জঘন্য কাণ্ডৰ চেষ্টাৰ পাছতেই ৫ বছৰীয়া শিশুক হত্যা, আৰক্ষীৰ এনকাউন্টাৰত নিহত অভিযুক্ত

পুনৰ আৰক্ষীৰ এনকাউন্টাৰ নিহত অভিযুক্ত। জানিব পৰা মতে, অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই তেওঁক উদ্দেশ্যি গুলী চলোৱা হয়। যাৰ বাবে তেওঁৰ মৃত্যু হয়।

জঘন্য কাণ্ডৰ চেষ্টাৰ পাছতেই ৫ বছৰীয়া শিশুক হত্যা, আৰক্ষীৰ এনকাউন্টাৰত নিহত অভিযুক্ত

কৰ্ণাটক

Published: 

14 Apr 2025 15:28 PM

এক ভয়ংকৰ ঘটনাই জোকাৰি যায় সমগ্ৰ কৰ্ণাটক। দিন দুপৰতে ৫ বছৰীয়া এটি শিশুক ধৰ্ষণৰ চেষ্টা কৰি হত্যা কৰাৰ ঘটনা সংঘটিত হয় ৰাজ্যখনৰ হুবলীত। ঘটনাক লৈ সৰ্বত্ৰে চাঞ্চল্য অব্যাহত থকাৰ মাজতে দেওবাৰে আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হয় অভিযুক্তৰ। জানিব পৰা মতে, কালি অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। তেতিয়াই অভিযুক্তৰ ওপৰত আৰক্ষীয়ে গুলী চলায়। এই গুলীচালনাৰ ঘটনাত এজন উপ-পৰিদৰ্শক আৰু তিনিজন আৰক্ষীও আহত হয়। এই ঘটনাৰ পিছত এই এনকাউণ্টাৰক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল, যাৰ বাবে ৰাজ্যখনৰ গৃহমন্ত্ৰী জি পাৰ্মেশ্বৰে তদন্তৰ নিৰ্দেশ দিয়ে।

এনকাউণ্টাৰত আহত আৰক্ষীকেইজনৰ বৰ্তমান কৰ্ণাটক চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি আছে। এই ঘটনাক লৈ স্থানীয় লোকৰ মাজত ক্ষোভৰ সৃষ্টি হয়, যাৰ বাবে একাংশ জনতা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত উত্থাপিত হৈ থকা প্ৰশ্ন সন্দৰ্ভত গৃহমন্ত্ৰী জি পৰমেশ্বৰে কয় যে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছো। এই সমগ্ৰ বিষয়ৰ তদন্ত অতি সোনকালে পোহৰলৈ আহিব। আন ৰাজ্যৰ পৰা অহা শ্ৰমিকৰ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয় যে আমি কাকো অহাত বাধা দিয়া নাই, কিন্তু এতিয়াৰ পৰা সকলো ক্ষেত্ৰত তদন্ত কৰা হ’ব।

ঘটনাটো কি

জানিব পৰা মতে এজন যুৱকে কৰ্ণাটকৰ হুবলীত ৫ বছৰীয়া এটি শিশুক ঘৰৰ সন্মুখৰ পৰাই অপহৰণ কৰি লৈ যায়। পৰৱৰ্তী সময়ত অভিযুক্তই শিশুটিক ধৰ্ষণ কৰাৰ চেষ্টা কৰে। কিন্তু যেতিয়া শিশুটিয়ে চিঞৰিবলৈ আৰম্ভ কৰে তেতিয়া অভিযুক্তই শিশুটিক ডিঙি চেপি হত্যা কৰে। পৰৱৰ্তী সময়ত সেই স্থানত স্থানীয় লোক উপস্থিত হয় আৰু অভিযুক্তই সেই স্থানৰ পৰা পলায়ন কৰে।

মৃত শিশুটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্তৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়। স্থানীয় লোক দিয়া ভাষ্যৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।  অভিযুক্ত মূলতঃ বিহাৰৰ নিবাসী ৩৫ বছৰীয়া ৰিতেশ কুমাৰ বুলি চিনাক্ত হৈছে।

আৰক্ষীয়ে কি কয়

আৰক্ষীয়ে জনাই যে, জিম্মাত থকাৰ সময়ত অভিযুক্তই আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। এই সময়চোৱাত অভিযুক্তই আৰক্ষীৰ গাড়ীৰ ক্ষতিসাধন কৰে আৰু শিলগুটি নিক্ষেৰ কৰে। আৰক্ষীয়ে কয় যে,অভিযুক্তক পলায়ন কৰাত বাধা দিবলৈ আৰক্ষীয়ে প্ৰথমে  বতাহত গুলীচালনা কৰে। পাছত অভিযুক্তৰ ভৰি আৰু বুকুত দুটা গুলী পৰে। তেওঁক চিকিৎসাৰ বাবে কেএমচি (কৰ্ণাটক মেডিকেল কলেজ)লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰা হয়।

 

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক