এটা কুকুৰাৰ দৰ ১,১১,১১১ টকা! কিয় উঠিল ইমান দৰ, জানিবলৈ চাওক এই লেখা

এটা মুৰ্গীৰ দাম কিমান হ’ব পাৰে? খুব বেছি ৫০০ বা ১০০০ টকা। অতি বেছি ধৰি লওক ১৫০০ টকা। ইয়াতকৈ অধিক দৰত হয়তো আপুনি কেতিয়াও মুৰ্গী ক্ৰয় কৰি পোৱা নাই। পিছে এটা মুৰ্গীৰ দৰ ১ লাখ টকাতকৈ অধিক বুলি ক’লে আপুনি বিশ্বাস কৰিব নে! শুনিবলৈ আচৰিত হ’লেও এয়াই সঁচা। এটা মুৰ্গীৰ দৰ উঠিছে ১ লাখ ১১ হাজাৰ ১১১ টকালৈ।

এটা কুকুৰাৰ দৰ ১,১১,১১১ টকা! কিয় উঠিল ইমান দৰ, জানিবলৈ চাওক এই লেখা

১,১১,১১১ টকা দৰৰ কুকুৰা

Published: 

20 Jan 2025 15:57 PM

এটা মুৰ্গীৰ দাম কিমান হ’ব পাৰে? খুব বেছি ৫০০ বা ১০০০ টকা। অতি বেছি ধৰি লওক ১৫০০ টকা। ইয়াতকৈ অধিক দৰত হয়তো আপুনি কেতিয়াও মুৰ্গী ক্ৰয় কৰি পোৱা নাই। পিছে এটা মুৰ্গীৰ দৰ ১ লাখ টকাতকৈ অধিক বুলি ক’লে আপুনি বিশ্বাস কৰিব নে! শুনিবলৈ আচৰিত হ’লেও এয়াই সঁচা। এটা মুৰ্গীৰ দৰ উঠিছে ১ লাখ ১১ হাজাৰ ১১১ টকালৈ। এয়া হৈছে দাক্ষিণাত্যৰ ৰাজ্য অন্ধ্ৰ প্ৰদেশৰ ঘটনা। ৰাজ্যখনত শেহতীয়াকৈ এটা মুৰ্গী এই বিশাল দৰত বিক্ৰী হৈছে। পিছে এটা কুকুৰাৰ দৰ কিয় ইমান অধিক হ’ল, এয়া স্বাভাৱিকতেই সকলোৰে মনলৈ আহিব।

অন্ধ্ৰ প্ৰদেশত বিশাল আয়োজনেৰে কুকুৰাৰ যুঁজ অনুষ্ঠিত কৰা হয়। শেহতীয়াকৈ এই মুৰ্গী যুঁজত দুটা মুৰ্গীৰ যুঁজত ১ কোটি টকাৰ বাজি ৰখা হৈছিল আৰু এই যুঁজত এটা কুকুৰা জয়ী হোৱাৰ বাবে কুকুৰাটোৰ মালিকে ১ কোটি টকা জয়লাভ কৰে। ৰাজ্যখনত দীঘলীয়া সময়ৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু এই যুঁজ চাবলৈ যথেষ্ট লোকৰ সমাগমো হয়। এই যুঁজত জয়ী হোৱা কুকুৰাটোৰ মালিকক টকাৰ পুৰস্কাৰ দিয়া হয়।

আনহাতে যুঁজত হৰা কুকুৰাটোৰ প্ৰায়েই মৃত্যু ঘটে। এই মৰা কুকুৰাৰ মাংসৰো এটা দাম আছে। এই কুকুৰাটোৰ মঙহ প্ৰতি কিলোগ্ৰামত ১০০০ টকাৰ পৰা ২৩০০০ টকাত বিক্ৰী কৰা হয়। কিন্তু এই কুকুৰাবোৰ নিলাম হ’লে লাখ লাখ টকাত বিক্ৰী হয়। এইদৰেই এলুৰুত এজন ব্যক্তিয়ে ১ লাখ ১১ হাজাৰ ১১১ টকাত এটা মৰা কুকুৰা ক্ৰয় কৰে। প্ৰকাশিত খবৰ অনুসৰি গোদাৱৰী জিলাত সংক্ৰান্তি উপলক্ষে অনুষ্ঠিত হোৱা কুকুৰা যুঁজত হৈছিল এই নিলাম।

উল্লেখ্য যে কুকুৰা যুঁজৰ বাবে ৫ মাহ পূৰ্বৰে পৰা কুকুৰাটোক ভাল পুষ্টিকৰ খাদ্য দিয়া হয়। আলমণ্ড আৰু কাজুৰ লগতে কণী, কুকুৰা আৰু মাটনৰ কিমাও পৰিবেশন কৰা হয়। ইয়াৰ ফলত কুকুৰাৰ মজ্জা মজবুত হয়। যুঁজত মৃত্যুৰ পিছত এই কুকুৰাটোক কোজা নামেৰে জনা যায়। এই কোজা মাংস কাকো দিয়া নহয়। কোৱা হয় যে এই কোজা মাংসৰ সোৱাদ আন কুকুৰাৰ মাংসতকৈ বেছি। এই কোজা মাংসৰ বাবেই কুকুৰাটোৰ দাম উঠে ১,১১,১১১ টকালৈ।

প্ৰায়ে হয় নেকি বেমাৰ-আজাৰ? শিৱলিংগত অৰ্পন কৰক এই বস্তু...
প্ৰতিদিনে আলু খাই নেকি? তেন্তে সাৱধান...
প্ৰতিদিনে লাল চাহ খোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ লাভৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনি...
স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!