ইণ্ডিয়া নহয়, এতিয়াৰ পৰা ব্যৱহাৰ হ’ব ভাৰত শব্দ! এইখন বিশ্ববিদ্যালয়ে ল’লে সিদ্ধান্ত
দেশৰ নাম ইণ্ডিয়াৰ স্থানত ভাৰত হিচাপে ব্যৱহাৰ হ’ব লাগে বুলি উত্থাপন হোৱা দাবীক কেন্দ্ৰ কৰি কিছুদিন পূৰ্বে ব্যাপক চৰ্চাৰ সৃষ্টি হৈছিল। এতিয়া দেশৰ এখন বিশ্ববিদ্যালয়ে নিজৰ সকলো নথি-পত্ৰত দেশৰ নাম ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰত হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ নাম ইণ্ডিয়াৰ স্থানত ভাৰত হিচাপে ব্যৱহাৰ হ’ব লাগে- কিছু দিন পূৰ্বে এই দাবীক লৈ চলিছিল ব্যাপক আলোচনা। এই বিষয়ে জোকাৰিছিল দেশৰ ৰাজনীতি। এইবাৰ পুনৰ চৰ্চালৈ আহিছে দেশৰ নামকেন্দ্ৰিক এই বিতৰ্ক। অৱশ্যে এইবাৰ বিতৰ্কৰ ৰূপত নহয়, দেশৰ এখন বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে দেশৰ নামকৈ লৈ পুনৰ আৰম্ভ হৈছে চৰ্চা। এই চৰ্চাৰ আধাৰ হৈছে মধ্যপ্ৰদেশৰ উজ্জয়িনস্থিত মহৰ্ষি পাণিনি সংস্কৃত আৰু বৈদিক বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা শেহতীয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
মহৰ্ষি পাণিনি সংস্কৃত আৰু বৈদিক বিশ্ববিদ্যালয়ে এতিয়াৰ পৰা বিশ্ববিদ্যালয়ৰ সকলো নথি-পত্ৰত ‘ইণ্ডিয়া’ শব্দৰ ঠাইত ‘ভাৰত’ শব্দ ব্যৱহাৰ কৰিব। বিশ্ববিদ্যালয়খনৰ কার্যনির্বাহক পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ পিছত এতিয়া বিশ্ববিদ্যালয়ৰ চৰকাৰী নথি-পত্ৰত ‘ইণ্ডিয়া’ শব্দৰ সলনি ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰা হ’ব। ইয়াৰ বাবে সকলো সদস্যই সৰ্বসন্মতিক্ৰমে ‘ইণ্ডিয়া’ শব্দটো আঁতৰোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।
বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিজয় কুমাৰ জে.চি ৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা মহৰ্ষি কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকত পৰিষদৰ সদস্য গৌৰৱ ঢাকাড়ে বিশ্ববিদ্যালয়ত ‘ইণ্ডিয়া’ শব্দৰ পৰিৱৰ্তে ‘ভাৰত’ শব্দ ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। তেওঁৰ এই প্ৰস্তাৱ সকলো সদস্যই সৰ্বসন্মতিক্ৰমে গৃহীত কৰে। প্ৰস্তাৱ উত্থাপন কৰি গৌৰৱ ঢাকাড়ে কয় যে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দেশৰ সংস্কৃতি আৰু পৰিচয়ৰ সৈতে জড়িত নামবোৰ জনপ্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰিছে।
এই দিশত বিশ্ববিদ্যালয়তো ‘ভাৰত’ শব্দটোক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱা উচিত বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এতিয়া বিশ্ববিদ্যালয়ৰ ৱেবছাইট, প্ৰশাসনিক নথি-পত্ৰ, ছাত্ৰ-ছাত্ৰীৰ কপি, কেলেণ্ডাৰ আদিত কেৱল ‘ভাৰত’ শব্দটোহে ব্যৱহাৰ কৰা হ’ব। সভাত পঞ্জীয়ক ড° দিলীপ সোণী, কাৰ্যবাহী পৰিষদৰ সদস্য বিশ্বাস ব্যাস, ড° কেশৰ সিং চৌহান, হৰিশ ব্যাস, সুমিনা লিগ্গা, গীতাঞ্জলি চৌৰসিয়া আদি উপস্থিত থাকে।
এই সিদ্ধান্তৰ লগতে উজ্জয়িনবাসীক সংস্কৃতৰ সৈতে সংযোগ কৰাৰ সিদ্ধান্তও লোৱা হৈছে বৈঠকত। এই প্ৰস্তাৱৰ অধীনত এতিয়া সংস্কৃত শিকাৰ প্ৰতি ইচ্ছুক লোকসকলক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষক হিচাপে উপলব্ধ কৰা হ’ব। ইয়াৰ বাবে সংস্কৃত বিশ্ববিদ্যালয়ে নিজৰ ৱেবছাইটত যোগ্য শিক্ষকৰ বিষয়ে তথ্য উপলব্ধ কৰা হ’ব।