মহাকুম্ভৰ ভয়ংকৰ তথ্য! পুনৰ পদপিষ্ট হৈ ৭জনৰ মৃত্যুৰ দাবী…

কিছুদিন পূৰ্বে মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ প্ৰায় ৩০ জনলোকে প্ৰাণ হেৰুওৱাৰ লগতে ৬০ জন আহত হৈছিল। শেহতীয়াকৈ পুনৰ এনে এক ঘটনা সংঘটিত হোৱাৰ দাবী উত্থাপন হৈছে।

মহাকুম্ভৰ ভয়ংকৰ তথ্য! পুনৰ পদপিষ্ট হৈ ৭জনৰ মৃত্যুৰ দাবী...

মহাকুম্ভ

Published: 

04 Feb 2025 15:50 PM

মৌনি অমাৱস্যাৰ দিনা মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ কেইবাজনলোকে প্ৰাণ হেৰুৱাইছিল, লগতে আহত হৈছিল বহুতো। দাবী অনুসৰি, এনে ঘটনা দুটাকৈ স্থানত সংঘটিত হৈছিল। কিন্তু শেহতীয়াকৈ মহাকুম্ভক লৈ আন এক খবৰ পোহৰলৈ আহে। দাবী অনুসৰি মহাকুম্ভত তিনিবাৰকৈ পদপিষ্টৰ ঘটনা সংঘটিত হয়। এই তৃতীয়টো ঘটনা ২১ সংগম লোৱাৰ মাৰ্গত সংঘটিত হৈছে। এই ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে, ২৯ জানুৱাৰীত এই তৃতীয়টো ঘটনা সংঘটিত হৈছে।

এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে টিভি-৯ ডিজিটেলক মহাকুম্ভত ৩ টাকৈ পদপিষ্টৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰে। এই সন্দৰ্ভত তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই দাবীৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সঁচাকৈ মহাকুম্ভৰ প্ৰকৃত তথ্য় প্ৰশাসনে লুকুৱাই ৰাখিছে নেকি?  প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ২১ নং ছেক্টৰত ৫ৰ পৰা ৭জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে। যি সময়ত এই ঘটনা সংঘটিত হৈছিল সেই সময়ত উক্ত স্থানত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত নাছিল।

২১ নং ছেক্টৰত সংঘটিত হোৱা ভয়াবহ ঘটনাৰ ভিডিঅ’টো প্ৰত্যক্ষদৰ্শীয়ে নিজে লৈছিল। য’ত বহু মানুহক মাটিত মৃত অৱস্থাত পৰি থকা দেখা যায় । অৱশ্যে ভিডিঅ’টোত দেখুওৱা ঠাইখিনি পৰিদৰ্শন কৰাৰ সময়ত কোনো মৃতদেহ দেখিবলৈ পোৱা নগ’ল। কিন্তু তাত উপস্থিত হোৱাৰ লগে লগে আৰু বহু প্ৰত্যক্ষদৰ্শীয়ে এই ঘটনাৰ নিশ্চিয়তা প্ৰদান কৰিছে।

মৌনি অমাৱস্যাৰ দিনা সংঘটিত ঘটনাক লৈ চৰকাৰ তথা প্ৰশাসনে যি তথ্য প্ৰকাশ কৰিছে তাকলৈও বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰিছে।  মৌনি অমাৱস্যাৰ দিনা মহাকুম্ভত পদপিষ্ট হৈ ৩০ জনলোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৬০ জন আহত হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে দ্বিতীয়টো ঘটনা ভগদঢ়ঝুচীত হৈছিল আৰু তৃতীয়টো ঘটনা সংঘটিত হৈছিল ২১ সংগম লোৱাৰ মাৰ্গত। অৱশ্যে এই বাকী দুটা ঘটনা সন্দৰ্ভত এতিয়ালৈকে আৰক্ষী তথা প্ৰশাসনে কোনো তথ্য জাৰি কৰা নাই।

উল্লেখ্য যে, মৌনি অমাৱস্যাৰ দিন মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ ২৫ লাখকৈ আৰ্থিক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছিল। লগতে এই ঘটনাৰ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছিল। কিন্তু মৌনি অমাৱস্যাৰ দিনা সংঘটিত এই ঘটনাক সহজভাৱে লোৱা নাই বিৰোধী দলে। একাংশ বিৰোধী দলৰ নেতাৰ মতে, মৌনি অমাৱস্যাৰ দিনা বহু সংখ্যকলোকৰ মৃত্যু হৈছিল কিন্তু সেই তথ্য চৰকাৰে প্ৰকাশ কৰা নাই। মৃত্যুৰ সংখ্যা ৩০ তকৈ বহুত বেছি। এই ঘটনাই এতিয়াও দেশৰ ৰাজনীতি গৰম কৰি ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ মহাকুম্ভৰ ভিৰত পদপিষ্ট হৈ ২০জনৰ মৃত্যু! প্ৰায় ৩০জনৰো অধিক ভক্তক হাস্পাতালত ভৰ্তি

চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে
সকলোৰে প্ৰিয় মাখানাৰ উপকাৰিতাৰ বিষয়ে জানেনে?