‘মেক ইন ইণ্ডিয়া’ই আনিছে পৰিৱৰ্তন! ১০তম বর্ষপূর্তি উপলক্ষে দেশবাসীক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

মেক ইন ইণ্ডিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী কাৰ্যসূচী। যি ১০ বছৰ আগতে আৰম্ভ হৈছিল। এই বিশেষ কাৰ্যসূচীৰ যোগেদি ভাৰতে এক ডাঙৰ পৰিৱৰ্তন দেখিছে। উৎপাদন খণ্ডই ক্ৰমান্বয়ে দেশত ইয়াৰ আধিপত্য বিস্তাৰ কৰিছে। উৎপাদনত বৃহৎ বৃদ্ধি হৈছে। ভাৰতীয় সামগ্ৰীৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পাইছে।

মেক ইন ইণ্ডিয়াই আনিছে পৰিৱৰ্তন! ১০তম বর্ষপূর্তি উপলক্ষে দেশবাসীক কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

মেক ইন ইণ্ডিয়াৰ ১০ বছৰ সম্পূৰ্ণ

Updated On: 

25 Sep 2024 20:00 PM

মোদী চৰকাৰৰ মেক ইন ইণ্ডিয়া অভিযানে আজি ১০ বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আনন্দ প্ৰকাশ কৰে আৰু লগতে এই অভিযানৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে। তেওঁ সেই সকলোলোকক প্ৰশংসা কৰে আৰু কৃতজ্ঞতা জ্ঞাপন কৰে যিসকলে ইয়াক সফল কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লিখিছে– ভাৰত সলনি হৈ আছে। মেক ইন ইণ্ডিয়াৰ শ্লোগানে লাহে লাহে সফলতা আনিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে এই অভিযানসফল কৰাৰ ক্ষেত্ৰত ১৪০ কোটি ভাৰতীয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ। ইয়াৰ লক্ষ্য হৈছে বিনিয়োগক আকৰ্ষিত কৰা, উদ্ভাৱন বৃদ্ধি কৰা আৰু ভাৰতক এক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে স্থান দিয়া। তেওঁ লিখিছে, “বহুতো ক্ষেত্ৰত ৰপ্তানি বৃদ্ধিত সহায় কৰিছিল। অৰ্থনীতি শক্তিশালী হ’ল।”

 

 

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত মেক ইণ্ডিয়া মুকলি কৰিছিল। ১০ বছৰৰ পাছত দেশখনে এতিয়া ইয়াৰ ফলাফল দেখিছে। ২০১৪ চনত দেশত ৮০ শতাংশ মোবাইল ফোন আমদানি কৰা হৈছিল, এতিয়া ৯৯.৯ শতাংশ মোবাইল ফোন উৎপাদন কৰা হয়। ইয়াক ইউকে, নেডাৰলেণ্ড, অষ্ট্ৰিয়া, ইটালী আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দেশলৈও ৰপ্তানি কৰা হৈছে। প্ৰতিৰক্ষা উৎপাদনৰ লগতে মহাকাশ, বৈদ্যুতিক বাহন, অৰ্ধপৰিবাহী উৎপাদন, নিৰ্মাণ খণ্ড আৰু ৰে’ল আন্তঃগাঁথনিতো ফলাফল দেখা গৈছে।

উন্নয়নৰ দিশে আগবাঢ়িছে

প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে যে কেনেকৈ তেওঁৰ চৰকাৰে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষ্য সফল হৈছে? এই ১০ বছৰত মেক ইন ইণ্ডিয়া অভিযানে ভাৰতক কিমান পৰিৱৰ্তন কৰিছে? লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আশ্বাস প্ৰদান কৰে যে ভাৰতক এখন আত্মনিৰ্ভশীল আৰু বিকশিত দেশ হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে আৰু অধিক আগবাঢ়ি যাব। ভাৰতে নিৰন্তৰ সংস্কাৰৰ দিশত আগবাঢ়ি আছে।

এটা দশকত ভাৰত কেনেদৰে সলনি হৈছিল?

২০১৪ চনত ৩৫০টা ষ্টাৰ্টআপৰ পৰা, ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত পঞ্জীয়ন কৰা সংখ্যা ১০ বছৰত ১.৪৮ লাখলৈ বৃদ্ধি হৈছে। দেশত প্ৰতি ঘণ্টাত এটা ষ্টাৰ্টআপ আৰম্ভ কৰা হয়। আজি ১.৮৫ কোটি মহিলা-মালিকানাধীন উদ্যোগকে ধৰি ৪.৯১ কোটিৰো অধিক পঞ্জীভুক্ত এমএছএমই আছে। পঞ্জীভুক্ত গোটবোৰে ২১.১৭ কোটি চাকৰি সৃষ্টি কৰিছে। ২০২২-২৩ বৰ্ষত ই ভাৰতৰ জিডিপিত ৩০.১ শতাংশ অৰিহণা যোগাইছিল।

বুলেট ট্ৰেইন প্ৰকল্প, নতুন বিমানবন্দৰ, স্মাৰ্ট চিটী, পথ আৰু ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰণকে ধৰি কেইবাটাও ডাঙৰ আন্তঃগাঁথনি প্ৰকল্প মেক ইন ইণ্ডিয়াৰ সৈতে আৰম্ভ হৈছিল। ই ঔদ্যোগিক গোটসমূহকো সমৰ্থন কৰিছিল।

ডিজিটাইজেচন, প্ৰযুক্তিগত উন্নতি

মেক ইন ইণ্ডিয়াই ইলেক্ট্ৰনিক্স আৰু ছফ্টৱেৰ বিকাশত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে। মোবাইল নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত এখন আগশাৰীৰ দেশ হৈ পৰিছে। অন্যান্য গোলকীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত এপল আৰু চেমচাঙে ভাৰতত মোবাইল নিৰ্মাণ গোট স্থাপন কৰিছে। ২০১৪ চনত ভাৰতত মাত্ৰ ২টা ইউনিট উৎপাদন কৰা হৈছিল। ২০২০ চনলৈ ই ২০০তকৈও অধিক ইউনিটলৈ বৃদ্ধি হৈছে।

প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা

মেক ইন ইণ্ডিয়াই প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে। ভাৰতীয় কোম্পানীবোৰ এতিয়া বৃহৎ পৰিমাণৰ সামৰিক সঁজুলি আৰু অস্ত্ৰ-শস্ত্ৰ উৎপাদনৰ সৈতে জড়িত হৈ আছে। চৰকাৰে প্ৰতিৰক্ষা খণ্ডত এফডিআইৰ সীমা ৭৪ শতাংশলৈ বৃদ্ধি কৰিছে। লাইট কমবেট এয়াৰক্ৰাফ্ট তেজছকে ধৰি বিভিন্ন থলুৱা প্ৰতিৰক্ষা সঁজুলি উৎপাদন এই পদক্ষেপৰ এক মুখ্য উপাদান।

অন্যান্য মুখ্য সাফল্যসমূহ

২০২৩-২৪ বৰ্ষত ১.৫৫ লাখ কোটি টকাৰ খাদী বিক্ৰী আৰু পিএলআই আঁচনিৰ অধীনত ১.২৮ লাখ কোটি টকা বিনিয়োগ হৈছিল। যিয়ে ৮.৫ লাখতকৈও অধিক চাকৰি সৃষ্টি কৰিছিল। ৰপ্তানি ৪ লাখ কোটি টকাতকৈও অধিক বৃদ্ধি পাইছে। ২০২০ চনত পুতলাৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা ৰূপায়ণৰ পাছত ৰপ্তানি ২৩৯ শতাংশ বৃদ্ধি পাইছে।

আচাৰ্য চাণক্যৰ মতে এই ৫ টা স্থানত থকা লোকসকল সদায় হৈ থাকে দুখীয়া!
১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...