দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে UPSত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ

দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন স্কিম (UPS) ত অনুমোদন জনাইছে। চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰাই UPS কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে সিন্দে চৰকাৰে। ইয়াৰ লগে লগে মহাৰাষ্ট্ৰ চৰকাৰ ইউনিফাইড পেঞ্চন স্কিম (UPS) ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে UPSত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ

UPSত অনুমোদন মহাৰাষ্ট্ৰ চৰকাৰৰ

Published: 

26 Aug 2024 07:58 AM

নতুন পেঞ্চন আঁচনিক লৈ দেশত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে কেন্দ্ৰৰ শাসকীয় মোদী চৰকাৰে গ্ৰহণ কৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি কেন্দ্ৰীয় চৰকাৰে দেশত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি (UPS) ৰূপায়ণৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে দেওবাৰে মহাৰাষ্ট্ৰ চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন স্কিম (UPS) ত অনুমোদন জনাইছে। দেওবাৰে অনুষ্ঠিত হোৱা বৈঠকত মহাৰাষ্ট্ৰৰ সিন্দে কেবিনেটে UPS প্ৰৱৰ্তনত সেউজ সংকেত দিছে।

একনাথ সিন্দে চৰকাৰে এই বছৰৰ পৰাই অৰ্থাৎ গত মাৰ্চ মাহৰ পৰাই UPS কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ দ্বাৰা বহু লাখ কৰ্মচাৰী উপকৃত হ’ব বুলি কোৱা হৈছে। ইয়াৰ লগে লগে মহাৰাষ্ট্ৰ চৰকাৰ ইউনিফাইড পেঞ্চন স্কিম (UPS) ৰূপায়ণ কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে।

ইতিপূৰ্বে শনিবাৰে মোদী চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন পেঞ্চন ব্যৱস্থা ইউনিফাইড পেঞ্চন স্কিম (UPS)ত অনুমোদন জনাইছিল। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে যে কৰ্মচাৰীসকলক কমেও ২৫ বছৰ কাম কৰাৰ পিছত মৌলিক দৰমহাৰ ৫০ শতাংশ পেঞ্চন দিয়া হ’ব। ইয়াৰ উপৰিও ১০ বছৰতকৈ কম দিন কাম কৰা কৰ্মচাৰীক প্ৰতিমাহে ১০ হাজাৰ টকাৰ পেঞ্চন দিয়া হ’ব।

সমান্তৰালকৈ চাকৰিত থকা অৱস্থাত যদি কোনো কৰ্মচাৰীৰ মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালক পেঞ্চন দিয়াৰ ব্যৱস্থাও কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ এদিন পিছতে মহাৰাষ্ট্ৰ চৰকাৰে এই পেঞ্চন নীতিত অনুমোদন জনায়। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ মাৰ্চৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফাইড পেঞ্চন স্কিম। ৰাজ্যৰ সকলো কৰ্মচাৰীয়ে লাভ কৰিব ইয়াৰ সুবিধা।

এই কেবিনেট বৈঠকত মহাৰাষ্ট্ৰ চৰকাৰে আন কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্তও গ্ৰহণ কৰে। ৰাজ্যৰ অধিকাংশ কৃষকক দিনৰ ভাগত নিৰৱচ্ছিন্ন বিদ্যুৎ যোগান ধৰাৰ আঁচনিৰ অনুমোদন জনায় কেবিনেটে। বিদ্যুৎ বিতৰণ কোম্পানীলৈ বাকী থকা ঋণৰ বাবে চৰকাৰী নিশ্চয়তা প্ৰদান কৰা হয়।জ্যেষ্ঠ নাগৰিকৰ বাবে নিগম স্থাপনৰ সিদ্ধান্ত লোৱা হয় এই কেবিনেট বৈঠকত।

উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰ ফালে মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত ৰাজ্যখনৰ শাসকীয় সিন্দে চৰকাৰে শেহতীয়া কিছুদিন ধৰি কিছুমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। কেন্দ্ৰই গ্ৰহণ কৰা নতুন এই পেঞ্চন নীতি UPSত অনুমোদন দি সিন্দে চৰকাৰে বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন এক কৌশলী পন্থা গ্ৰহণ কৰা বুলি ৰাজনৈতিক বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে