প্ৰেয়সীৰ বাবে চোৰে নিৰ্মাণ কৰিলে ৩ কোটিৰ ঘৰ, দিলে ২২লাখ টকীয়া একুৰিয়াম…
প্ৰেমৰ বাবে মানুহে কি কৰিব নোৱাৰে! শেহতীয়াকৈ এক ঘটনা পোহৰলৈ আহিছে য'ত এজন লোকে নিজ প্ৰেয়সীৰ বাবে চুৰি টকাৰে নিৰ্মাণ কৰিলে ৩ কোটিৰ ঘৰ।
প্ৰেমৰ বাবে কি কি নকৰে মানুহে! বহু সময়ত এনে বহু ঘটনা পোহৰলৈ আহে য’ত প্ৰেমিক- প্ৰেমিকাই নিজৰ সংগীৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু থাকে। কেতিয়াবা যদি সীমান্তৰ সিটো পাৰৰ পৰা সংগীক লগ কৰিবলৈ আহে কেতিয়াবা আকৌ দামী দামী উপহাৰ দিয়ে। এনে এক ঘটনা পুনৰ পোহৰলৈ আহিছে। এজন প্ৰেমিক চোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে এই প্ৰেমিক চোৰজনে চুৰি কৰা টকাৰে নিজ প্ৰেয়সীৰ বাবে নিৰ্মাণ কৰিছিল ৩ কোটিৰ এটা ঘৰ। অভিযুক্তজন ৩৭ বছৰীয়া পঞ্চাকেশৰী স্বামী বুলি চিনাক্ত হৈছে। বেংগালুৰু আৰক্ষীয়ে জনোৱা মতে, এই অভিযুক্তজনৰ বহু অভিনেতা- অভিনেত্ৰীৰ লগতো চিনাকী আছে।
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বেংগালুৰুৰ মাডিৱালা আৰশ্ৰীয়ে এই লোকজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ দীৰ্ঘদিনীয়া অপৰাধৰ অন্ত পেলায় । অভিযুক্তজন মহাৰাষ্ট্ৰৰ চোলাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পত্নী আৰু এটা সন্তানৰ পিতৃ পঞ্চাকেশৰী স্বামী তেওঁৰ চুৰিকাণ্ডৰ লগতে নাৰীজনিত কাণ্ডৰ বাবেও বিশেষ জনাজাত।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে,স্বামীয়ে তেওঁৰ কিশোৰ অৱস্থাৰ পৰা অৰ্থাৎ ২০০৩ চনৰ পৰা এনে চুৰি কাণ্ডত জড়িত হৈ আহিছে। ২০০৯ চনত তেওঁ এজন পেছাদাৰী চোৰ হিচাপে আত্মপ্ৰকাশ কৰে আৰু এটাৰ পাছত আনটো অপৰাধ সংঘটিত কৰিবলৈ আৰম্ভ কৰে। ২০১৪-১৫ চনত তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে চিনাকী হয় আৰু পৰৱৰ্তী সময়ত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।
আৰক্ষীৰ জেৰাত অভিযুক্তই স্বীকাৰ কৰে যে, তেওঁ অভিনেত্ৰীগৰাকীৰ নামত কোটি কোটি টকা খৰচ কৰিছে। ইয়াৰোপৰি তেওঁ ৩ কোটিৰ ব্যয় সাপেক্ষে কলকাতাত এটা ঘৰ নিৰ্মাণ কৰি প্ৰেয়সীক উপহাৰ দিয়ে, লগত দিয়ে ২২ লাখ টকীয়া এটা একুৰিয়াম।
২০১৬ চনত স্বামীক গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু আদালতে তেওঁ ৬ বছৰৰ কাৰাদণ্ড বিহিছিল। সাবৰমতী চেন্ট্ৰেল জেলৰ পৰা মুকলি হোৱাৰ পাছত তেওঁ পুনৰ চুৰি কৰিবলৈ আৰম্ভ কৰে। একেই অভিযোগৰ বাবে পাছত পুনৰ এবাৰ মহাৰাষ্ট্ৰ আৰক্ষীৰ হাতত তেওঁ গ্ৰেপ্তাৰ হয়। জেলৰ পৰা মুকলি হোৱাৰ পাছত তেওঁ বেংগালুৰলৈ আহে আৰু পুনৰ চুৰি কৰিবলৈ আৰম্ভ কৰে।
যোৱা ৯ জানুৱাৰীত বেংগালুৰুৰ মাডিভালা লোকেলিটিৰ এটা ঘৰত চুৰিকাণ্ড সংঘটিত কৰে। এই ঘটনাৰ পাছত আৰক্ষীয়ে সূত্ৰৰ তথ্যৰ ভিত্তিত লোকজনক গ্ৰেপ্তাৰ কৰে আৰু সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে স্বামী আৰু তেওঁৰ সহযোগীৰ পৰা লোহাৰ ৰড, ফায়াৰ বন্দুক, সোণৰ সামগ্ৰী আদি উদ্ধাৰ কৰে । স্বামীয়ে স্বীকাৰ কৰে যে, তেওঁ চুৰি কৰা সোণৰ আ-অলংকাৰসমূহ সোণৰ বিস্কুটলৈ ৰূপান্তৰিত কৰে।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে, স্বামী কাৰাটেৰ ব্লেক বেল্ট লাভ কৰিছিল। পিতৃৰ মৃত্যুৰ পাছত মাতৃয়ে ৰে’লৱে বিভাগত চাকৰি লাভ কৰিছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।