধ বিমানে এই সামৰণি অনুষ্ঠানক স্মৰণীয় কৰি তোলে। এই সময়ছোৱাত মহাকুম্ভক বিদায় জনাওতে আৱেগিক হৈ পৰে সকলো ভক্ত।
৪৫ দিন ধৰি আয়োজিত এই মহাকুম্ভত কেৱল মহাশিৱৰাত্ৰিৰ দিনটোতে ১ কোটি ৫৩ লাখ ভক্তই স্নান কৰে। মহাকুম্ভ মেলাৰ সামৰণি উপলক্ষে মেলা প্ৰশাসনে ১২০ কুইণ্টল গোলাপৰ বৰষুণ কৰে। এই উপলক্ষে সকলো সনাতনীক অভিনন্দন জ্ঞাপন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
মহাকুম্ভত পুষ্পবৃষ্টি
৫০ খনতকৈও অধিক দেশৰ ভক্তৰ আগমন
উল্লেখ্য যে, মহাশিৱৰাত্ৰিত স্নান কৰিবলৈ দুদিন আগৰ পৰাই মহাকুম্ভত জনসমাগম আৰম্ভ হৈছিল। ৰাতিপুৱা ৩:৩০ বজাৰ পৰাই মানুহে স্নান কৰা আৰম্ভ কৰে। এই উপলক্ষে মেলা প্ৰশাসনে ভক্তসকলৰ ওপৰত আটাইকেইটা ঘাটতে পুষ্প বৰষুণ কৰে। প্ৰতিবেদন অনুসৰি নেপাল, ভূটানৰ বাহিৰেও আমেৰিকা, ইংলেণ্ড, জাপানকে ধৰি ৫০খনতকৈও অধিক দেশৰ লোক মহাকম্ভত পবিত্ৰ স্নান কৰিবলৈ আহিছিল।
ইফালে আজি বৃহস্পতিবাৰে প্ৰয়াগৰাজত উপস্থিত হৈ মহাকুম্ভৰ সামৰণি ঘোষণা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে পুনৰবাৰ দাবী জনাইছে যে মহাকুম্ভ মেলা এমাহ বৃদ্ধি কৰিব লাগে, কাৰণ এতিয়াও বৃহৎ সংখ্যক লোক প্ৰয়াগৰাজলৈ আহি আছে। অখিলেশ যাদৱে কয় যে, ২০১৩ চনত এছ পি চৰকাৰৰ অধীনত আয়োজন কৰা কুম্ভৰ শলাগ লৈছে হাৱাৰ্ড বিশ্ববিদ্যালয়েও। অৱশ্যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে স্পষ্ট কৰি দিছে যে মহাকুম্ভ আছিল ৪৫ দিনীয়া অনুষ্ঠান, যিটো মহাশিৱৰাত্ৰিৰ স্নান উৎসৱৰ সৈতে সামৰণি পৰে। তেওঁ কয় যে, ৬৬ কোটি ৩০ লাখ লোকে সংগমত পবিত্ৰ স্নান কৰিছে, সকলোকে ধন্যবাদ জনাইছো।
এইবাৰ মহাকুম্ভত ২০ লাখৰো অধিক লোকে কল্পবাস প্ৰদৰ্শন কৰে। পুহৰ পূৰ্ণিমাৰ আগতেই সকলো কল্পবাসীয়ে মহাকুম্ভত উপস্থিত হৈ সকলো নিয়ম-নীতি পালন কৰি মৌনি অমৱস্যলৈকে সংগমৰ বালিত থাকে। এই সময়ছোৱাত বেছিভাগ সময় ভজন, কীৰ্তন আৰু ধ্যানতে কটায়। মৌনি অমৱস্যাৰ দিনাই কল্পবাসীসকলৰ নিজ নিজ ঘৰলৈ উভতি গৈছিল। তেওঁলোকৰ লগতে ঋষি-সাধুৰ ১৩ আখৰাৰ আটাইকেইজনো মৌনি অমৱস্যাত স্নান কৰি মহাকুম্ভক বিদায় জনায়।
মহাশিৱৰাত্ৰিৰ দিনা প্ৰসাদ লৈ ভক্তসকল
বৃহৎ জনসমাগমৰ পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশ চৰকাৰে মহাকুম্ভ মেলাত নিৰাপত্তাৰ বাবে বিশদ ব্যৱস্থা কৰিছিল। এই কাৰণেই যে মেলা চৌহদত বিক্ষিপ্তভাৱে হোৱা পদপিষ্টৰ ঘটনাৰ বাহিৰেও কোনো ডাঙৰ ঘটনা সংঘটিত হোৱা নাই। ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে মেলাত ৰাজ্যৰ সকলো আই এ এছ, আই পি এছ, পি চি এছ আৰু পি পি এছ বিষয়াক কৰ্তব্যত নিয়োগ কৰিছিল। দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তক মেলালৈ আনি স্নান কৰি ঘৰলৈ লৈ যোৱাৰ বাবে বিশেষ ৰে’ল-বাছৰো ব্যৱস্থা কৰা হৈছিল।