শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৬ বন্ধুৰ সৈতে পবিত্ৰ স্নান কৰিব গৈছিল মহাকুম্ভলৈ! মৃতদেহ হৈ ঘূৰি আহিল ঘৰলৈ

Mahakumbh 2025: মহাকুম্ভত পবিত্ৰ স্নান কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে এজন যুৱকে। জানিব পৰা মতে, যুৱকজনে ৬ বন্ধুৰ সৈতে মহাকুম্ভলৈ গৈছিল আৰু তাতে তেওঁৰ মৃত্যু হয়।

৬ বন্ধুৰ সৈতে পবিত্ৰ স্নান কৰিব গৈছিল মহাকুম্ভলৈ! মৃতদেহ হৈ ঘূৰি আহিল ঘৰলৈ
মহাকুম্ভImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 30 Jan 2025 14:31 PM

মহাকুম্ভৰ পবিত্ৰ ক্ষণৰ মাজতে  ২৯ জানুৱাৰীত সংঘটিত হয় এক শোকাবহ ঘটনা। মহাকুম্ভত স্নান কৰিবলৈ গৈ ভিৰৰ মাজত পদপিষ্ট হৈ ৩০জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৯০ জন আহত হয়। এই ঘটনাৰ সময়ত বহুতে আপোনজনক হেৰুয়ায়। কোনোৱে যদি বন্ধুক হেৰুৱাইছে, কোনোৱে স্বামী, পত্নী বা আত্মীয়ৰ শোকত ভাগি পৰিছে। এই মহাকুম্ভত মধ্যপ্ৰদেশৰ পৰা অহা এজন যুৱকৰো মৃত্যু হয়। এই যুৱকজন  পবিত্ৰ স্নান কৰিবলৈ ৬ বন্ধুৰ সৈতে মহাকুম্ভত উপস্থিত হৈছিল।

জানিব পৰা মতে,মৌনি অমৱস্যা স্নান কৰাৰ পিছত গোৱালিয়াৰ জিলাৰ পৰা ৩জনৰ নিৰুদ্দেশৰ খবৰ আহিছিল। তাৰ পাছতেই বুধবাৰে কামত বাঘেল নামৰ যুৱকজনৰ মৃত্যুৰ খবৰ প্ৰকাশ পায়।  মহাকুম্ভৰ পদপিষ্ট ঘটনাৰ সময়তে গোৱালিয়াৰ জিলাৰ ডাবৰা অঞ্চলৰ টেকানপুৰৰ যুৱত কামত বাঘেলে ।

জানিব পৰা মতে, তেওঁ নিজৰ বাহনেৰে ৬ বন্ধুৰ সৈতে মহাকুম্ভলৈ গৈছিল কামতা  আৰু চিনাকী  লোক এজনৰ শিবিৰত আছিল। কামতৰ বন্ধুসকলে কয় যে, যুৱকজনে সংগমত গা ধুবলৈ শিবিৰৰ পৰা বাহিৰলৈ ওলাই গৈছিল  আৰু তেতিয়াই তেওঁ অজ্ঞান হৈ মাটিত পৰি যায়। পৰৱৰ্তী সময়ত যুৱকজনে মৃত্যুৱ সাৱতি লয়।

আন একাংশৰ মতে ভিৰৰ মাজত কামত অজ্ঞান হৈ মৃত্যুক সাৱতি লৈছিল। গতিকে কামতৰ মৃত্যু কেনেকৈ হ’ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। কামতৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত জানিব পৰা যাব কেনেকৈ মৃত্যু ‘হল কামতৰ। কামতৰ মৃত্যুৰ তদন্ত কৰিবলৈ দাবী জনাইছে পৰিয়ালৰলোকে।

মঙলবাৰ- বুধবাৰৰ নিশা পবিত্ৰ স্নানৰ সময়ত বৃহৎ সংখ্যক ভক্তই সংগম পাৰত উপস্থিত হৈছিল। এই সময়ত ভক্তসকলৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু পদপিষ্ট হৈ বহুলোকে প্ৰাণ হেৰুয়ায়। পৰৱৰ্তী সময়ত আৰক্ষী তথা প্ৰশাসনে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।  উল্লেখ্য যে,  কালি মৌনি অমাৱস্যা আছিল আৰু হিন্দু ধৰ্মত এই অমাৱস্যাৰ বিশেষ মহত্ব আছে। যাৰ বাবে ত্ৰিবেণী সংগমত স্নান কৰিবলৈ কোটি কোটি লোকে ভিৰ কৰিছিল।

এই ঘটনাৰ ওপৰত শোক ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি বিভিন্নজনে।  তথ্য অনুসৰি মহাকুম্ভৰ পদপিষ্ট ঘটনাত অসমৰো এজন ভক্তই মৃত্যুক সাৱতি লৈছে।

 

 

অন্য খবৰ পঢ়কঃ মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ ২০জনৰ মৃত্যু! প্ৰায় ৩০জনৰো অধিক ভক্তক হাস্পাতালত ভৰ্তি