5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হায় মানৱতা! সাৰি নগ’ল নিজ কন্যাও, গ্ৰেপ্তাৰ এজন পাষাণ পিতৃ…

এক ঘটনা পোহৰলৈ আহিছে যিয়ে কেৱল মানৱ জাতি নহয়, পিতৃ- কন্যাৰ পবিত্ৰ সম্পৰ্কতো কালিমা সানিছে। এগৰাকী কিশোৰীক ধৰ্ষণ কৰে নিজ পিতৃয়ে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই নিকৃষ্ট মানসিকতাৰ লোকজনক।

হায় মানৱতা! সাৰি নগ’ল নিজ কন্যাও, গ্ৰেপ্তাৰ এজন পাষাণ পিতৃ…
প্ৰতীকি ফটো
Follow Us
barasha-sarma
Barasha Sarma | Published: 23 Sep 2024 14:19 PM

দেশত প্ৰতিদিনেই বৃদ্ধি হোৱা নাৰীজনিত অপৰাধমূলক ঘটনাসমূহ কম হোৱাৰ নামেই লোৱা নাই। কিছুমান ঘটনা ইমানেই নৃশংস, জঘন্য থাকে যে ই মানৱ জাতিক কুলষিত কৰি পেলায়। এনে ধৰণৰ এক ঘটনা পোহৰলৈ আহিছে যিয়ে কেৱল মানৱ জাতি নহয়, পিতৃ- কন্যাৰ পবিত্ৰ সম্পৰ্কতো কালিমা সানিছে। এগৰাকী কিশোৰীক ধৰ্ষণ কৰে নিজ পিতৃয়ে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই এতিয়া প্ৰশ্ন উঠিছে যে এগৰাকী নাৰীৰ নিৰাপত্তা ক’ত আছে?  পিতৃ- মাতৃ তথা নিজৰ ঘৰতেই যদি নাৰী সুৰক্ষিত নহয় তেন্তে যাব ক’লৈ?

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজীপুৰত। এই অঞ্চলটোত এজনলোকে নিজৰেই ১৬ বছৰীয়া কন্যাক ধৰ্ষণ কৰে। এবাৰ দুবাৰ নহয়, প্ৰায় ২ মাহ ধৰি এই ধৰ্ষণকাণ্ড সংঘটিত কৰি আহিছে পাষাণজনে। পিতৃৰ শাৰীৰিক মানসিক নিৰ্যাতন সহিব নোৱাৰি কিশোৰীগৰাকীয়ে ২২ ছেপ্টেম্বৰত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়। আদালতে অভিযুক্তক ১৫ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

এই ঘটনা সংঘটিত হৈছে গাজীপুৰ জিলাৰ খানপুৰ থানা এলেকাৰ এখন গাঁৱত।  আৰক্ষীক দিয়া এজাহাৰত ১৬ বছৰীয়া কিশোৰীগৰাকীয়ে কয় যে দুমাহ পূৰ্বলৈ তেওঁলোকৰ পৰিয়ালটো অত্যন্ত সুখী আছিল। কিন্তু এদিন হঠাতে পিতৃয়ে কিশোৰীগৰাকীক ধৰ্ষণ কৰে।  ইয়াৰ বিৰোধিতা কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃয়ে কৰিছিল যদিও দুয়োকে প্ৰাণে মৰাৰ ভাবুকি দিছিল পাষাণ পিতৃয়ে। প্ৰায় ২ মাহ ধৰি কন্যাৰ লগত জঘন্য কাণ্ড সংঘটিত কৰি গৈছিল পিতৃয়ে।

শনিবাৰে নিশাও পিতৃয়ে নিজ কন্যাক ধৰ্ষণ কৰে। ২ মাহ ধৰি ভুগি অহা যন্ত্ৰণাত অতিষ্ঠ হৈ কিশোৰীগৰাকীয়ে দেওবাৰে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। কিশোৰীগৰাকীৰ অভিযোগ শুনি আচৰিত হৈ পৰে আৰক্ষীও। লগে লগে কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে জেৰা চলাই অভিযুক্তক। জেৰাত অভিযুক্তই সকলো অভিযোগ স্বীকাৰ কৰাৰ লগতে যোৱা ২ মাহ ধৰি এই কাণ্ড সংঘটিত কৰি অহা বুলি কয়। তাৰ পাছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক। জানিব পৰা মতে অভিযুক্তই প্ৰথমে মুম্বাইত অটো চলাইছিল আৰু তাৰ পাছত ডুবাইলৈ গৈছিল।  কিছুমাহ পূৰ্বে তেওঁ ডুবাইৰ পৰা উভতি আহি ঘৰতেই আছিল আৰু ২ মাহ ধৰি মানৱ সমাজক লজ্জিত কৰা এই ঘটনা সংঘটিত কৰি আহিছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Latest News