5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কংগ্ৰেছৰ সৈতে দূৰত্ব বজাই মোদীৰ কাষ চাপিছে মমতা বেনাৰ্জী…

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, সভাপতি মালিকাৰ্জুন খাৰ্গেৰ লগতো কোনো বৈঠকৰ আহ্বান কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ অন্তত শেহতীয়াকৈ কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত কৰিছিল। কিন্তু এই বৈঠকতো উপস্থিত নাছিল বেনাৰ্জী।

কংগ্ৰেছৰ সৈতে দূৰত্ব বজাই মোদীৰ কাষ চাপিছে মমতা বেনাৰ্জী…
মমতা বেনাৰ্জী. মোদী. ছোনিয়া
barasha-sarma
Barasha Sarma | Published: 25 Jul 2024 15:39 PM

বৰ্তমান সদনত চলি থকা অধিবেশনৰ সময়ত বিৰোধী একত্ৰিত হৈ থকাতো অতি প্ৰয়োজনীয়। কিন্তু বিৰোধিৰ বাবে যেন মমতা দিদিয়ে কিছু বিপদ নমাই অনাৰ চেষ্টা কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কংগ্ৰেছৰ পৰা দূৰত্ব বজাই কাষ চাপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মমতা বেনাৰ্জী ইণ্ডিয়া মিত্ৰজোঁটৰ বাবে অতি প্ৰয়োজনীয়। কিয়নো মমতাৰ তৃণমূল কংগ্ৰেছৰ ৩০ জন সাংসদ লোকসভাত আৰু ১১ জন সাংসদ ৰাজ্যসভাত আছে।

মোদীৰ সৈতে বৈঠক

বিভিন্নজনে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া নিটি আয়োগৰ বৈঠকত মমতা বেনাৰ্জীয়ে অংশ গ্ৰহণ নকৰে। কিন্তু শেহতীয়াকৈ মমতাই ঘোষণা কৰে যে তেওঁ এই বৈঠকত অংশ গ্ৰহণ কৰিব। সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মমতাই কয় যে এই বৈঠকতে মমতাই বিৰোধ প্ৰদৰ্শন কৰিব।

উল্লেখ কৰা প্ৰয়োজন যে ইণ্ডিয়া মিত্ৰজোঁটৰ ৫ জনকৈ মুখ্যমন্ত্ৰীয়ে নিটি আয়োগৰ বৈঠক বহিষ্কাৰ কৰিছে। তাৰ ভিতৰত আছে হিমাচল প্ৰদেশ, তেলেংগানা,কৰ্ণাটক, তামিলনাডু আৰু পঞ্জাৱ। এই মুখ্যমন্ত্ৰীসকলে কৈছে যে বাজেটত তেওঁলোকৰ ৰাজ্যই একো নাপালে যাৰ বাবে এই বৈঠকত অংশ গ্ৰহণ নকৰে। ইয়াৰ বিপৰীতে মমতা বেনাৰ্জীয়ে বৈঠকত অংশ ল’ব বুলি কৰা ঘোষণাৰ পাছতেই বহু প্ৰশ্নৰ অৱকাশ আহি পৰিছে। জানিব পৰা মতে মোদীৰ সৈতে পৃথককৈ অন্য এখন বৈঠকত মিলিত হ’ব দিদি।

ছোনিয়াক নকৰে সাক্ষাৎ

দিল্লাী ভ্ৰমণৰ সময়ত মমতা বেনাৰ্জীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰিব নে বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় যে, প্ৰতিবাৰে সাক্ষাৎ কৰিব লাগিব বুলি কোনো কথা নাই। আনহাতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী, সভাপতি মালিকাৰ্জুন খাৰ্গেৰ লগতো কোনো বৈঠকৰ আহ্বান কৰা নাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকসভা নিৰ্বাচনৰ অন্তত শেহতীয়াকৈ কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত কৰিছিল। কিন্তু এই বৈঠকতো উপস্থিত নাছিল বেনাৰ্জী।

অৱশ্যে ইণ্ডিয়া মিত্ৰজোঁটৰ দল সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিছে দিদিয়ে।

কংগ্ৰেছৰ সৈতে সম্পৰ্কত অৱনতি

উল্লেখ্য  কৰা প্ৰয়োজন যে লোকসভা নিৰ্বাচনৰ পূৰ্বে মমতা বেনাৰ্জী ইণ্ডিয়া মিত্ৰজোঁটৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল। কিন্তু লোকসভা নিৰ্বাচনত অকেল প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছে কৈছিল যে, কংগ্ৰেছে অধীৰ ৰঞ্জন চৌধুৰীক ক্ষমতা দি থৈছে আৰু অধীৰে বংগত মিত্ৰতা নিবিচাৰে।

লোকসভা নিৰ্বাচনত পৰাজয় লাভ কৰাৰ পাছত অধীৰ ৰঞ্জনত কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা আঁতৰাইছিল দলটোয়ে। দিদিয়ে হয়তো ভাবিছিল সকলো ঠিক হ’ব। কিন্তু  শেহতীয়াকৈ খবৰ আহিছে যে অধীৰৰ ঘনিষ্ঠই বংগৰ কংগ্ৰেছৰ অধ্যক্ষ পদ লাভ কৰিব পাৰে। ইয়াৰ বাহিৰেও শেহতীয়াকৈ ৰাজ্য কংগ্ৰেছৰ কার্যনির্বাহকত ‘একলা চালো’ৰ প্রস্তাৱ গৃহীত হৈছে ৷

একাংশ নেতাই কৈছে যে, উত্তৰ বংগক বাদ দি বিজেপিয়ে আন ঠাইত শক্তিশালী যুঁজ দিব পৰা নাই। এনে পৰিস্থিতিত কংগ্ৰেছ মমতাৰ বিকল্প হ’ব পাৰে। অৱশ্যে এতিয়ালৈকে এই ক্ষেত্ৰত কংগ্ৰেছৰ হাই কমাণ্ডে কোনো মন্তব্য প্ৰদান কৰা নাই। গতিকে যেতিয়ালৈকে কংগ্ৰেছৰ সকলো সিদ্ধান্ত স্পষ্ট নহয় তেতিয়ালৈকে দলটোৰ লগত দিদিয়ে দূৰত্ব বজাই ৰাখিব বুলি ধাৰণা কৰা হৈছে।

Latest News