শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পত্নী-সন্তানক এৰি অন্য যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক! পাছত এক ভয়ংকৰ ঘটনা…

নিজ পত্নী, সন্তানক এৰি অন্য যুৱতীৰ সৈতে ৰাখিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু পাছত উদ্ধাৰ হয় সেই যুৱকজনৰ মৃতদেহ। শেহতীয়াকৈ পোহৰলৈ অহা এক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পত্নী-সন্তানক এৰি অন্য যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক! পাছত এক ভয়ংকৰ ঘটনা…
যুৱক-যুৱতীImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 18 Mar 2025 14:04 PM

সুন্দৰী যুৱতী দেখিলেই ভোল নাযাব! কিয়নো সৌন্দৰ্যই মাতি আনিব পাৰে বিপদ। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজন যুৱকে নিজ পত্নী থকাৰ পাছত অন্য যুৱতীৰ সৈতে ৰাখিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু এই প্ৰেমৰ সম্পৰ্কই মাতি আনিলে বিপদ, যাৰ ফলত যুৱকজনে প্ৰাণ হেৰুৱাবলগীয়া হয়। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মৈচুৰত। জানিব পৰা মতে লোকজনৰ দুটাকৈ সন্তানো আছিল কিন্তু তাৰ পাছতো অন্য যুৱতীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল।

এই ঘটনা মৈচুৰ তালুকৰ অনুগনহল্লীৰ।  জানিব পৰা মতে দোৰেস্বামী ওৰফে সূৰ্য নামৰ লোকজন হত্যাৰ বলি হয়। ঘটনাৰ বিৱৰণী অনুসৰি দোৰেস্বামী নামৰ লোকজনৰ বিয়া প্ৰায় ৭ বছৰ পূৰ্বে হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানো আছে। পৰিয়ালটো অতি সুখেৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু তাৰ মাজতে তেওঁ ইনষ্টাগ্ৰামত বেংগালুৰৰ যুৱতী শ্বেতাৰ সৈতে চিনাকী হয়। শ্বেতাক লগ পোৱাৰ পাছতো সকলো সলনি হৈ যায়। ইয়াৰ মাজতে ১২ মাৰ্চত সূৰ্যক কোনোৱে নিৰ্মমভাৱে হত্যা কৰে।

উল্লেখ্য যে,  ইনষ্টাগ্ৰামত লগ পোৱাৰ পিছত শ্বেতা আৰু সূৰ্য একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। এই কথাত ক্ষোভিত হৈ পত্নীয়ে নিজৰ সন্তান দুটিৰ লগত মাকৰ ঘৰলৈ গুচি গৈছিল । ইমানেই নহয়, সূৰ্যৰ মাতৃও বোৱাৰীয়েকৰ লগত গুচি গৈছিল। কিন্তু ইমানখিনিৰ পাছতো সূৰ্যই শ্বেতাক এৰি দিয়া নাছিল। সূৰ্যৰ পত্নীয়ে জানিবলৈ দিয়া মতে সূৰ্যই অনুগনহল্লীৰ দুবিঘা মাটি, ঘৰ আৰু সম্পত্তি তেওঁৰ নামত হস্তান্তৰ কৰিবলৈ কৈছিল। কিন্তু এই কথা পত্নীয়ে নাকচ কৰিছিল। তাৰ কিছুদিন পাছতেই হত্যাৰ বলি হয় সূৰ্য।

এই হত্যাৰ অভিযোগ সূৰ্যৰ পৰিয়ালৰলোকে শ্বেতাৰ বিৰুদ্ধে উত্থাপন কৰিছে। কিয়নো ঘটনাৰ দিনা দুয়োকে একলগে দেখিছিল গাঁৱবাসীয়ে। হত্যাৰ পাছদিনা, ১৩ মাৰ্চত শ্বেতাক বাছ আস্থানৰ কাষত দেখা গৈছিল। কেৱল ইমানেই নহয়, এদিন সুৰাৰ নিচাত সূৰ্যই পৰিয়ালৰ লোকক কৈছিল যে শ্বেততাই তেওঁক হাৰাশাস্তি দি আছে। ইয়াৰোপৰি ঘটনাৰ পাছৰে পৰা শ্বেতা নিৰুদ্দেশ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এই ঘটনা সন্দৰ্ভত সূৰ্যৰ পৰিয়ালৰ লোক দাখিল এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। কিন্তু তদন্তত অন্য এক ঘটনাহে পোহৰলৈ আহে। আৰক্ষীয়ে জনাই যে, শাৰদ আৰু সূৰ্য দুই বন্ধু আছিল। এদিন সুৰাপান কৰাৰ পাছত দুয়োৰে মাজত কাজিয়া হৈছিল আৰু পৰৱৰ্তী সময়ত সূৰ্যই শাৰদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। এই ঘটনাত ক্ষোভিত হৈ যোৱা ২ বছৰ ধৰি শাৰদে বন্ধু সূৰ্যক হত্যা কৰাৰ পৰিকল্পনা কৰি আহিছে।

যোৱা ১২ মাৰ্চৰ পুৱা এই ড্ৰাগছ ক্ৰয় কৰিছিল শাৰদ আৰু একাংশ বন্ধুয়ে। সেই নিশাই শাৰদৰ বন্ধু ৰাজু, কিৰণ, মনু, চান্দু, শেখৰ ওৰফে মংগু, সুনীল কুমাৰ আৰু দুজন নাবালিকে অনুগনহল্লীত সূৰ্যৰ ঘৰত সোমাই শ্বেতাৰ সৈতে মদ্যপান কৰি থকা সূৰ্যক মূৰ আৰু পেটত বন্দুক লৈ আক্ৰমণ কৰি হত্যা কৰে।  এই ঘটনাৰ পাছতেই শ্বেতাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিন্তু এতিয়াও শ্বেতাক বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী। এই সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।