কাৰ হাতলৈ যাব ৰাজ্য? পুৱাৰে পৰা আৰম্ভ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

আজি পুৱাৰ পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। মহাৰাষ্ট্ৰ ২৮৮ খন আসন আৰু ঝাৰখণ্ডৰ দ্বিতীয় পৰ্যায়ত ৩৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰোপৰি ৪ ৰাজ্যৰ ১৫ খন আসনত অনুষ্ঠিত হৈছে উপ- নিৰ্বাচন।

কাৰ হাতলৈ যাব ৰাজ্য? পুৱাৰে পৰা আৰম্ভ ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ

ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচন

Published: 

20 Nov 2024 10:03 AM

বুধবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভোট গ্ৰহণ। মহাৰাষ্ট্ৰৰ ২৮৮ খন আসনৰ বাবে আজি অনুষ্ঠিত হৈছে নিৰ্বাচন। এই নিৰ্বাচনত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট নেতা যেনে শাৰদ পাৱৰ, মুখ্যমন্ত্ৰী একনাথ সিন্দে, উদ্ধৱ থাকৰে, অজিত পাৱাৰ, দেবেন্দ্ৰ ফানডাবিজ আদিৰ ভাগ্য নিৰ্ণয় হ’ব। প্ৰতিটো দলে সকলো ধৰণ প্ৰচেষ্টাৰে মহাৰাষ্ট্ৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে।

আনহাতে আজি ঝাৰখণ্ডত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ঝাৰখণ্ড বিধানসভাৰ মুঠ ৮১খন আসনৰ ভিতৰত ৩৮ খন আসনত আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইয়াৰ লগতে দেশৰ ৪ ৰাজ্যৰ ১৫ খন আসনত অনুষ্ঠিত হৈছে উপ- নিৰ্বাচন। ইয়াৰে ৯ খন আসন উত্তৰ প্ৰদেশৰ। বিধানসভা নিৰ্বাচন আৰু দেশত অনুষ্ঠিত হোৱা উপ- নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৩ নৱেম্বৰত।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৪৯ খন আসনত, শিৱসেনাই ৮১ খন আসনত আৰু অজিত পাৱৰৰ নেতৃত্বত থকা এন চি পিয়ে ৫৯ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে বিৰোধিৰ ফালৰ পৰা কংগ্ৰেছে ১০১ খন আসনত, শিৱসেনা (ইউবিটি) ৯৫ খন আসন আৰু এন চি পি (এছ পি)য়ে ৮৬ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লক্ষণীয় এয়াই যে, মহাৰাষ্ট্ৰৰ নিৰ্বাচনত ৫০ খনতকৈ অধিকখন আসনত শিৱসেনাই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুঁজ দিব, আনহাতে ৩৭ খন আসনত দুয়ো পাৱাৰে নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা কৰিব।

মহাৰাষ্ট্ৰৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ৯.৭০ কোটি। ইয়াৰে পুৰুষ ৫ কোটি, মহিলা ভোটাৰ ৪.৬৯ কোটি, তৃতীয় লিংগৰ ভোটাৰ ৬১০১ , ১৮ আৰু ১৯ (প্ৰথমবাৰৰ বাবে ভোট দিয়া) ২২.২ লাখ, দিব্যাংগ ভোটাৰ ৬.৪১ লাখ । ৰাজ্যখনত মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ১০০১৮৬ টা।

 

ঝাৰখণ্ড বিধানসভা নিৰ্বাচন

আজি ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন, তেওঁ পত্নী কল্পনা সোৰেন আৰু বিৰোধী নেতা অমৰ কুমাৰ বাউৰী (বিজেপি)কে ধৰি ৫০০ তকৈ অধিক প্ৰতিদ্বন্দ্বিৰ ভাগ্য নিৰ্ণয় হ’ব। আজিৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনত ১৪,২১৮ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৫ বজালৈ চলিব। অৱশ্যে ৩১ টা বুথৰ ভোট গ্ৰহণ সন্ধিয়া ৪ বজাতে সমাপ্ত হ’ব।

এইবাৰ ঝাৰখণ্ডত এন ডি এৰ ফালৰ পৰা বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৬৮ খন আসনত, এ জে এছ ইউয়ে ১০ খন, জে ডি ইউয়ে ২ খন আৰু লোক জনশক্তি (ৰাম বিলাস)দলে এখন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আনহাতে ইণ্ডিয়া গোটৰ পৰা জে এম এময়ে ৪৩ খন আসনত, কংগ্ৰেছে ৩০ খন আসনত,আৰ জে ডিয়ে ৬ খন, চি পি আই (এম এল)য়ে ৪ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

ঝাৰখণ্ডত শাসকীয় দলৰ লগত এইবাৰ এন ডি এৰ মূল যুঁজ হ’ব বুলি আশা কৰা হৈছে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাজনীতিত কিছুমান ডাঙৰ পৰিবৰ্তন দেখা গৈছিল।  হেমন্ত সোৰেন জেলৰ পৰা ওলাই অহাৰ পাছত চম্পাই সোৰেনক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিয়া হৈছিল। অপমানত দগ্ধ হৈ এইগৰাকী নেতাই পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল। গতিকে এই দিশটোৱে হেমন্ত সোৰেনৰ দল জে এম এম বা ইণ্ডিয়াৰ ওপৰত কিছু প্ৰভাৱ পেলাব পাৰে বুলি আশা কৰা হৈছে।

ঠাণ্ডা দিনত কমলা খাব লাগে নে নাই? কি কয় বিশেষজ্ঞই...
ভুলতো ঘৰত নাৰাখিব এইসমূহ দেৱ-দেৱীৰ মূৰ্তি বা প্ৰতিমা...
পৃথিৱীৰ এনে এখন দেশ, য’ত নাই এখনো কাৰাগাৰ! ক’ত ৰখা হৈছে বন্দীসকলক?
ঘৰত থকা তুলসী গছ শুকাই গৈছে নেকি! তেন্তে লগে লগে কৰক এই কাম, অন্যথা হ’ব পাৰে আৰ্থিক সংকট