শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ক্ষত্ৰিয় সমাজৰ যুৱতীৰ সৈতে প্ৰেম কৰাই হ’ল কাল! ডিঙি কাটি প্ৰাণ ল’লে শিৱমৰ…

প্ৰেম কৰা কাল হ'ল এজন যুৱকৰ বাবে। ক্ষত্ৰিয় সমাজৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে এজন যুৱকক অতি নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই।

ক্ষত্ৰিয় সমাজৰ যুৱতীৰ সৈতে প্ৰেম কৰাই হ’ল কাল! ডিঙি কাটি প্ৰাণ ল’লে শিৱমৰ…
যুৱকজনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 22 Apr 2025 10:03 AM

প্ৰেমেই কাল হ’ল এজন যুৱকৰ বাবে। উত্তৰ প্ৰদেশৰ আমেঠীৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। য’ত এজন যুৱকক একাংশ লোকে নিৰ্মমভাৱে হত্যা কৰে। অভিযোগ অনুসৰি, একে গাঁৱৰে ক্ষত্ৰিয় সমাজৰ এগৰাকী যুৱতীৰ সৈতে যুৱকজনৰ সম্পৰ্ক আছিল। যুৱকজন দলিত সম্প্ৰদায়ৰ হোৱা বাবে একাংশ লোক তেওঁক হত্যা কৰে। জানিব পৰা মতে, যুৱকজন মুৰ্গী পামত শুই থকা অৱস্থাত একাংশলোকে তেওঁৰ ডিঙি কাটি হত্যা কৰে। পৰৱৰ্তী সময়ত তেওঁক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয়।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। যুৱকজনৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি জাতিগত বিদ্বেষৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

এই সমগ্ৰ ঘটনা জামো থানা ক্ষেত্ৰত অল্পকা পুৰা গাঁৱত সংঘটিত হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি শিৱম নামৰ যুৱকজনৰ একে গাঁৱৰে এগৰাকী ক্ষত্ৰিয় সমাজৰ যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। যুৱকজন দলিত সম্প্ৰদায়ৰ হোৱা বাবে এই কথা মানি ল’ব পৰা নাছিল যুৱতীগৰাকীৰ আত্মীয়ই। যুৱকজন মুৰ্গীৰ পাম এখনত কাম কৰিছিল।

সকলো ঠিকেই চলি আছিল, কিন্তু তাৰ মাজতে সোমবাৰে সন্ধিয়া ৬ মান বজাত সংঘটিত হয় অনাকাংক্ষিত ঘটনা। শিৱম মুৰ্গী পামত শুই থকা অৱস্থাত একাংশ দুৰ্বৃত্ত আহি মাৰপিট কৰে আৰু ডিঙি কাটি পেলায়। শিৱমৰ মৃত্যু হোৱা বুলি সেই স্থানৰ পৰা তেওঁলোক পলাই যায় যদিও পাছলৈ তেওঁক সংকটজনক অৱস্থাত দেখি পৰিয়ালৰ লোকে হাস্পাতালত ভৰ্তি কৰে।

লগে লগে পৰিয়ালৰ লোকে তেওঁক হাস্পাতাললৈ লৈ যায়,কিন্তু চিকিৎসাধীন অৱস্থাত তেওঁ মৃত্যুক সাৱতি লয়। মৃত শিৱমৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰি কয় যে জগন্নাথ নামৰ এজন লোকে এই কাণ্ড সংঘটিত কৰিছে। কিয়নো ক্ষত্ৰিয় সমাজৰ এগৰাকী যুৱতীৰ সৈতে শিৱমৰ সম্পৰ্ক আছিল। ইয়াৰ পূৰ্বে শিৱম জেললৈ যাবলগীয়া পৰিস্থিতিও হৈছিল।  গতিকে পৰিকল্পিত ভাবে এই হত্যাকাণ্ড সংঘটিত কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে  তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।