দেশৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, এডিআৰ তালিকাত কিমান নম্বৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম?
দেশৰ দুখীয়া মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত আছে মমতা বেনাৰ্জীৰ নাম। ১৩ বছৰ ধৰি বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা মমতাৰ মুঠ সম্পত্তিৰ মূল্য ১৫ লাখ টকা। এডিআৰ(Association for Democratic Reforms)ৰ তথ্য অনুসৰি যোৱা ৩ বছৰত মমতা বেনাৰ্জীৰ ধন-সম্পত্তি যথেষ্ঠ কমিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছিল ১৬.৭২ লাখ টকাৰ সম্পত্তি। ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি প্ৰায় ১৭ কোটি আছে। Association for Democratic Reforms ৰ সমীক্ষাত অধিক সম্পত্তি থকা ধনী মুখ্যমন্ত্ৰীৰ তালিকাত চন্দ্ৰবাবু নাইডু আৰু পেমা খাণ্ডুৰ নাম শীৰ্ষত আছে।
কোন ধনী আৰু কোন দুখীয়া
পেমা খাণ্ডুৰ মুঠ ১৮০ কোটি টকাৰ সম্পত্তি আছে। প্ৰতিবেদনখনত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক আটাইতকৈ ধনী বুলিও কোৱা হৈছে, যাৰ সম্পত্তি ৯৩১ কোটি টকাৰ অধিক। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি ১৭ কোটি টকাতকৈ অধিক আছে। ইফালে আটাইতকৈ কম ১৩ বছৰ ধৰি বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা মমতাৰ মুঠ সম্পত্তিৰ মূল্য ১৫ লাখ টকা।
এই সমীক্ষাত চাওক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ বিষয়ে
কিয় দুখীয়া মমতা বেনাৰ্জী?
বৰ্তমান বংগৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত মমতা বেনাৰ্জী। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে মমতা কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদ আছিল। পেঞ্চনৰ নিয়ম অনুসৰি মমতাই প্ৰতিমাহে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত পেঞ্চনৰ ধন লাভ কৰে, কিন্তু ২০১১ চনৰ পৰা মমতাই এই ধন লোৱা নাই। পশ্চিম বংগত মুখ্যমন্ত্রীয়ে ২ লাখ ১০ হাজাৰ টকাৰ দৰমহা পোৱাৰ ব্যৱস্থা আছে যদিও মমতাই মুখ্যমন্ত্রীৰ দৰমহাও নলয়৷ এই ধন পুঁজিলৈ দান কৰে। এটা সাক্ষাৎকাৰত মমতাই কৈছিল যে, মই চৰকাৰী ধনৰ চাহো নাখাওঁ। মই মোৰ সকলো খৰচ নিজেই বহন কৰিবলৈ চেষ্টা কৰোঁ।
পেইন্টিং-কিতাপৰ ৰয়েল্টিৰ পৰা উপাৰ্জন
মমতা বেনাৰ্জীয়ে ছবি অঁকা আৰু কিতাপ লিখি ভাল পায়। বেনাৰ্জীয়ে ইংৰাজী আৰু বাংলা ভাষাত বহু গ্ৰন্থ ৰচনা কৰিছে। ইয়াৰ ভিতৰত বিশিষ্ট হৈছে Slaughter of Democracy আৰু My Unforgettable Memories। এই কিতাপবোৰৰ ৰয়েল্টি হৈছে মমতাৰ উপাৰ্জনৰ মূল উৎস।
মমতাৰ সকলো কিতাপৰ ৰয়েল্টি জাগো বাংলাৰ জৰিয়তে লাভ কৰে। ইয়াৰ উপৰিও মমতা বেনাৰ্জীয়ে নিজৰ ছবি বিক্ৰী কৰিও উপাৰ্জন কৰে। কিন্তু কিতাপৰ ৰয়েল্টি আৰু পেইন্টিং বিক্ৰী ৰাজনৈতিক শিৰোনাম দখল কৰি আহিছে।
মামতাই কালিঘাটৰ বাসগৃহত থাকে
মমতা যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তেতিয়া বংগৰ ৰাজনৈতিক মহলত মমতা নতুন বাসগৃহলৈ স্থানান্তৰিত হোৱাৰ আলোচনা আৰম্ভ হৈছিল। ইয়াৰ বাবে পশ্চিমবংগ চৰকাৰে আলিবাগৰ ১১ নং বেলভেডেৰ ৰোডত এটা বাংলোও প্ৰস্তুত কৰিছিল। এই বাংলোটো ১৬ বিঘা মাটিত বিস্তৃত আছিল যদিও মমতাই ইয়ালৈ যাবলৈ অস্বীকাৰ কৰিছিল।
মমতাৰ ঘৰ কালিঘাটৰ ৩০-বি হৰিশ চেটাৰ্জীত অৱস্থিত। এই ঘৰটো লেতেৰা নলাৰ ওচৰত অৱস্থিত যদিও ইয়াৰ পৰা মামতাৰ কোনো পাৰ্থক্য পৰা নাই। মামতাৰ এখন চেণ্ট্ৰ’ গাড়ী আছে। মমতাই এই গাড়ীখন কলকাতাত ব্যৱহাৰ কৰে।
কলকাতাৰ পৰা ওলাই গ’লে মমতা বেনাৰ্জীয়ে স্কোৰপিঅ’ বা বলেৰো গাড়ী ব্যৱহাৰ কৰে। মামতাই সদায় খোজকাঢ়ি সৰু সৰু ঠাইলৈ যাবলৈ চেষ্টা কৰে। কালিঘাটৰ ট্ৰেডমিলত প্ৰতিদিনে পুৱা ১৫-২০ মিনিট খোজ কাঢ়ে মমতাই। মমতাই চেণ্ডেল আৰু কপাহী শাৰী সাজ-পোছাকত পিন্ধি ভাল পায়। ২০০৯ চনৰ পৰা ধনিয়াখালিৰ বিখ্যাত কপাহী শাৰী পিন্ধি ভাল পায় মমতা বেনাৰ্জীয়ে। এই শাৰীৰ দাম ৩০০-৩৫০ টকা।