Mahalakshmi Case: কিয় কৰিছিল ৫৯ টুকুৰা? সকলো বৰ্ণনা কৰি থৈ গ’ল অভিযুক্ত মুক্তি ৰঞ্জনে…

Mahalakshmi Case Bengaluru:কোঠাটোৰ চাৰিওফালে আছিল তেজৰ দাগ, সিঁচৰিত হৈ আছিল মাংসৰ সৰু সৰু টুকুৰা। ইয়াৰ লগতে ঠাইখিনিৰ পৰা ইমানেই বেয়া গোন্ধ ওলাই আছিল যে তাত থকা কঠিন আছিল।

Mahalakshmi Case: কিয় কৰিছিল ৫৯ টুকুৰা? সকলো বৰ্ণনা কৰি থৈ গল অভিযুক্ত মুক্তি ৰঞ্জনে...

মহালক্ষ্মী

Published: 

26 Sep 2024 11:07 AM

সেইদিনা আছিল ৩ ছেপ্টেম্বৰ, ২০২৪। কৰ্ণাটকৰ বাংগালুৰুৰ নায়ালিকালভাল অঞ্চলক ২৯ বছৰীয়া মহালক্ষ্মীক অতি নিৰ্মমভাৱে হত্যা কৰা হৈছিল। কোনোৱে কল্পনাও কৰা নাছিল যে এপাৰ্টমেন্টৰ ভিতৰত এনে এক ঘটনা সংঘটিত হৈছে। কিন্তু বহুদিন ধৰি কন্যাৰ খবৰ নাপাই চিন্তিত হৈ পৰিছিল মাতৃ। ফোন আছিল চুইটছ অফ, নাছিল কোনো যোগাযোগ সেয়ে ২১ ছেপ্টেম্বৰৰ দিনা মাতৃ আৰু ভগ্নী আহি মহালক্ষ্মীৰ ঘৰত উপস্থিত হয়। যেতিয়াই মহালক্ষ্মীৰ ঘৰৰ দুৱাৰ খোলে তেতিয়া দুয়ো আচৰিত হৈ পৰে।

কোঠাটোৰ চাৰিওফালে আছিল তেজৰ দাগ, সিঁচৰিত হৈ আছিল মাংসৰ সৰু সৰু টুকুৰা। ইয়াৰ লগতে ঠাইখিনিৰ পৰা ইমানেই বেয়া গোন্ধ ওলাই আছিল যে তাত থকা কঠিন আছিল। তেওঁলোকে দেখিলে যে তেজৰ টুকুৰা ফ্ৰীজৰ ওচৰৰ পৰা আহিছে, সেয়ে দুয়ো গৈ ফ্ৰীজৰ ওচৰলৈ গ’ল। ফ্ৰীজৰ দুৱাৰ খোলাৰ লগে লগে তেওঁলোকৰ মুখৰ পৰা ওলাই আহিছিল এটা বিকট চিঞৰ। কিয়নো ফ্ৰীজৰ ভিতৰত আছিল মানুহৰ মৃতদেহৰ ৪০-৫০ টুকুৰা। ওপৰত ভৰি, হাত আছিল আৰু তলৰ অংশত আছিল মহালক্ষ্মীৰ কটা মূৰ। লগে লগে মাতৃ আৰু ভগ্নীয়ে এই বিষয়ে আৰক্ষীক খবৰ দিয়ে।

লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু ফৰেন্সিক দল। মৃতদেহৰ মুঠ ৫৯ টুকুৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। তাৰ পাছত আৰক্ষীয়ে আৰম্ভ কৰে এই হত্যাকাণ্ডৰ তদন্ত।

মহালক্ষ্মী কোন

মহিলাগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি তেওঁলোক নেপালৰ টীকাপুৰৰ বাসিন্দা। স্বামী চৰন সিঙৰ লগত প্ৰায় ৩৫ বছৰ পূৰ্বে তেওঁলোকে বাংগালুৰুলৈ আহিছিল। তেওঁলোকৰ যমজ সন্তান আছিল। এজনীৰ নাম আছিল লক্ষ্মী আনজনীৰ মহালক্ষ্মী। ইয়াৰ লগত আছিল দুই পুত্ৰ সন্তান উক্কুম সিং আৰু নৰেশ।

মহালক্ষ্মীৰ বিয়া হৈছিল হেমন্ত দাস নামৰ এজনৰ সৈতে।বিয়াৰ পাছত মহালক্ষ্মীয়ে বিউটি চেন্টাৰত কাম কৰিছিল। হেমন্ত দাস আৰু মহালক্ষ্মীৰ এটি কন্যা সন্তানো আছিল। কিন্তু ২০২৩ চনত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু পাছলৈ বিচ্ছেদ হয়। মহালক্ষ্মীয়ে ৱায়লিকাৱল এলেকাত অকলে বাস কৰিছিল। কিন্তু হেমন্তই প্ৰতি ১৫-২০ দিনৰ মুৰত তেওঁক লগ কৰিবলৈ আহিছিল।

প্ৰথমে আৰক্ষীয়ে মহালক্ষ্মীৰ স্বামীকো সন্দেহ কৰিছিল। কিন্তু পাছত হেমন্ত দাসে মহালক্ষ্মীৰ  অবৈধ সম্পৰ্কৰ কথা কয়। তেওঁ কয় যে, মহালক্ষ্মীৰ আশ্ৰফ নামৰ এজন লগত অবৈধ সম্পৰ্ক আছিল। আৰক্ষীয়ে যেতিয়া এই সন্দৰ্ভত আশ্ৰফক সোধা- পোছা কৰে তেতিয়া নিশ্চিত হয় যে এই ঘটনাৰ লগত আশ্ৰফৰ কোনো সম্পৰ্ক নাই।

তাৰ পাছত আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰে। আৰক্ষীয়ে গম পাই যে ২ ছেপ্টেম্বৰৰ নিশা দুজনলোক স্কুটী লৈ মহালক্ষ্মীৰ ঘৰলৈ আহিছিল। কিন্তু এই লোককেইজনৰ মুখ চিচিটিভিত ওলোৱা নাছিল। আৰক্ষীয়ে দিনে নিশাই কৰি চলোৱা তদন্তৰ অন্তত এটা ক্লু লাভ কৰে। আৰক্ষীয়ে অভিযুক্তৰ ভাতৃৰ বিষয়ে তথ্য লাভ কৰে আৰু সেই অনুসৰি তেওঁলোক মুম্বাইলৈ যায়। অভিযুক্তৰ ভাতৃয়ে স্বীকাৰ কৰে যে তেওঁৰ ককায়েকে এই হত্যাকাণ্ড সংঘটিত কৰিছে আৰু নিজেই তেওঁ এই কথা জনাইছে।

কোন আছিল মুক্তি ৰঞ্জন ৰায়

অভিযুক্তৰ নাম আছিল মুক্তি ৰঞ্জন ৰায়। অভিযুক্তৰ তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীয়ে তেওঁক বিচাৰি অভিযান চলায়। আৰক্ষীয়ে জানিব পাৰে যে মুক্তি ৰঞ্জন ওড়িশা আৰু পশ্চিম বংগৰ সীমান্তত আছে। কিন্তু ২৫ ছেপ্টেম্বৰত আৰক্ষীয়ে ওড়িশাৰ পৰা মুক্তি ৰঞ্জনৰ মৃতদেহ উদ্ধাৰ কৰে। আত্মহত্যা কৰিছিল অভিযুক্তই। গছত ওলমি থকা অৱস্থাত অভিযুক্তক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে তেওঁৰ ওচৰৰ পৰা জব্দ কৰিছিল লেপটপ আৰু চুইচাইড নোট।

কি লিখিছিল চুইচাইড নোটত

মুক্তি ৰঞ্জন ৰায়ে এখন কাপোৰৰ দোকানত কাম কৰে। ৰঞ্জনে চুইচাইড নোটত লিখিছে – “মই ৩ ছেপ্টেম্বৰত মহালক্ষ্মীক হত্যা কৰিছিলো।  সেইদিনা মই মহালক্ষ্মীৰ ঘৰলৈ গৈছিলো আৰি কিবা কথাক লৈ আমাৰ মাজত কাজিয়া হৈছিল। প্ৰথমে মহালক্ষ্মীয়ে মোক প্ৰহাৰ কৰিছিল। সেই কথা মই ভালপোৱা নাছিলো। সেয়ে খঙত মই মহালক্ষ্মীক মাৰি পেলালো। তাৰ পাছত তাইৰ শৰীৰটো ৫৯ টুকুৰা কৰি ফ্ৰীজত ৰাখিছিলো।  মই কোঠাটো পৰিস্কাৰ কৰিবলৈ চেষ্টা কৰিছিলো যাতে অন্য লোকে ইয়াৰ গোন্ধ নাপায়। মহালক্ষ্মীয়ে মোক যি ব্যৱহাৰ কৰিছিল তাক লৈ মোৰ বহুত খং উঠিছিল। কিন্তু পাছত মোৰ অনুশোচনা হৈছিল। খঙত মই যি কাম কৰিছো সেয়া ভুল আছিল। মোৰ ভয় লাগি আছিল যাৰ বাবে মই পলায়ন কৰি আছিলো”।

অভিযুক্তৰ এই চিঠিখনে মহালক্ষ্মীৰ মৃত্যুৰ ৰহস্য বহু পৰিমাণে পোহৰলৈ আনিলে। কিন্তু এতিয়াও জানিব পৰা হোৱা নাই তেওঁলোকৰ মাজৰ কাজিয়াৰ কাৰণ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে  তদন্ত অব্যাহত ৰাখিছে। অভিযুক্তৰ আত্মহত্যাকলৈও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

 

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...