মহিলা নাগা সন্ন্যাসীয়ে কাপোৰ পৰিধান কৰিব পাৰেনে? জানক কিছু নজনা কথা…

Mahakumbh mela 2025: আজিৰ পৰা প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা। প্ৰথম দিনটোত প্ৰায় ১ কোটি লোকে মহাকুম্ভত স্নান কৰাৰ সম্ভাৱনা আছে। বৰ্তমানলৈ ৬০ লাখৰো অধিক ভক্তই প্ৰথম স্নান কৰিছে।

মহিলা নাগা সন্ন্যাসীয়ে কাপোৰ পৰিধান কৰিব পাৰেনে? জানক কিছু নজনা কথা...

মহাকুম্ভ মেলা ২০২৫

Published: 

13 Jan 2025 12:09 PM

আজিৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰম্ভ হৈছে মহাকুম্ভ মেলা(mahakumbh mela)। প্ৰথম ‘অমৃত স্নান’ৰ বাবে ভক্তৰ পৰা সাধু- সন্ন্যাসীলৈ বিভিন্নজনে ভিৰ কৰিছে প্ৰয়াগৰাজত। ইয়াৰ ভিতৰত আছে নাগা সাধু। আপোনালোকে নিশ্চয় নাগা সাধুৰ বিষয়ে শুনিছে। কিন্তু মহিলা নাগা সাধুৰ বিষয়ে জানেনে? মহিলা নাগা সাধুসকলে কেনেদৰে থাকে বা তেওঁলোকৰ লগত জড়িত বহু তথ্য আজি এই লেখাটোত উল্লেখ কৰা হৈছে।

নাগা সাধুৰ বহুতেই বস্ত্ৰ পৰিধান কৰে আৰু বহুতে দিগম্বৰ, অৰ্থাৎ বস্ত্ৰবিহীন। কিন্তু, যেতিয়া নাৰীয়ে সন্যাসত দীক্ষা লয় তেতিয়া তেওঁলোককো নাগা সাধুলৈ ৰূপান্তৰিত কৰা হয়।মহিলা নাগা সাধুসকলে কাপোৰ পৰিধান কৰে। মহিলাসকলে কপালত তিলক লগায়। অৱশ্যে মাত্ৰ এটুকুৰা কাপোৰহে মহিলা নাগা সাধুসকলে পৰিধান কৰিব পাৰে। এই কাপোৰ গেৰুৱা ৰঙৰ।

মহিলা নাগা সাধুই কি পিন্ধে

মহিলা নাগা সাধুই গন্টী নামৰ চিলাই নোহোৱা কাপোৰ পিন্ধে। নিয়ম অনুসৰি নাগা সাধু হোৱাৰ আগতে এগৰাকী মহিলাই ৬ ৰ পৰা ১২ বছৰলৈ বৈবাহিক জীৱন কটাব লাগে। যেতিয়া নাৰীয়ে বৈবাহিক জীৱন সম্পূৰ্ণ কৰে তেতিয়া নাৰী গুৰুৱে তেওঁলোকক নাগা সাধু হোৱাৰ অনুমতি প্ৰদান কৰে।

পিণ্ডদান

নাগা সাধু হোৱাৰ বাবে মহিলাসকলে এয়া প্ৰমাণ কৰিব লাগে যে তেওঁলোক ভগৱানৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান আৰু তেওঁলোকৰ সংসাৰৰ প্ৰতি কোনো মোহ মায়া নাই। মহিলা সাধুই নিজৰে পিণ্ডদান কৰিব লাগে আৰু আগৰ জীৱনক সম্পূৰ্ণ ত্যাগ কৰিব লাগে। আখৰাৰ সৰ্বোচ্চ বিষয়া আচাৰ্য মহামণ্ডলেশ্বৰে নাৰীক নাগা সাধু কৰাৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। মহিলা নাগা সাধুসকলে ভোৰভোৰাই নদীত স্নান কৰে। ইয়াৰ পিছত তেওঁলোকে ধ্যান আৰম্ভ কৰে। আৱধুতনি মায়ে গোটেই দিনটো ভগৱানৰ নাম জপ কৰে।পুৱা সাৰ পাই শিৱক পূজা কৰে আৰু সন্ধিয়া ভগৱান দত্তত্ৰেয়ক পূজা কৰে।

উল্লেখ্য যে, আজি অৰ্থাৎ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে মহাকুম্ভ মেলা আৰু ইয়াৰ সামৰণি পৰিব ২৬ ফেব্ৰুৱাৰী, ২০২৫ ত। মহাকুম্ভ মেলা কেৱল মাত্ৰ প্ৰয়াগৰাজতেই অনুষ্ঠিত হয়। ১৪৪ বছৰ পাছত এই মহাকুম্ভ মেলা অনুষ্ঠিত হৈছে। আজি পূৰ্ণিমা তিথিৰ পুৱা ৫.০৩ বজাৰ পৰা স্নান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ১৪ জানুৱাৰীৰ বিয়লি ৩.৫৬ বজাত প্ৰথম স্নানৰ সময় শেষ হ’ব। উল্লেখ্য যে, মহাকুম্ভ মেলাত বিশ্বৰ প্ৰায় ২০ খনতকৈ অধিক দেশৰ ভক্তই অংশ গ্ৰহণ কৰিব। আজি প্ৰথম দিনটোতে প্ৰায় ১ কোটি লোকে স্নান কৰাৰ সম্ভাৱনা আছে। পুৱাৰ পৰা বৰ্তমানলৈ ৬০ লাখৰো অধিক ভক্তই মহাকুম্ভত স্নান কৰা বুলি জানিব পৰা গৈছে।

 

 

উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!
কোনসকল লোকে মধুৰিআম খাব নালাগে?
মাঘ বিহুত কিয় জ্বলোৱা হয় মেজি? ইয়াৰ নিয়ম সম্পৰ্কে জানক...