মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ৪ দিনীয়া ভ্ৰমণসূচী, ভাৰত ভূমিৰ পৰাই চীনক দিলে এই বাৰ্তা…

Maldives president in india: ৪ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি। যোৱা কেইমাহমানৰ পৰা দুয়োখন দেশৰ সম্পৰ্কত কিছু ফাঁট মেলিছিল।অৱশ্যে তাৰ পাছত কিছু নৰমস্থিতি প্ৰকাশ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছিল।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ৪ দিনীয়া ভ্ৰমণসূচী, ভাৰত ভূমিৰ পৰাই চীনক দিলে এই বাৰ্তা...

মালদ্বীপ

Published: 

07 Oct 2024 09:28 AM

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মইজু। ভাৰতত উপস্থিত হোৱাৰ পাছতেই কিছু পৰিবৰ্তন দেখা গৈছে ৰাষ্ট্ৰপতিগৰাকীৰ। চীনৰ সমৰ্থক মহম্মদ মইজুয়ে এইবাৰ ভাৰতৰ ভূমিৰ পৰা চীনত পৰোক্ষভাৱে এক বাৰ্তা প্ৰদান কৰে। ভাৰতৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁ স্পষ্টকৈ কয় যে, মালদ্বীপে কেতিয়াও এনে কাম নকৰে যাৰ ফলত ভাৰতৰ নিৰাপত্তাৰ ক্ষতি হ’ব পাৰে।

বৰ্তমান আৰ্থিক সংকটৰ সৈতে যুঁজি আছে মালদ্বীপ। এনে সংকট দূৰ কৰাৰ বাবে ভাৰতৰ সৈতে পুনৰ ভাল সম্পৰ্ক স্থাপন কৰাত ব্যস্ত হৈ পৰিছে মালদ্বীপৰ ৰাষ্ট্ৰপতি। যাৰ বাবে চীনত প্ৰশংসা কৰাৰ পাছতো ভাৰতক অগ্ৰাধিকাৰ দিছে। যোৱা কেইমাহমানৰ পৰা দুয়োখন দেশৰ সম্পৰ্কত কিছু ফাঁট মেলিছিল। মালদ্বীপে ভাৰতীয় জোৱানক তেওঁলোকৰ ৰাষ্ট্ৰৰ পৰা উভতি আহিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল। অৱশ্যে তাৰ পাছত কিছু নৰমস্থিতি প্ৰকাশ কৰি মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছিল।

এতিয়া পুনৰ মালদ্বীপে স্পষ্টকৈ কৈছে যে, চীনৰ সৈতে মালদ্বীপৰ সম্পৰ্কই ভাৰতৰ নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি কঢ়িয়াই আনিব নোৱাৰে। টাইমছ অৱ ইণ্ডিয়াৰ সৈতে হোৱা কথা- বতৰাত মইজুৱে কয় যে, মালদ্বীপে কেতিয়াও এনে কাম নকৰে যাৰ ফলত ভাৰতৰ নিৰাপত্তাত ভাবুকি আহিব পাৰে। ভাৰত মালদ্বীপৰ অংশীদাৰ আৰু বন্ধু। এই সম্পৰ্ক পাৰস্পৰিক সন্মান আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ কয় যে, আমি সদায় অন্য দেশৰ সৈতে সম্পৰ্ক আৰু সহযোগিতা বৃদ্ধিৰ চেষ্টা কৰো। লগতে আমাৰ কাৰ্যই যাতে আমাৰ অঞ্চলৰ নিৰাপত্তা আৰু স্থিতিশীলতাৰ লগত আপোচ নকৰে তাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ।

মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰ সন্দৰ্ভত কৰা প্ৰশ্নত মইজুয়ে ঘৰুৱা অগ্ৰাধিকাৰৰ কথা বিবেচনা কৰাৰ কথা কয়। তেওঁ কয়, মালদ্বীপবাসীয়ে মোক যি কৈছে মই তাকেই কৰিছো। বিগত চুক্তিসমূহৰ আমাৰ পৰ্যালোচনাৰ উদ্দেশ্য হৈছে যে সেইবোৰ আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু আঞ্চলিক স্থিতিশীলতাত ইতিবাচক অৰিহণা যোগোৱাটো নিশ্চিত কৰা।

উল্লেখ্য যে, আজি মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক বৈঠকত মিলিত হ’ব। মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰতলৈ এয়া প্ৰথমটো দ্বিপাক্ষিক যাত্ৰা। এই যাত্ৰাৰ সময়ত দুয়োখন দেশৰ মাজত চুক্তি স্বাক্ষৰ হোৱাৰ লগতে দুই দেশৰ জনতাৰ মাজৰ সম্পৰ্কত গতি প্ৰদান কৰা হ’ব।

দেওবাৰে মইজুক সাক্ষাৎ কৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে।  এই সাক্ষাতৰ অন্তত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি এছ জয়শংকৰে কয় যে, “ৰাষ্ট্ৰপতি মুইজ্জুক ভাৰত ভ্ৰমণৰ সময়ত লগ পোৱাটো এক আনন্দৰ কথা। ভাৰত-মালদ্বীভৰ সম্পৰ্ক বৃদ্ধিৰ বাবে তেওঁৰ দায়বদ্ধতাক মই শলাগ লৈছো। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে তেওঁৰ আলোচনাই আমাৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব বুলি মোৰ বিশ্বাস”।

 

নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।
Beharbari Outpost:বেহাৰবাৰী আউটপোষ্টত পুনৰ দেখিব কে কে আৰু মোহনক