পিতৃয়ে হেৰুৱাইছিল আৰক্ষীৰ চাকৰি, ১১ বছৰ পিছত অধিবক্তা পুত্ৰই ঘূৰাই আনিলে হেৰুওৱা মান আৰু খাকী সাজ…
পিতৃয়ে ১১টা বছৰ পূৰ্বে দুৰ্নীতিৰ অভিযোগত হেৰুৱাইছিল আৰক্ষীৰ চাকৰি। ইয়াৰ পিছত তেওঁৰ পৰিয়ালে পাৰ কৰিছিল এক কঠিন সময়। অৱশেষত পুত্ৰই আইন শিক্ষা সমাপ্ত কৰি নিজৰ প্ৰথমটো গোচৰ হিচাপে পিতৃৰ এই গোচৰেই হাতত লৈ লাভ কৰে আইনী জয় আৰু পিতৃক উভতাই দিয়ে খাকী পোছাকযোৰ।

সন্তানৰ উন্নতি প্ৰতিগৰাকী পিতৃ-মাতৃৰে কাম্য। নিজ সন্তানৰ ভৱিষ্যৎ জীৱন সুখকৰ কৰি তোলাৰ চেষ্টাত প্ৰতিগৰাকী পিতৃ-মাতৃয়েই অহোপুৰুষাৰ্থ কৰে আৰু যেতিয়া সন্তানে আশা কৰাৰ দৰে সফলতা লাভ কৰে, তেতিয়া গৌৰৱান্বিত হয় তেওঁলোকো। পিছে যেতিয়া সন্তানটি পিতৃ-মাতৃৰ হেৰুওৱা সন্মান ঘূৰাই অনাৰ মূল হোতা হৈ পৰে, এই সুখানুভূতিক হয়তো কোনো ভাষাৰেই বাখ্যা কৰিব নোৱাৰি। তেনে এক কৰ্মৰেই এতিয়া চৰ্চালৈ আহিছে এগৰাকী অধিবক্তা যুৱক। নিজৰ দৃঢ়তা আৰু একাগ্ৰতাৰে এই যুৱকজনে উভতাই আনিছে পিতৃৰ হেৰুওৱা মান।
এই যুৱকজনৰ পিতৃয়ে ১১টা বছৰ পূৰ্বে দুৰ্নীতিৰ অভিযোগত হেৰুৱাইছিল আৰক্ষীৰ চাকৰি। ইয়াৰ পিছত তেওঁৰ পৰিয়ালে পাৰ কৰিছিল এক কঠিন সময়। অৱশেষত পুত্ৰই আইন শিক্ষা সমাপ্ত কৰি নিজৰ প্ৰথমটো গোচৰ হিচাপে পিতৃৰ এই গোচৰেই হাতত লৈ লাভ কৰে আইনী জয় আৰু পিতৃক উভতাই দিয়ে খাকী পোছাকযোৰ। ইয়াৰ পিছত অধিবক্তা পুত্ৰ আৰু তেওঁৰ পিতৃৰ এই ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে।
এই ঘটনা মধ্যপ্ৰদেশৰ অনুপপুৰ জিলাৰ। জিলাখনৰ যমুনা কলিয়াৰীৰ বাসিন্দা মিথিলেশ পাণ্ডেই ২০১৩ চনত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল। কিন্তু বিভাগীয় তদন্তত পাণ্ডেৰ আয়ৰ অনুপাতে সম্পত্তিৰ পৰিমাণ অধিক থকাৰ অভিযোগ উত্থাপন কৰি তেওঁক সেৱাৰ পৰা বৰ্খাস্ত কৰা হৈছিল। মিথিলেশ পাণ্ডেই বাৰে বাৰে আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াসকলক ন্যায়ৰ বাবে আবেদন জনাইছিল যদিও তেওঁৰ আবেদন আওকাণ কৰা হৈছিল।
ইয়াৰ পিছত তেওঁ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে। কিন্তু বিভাগীয় অৱহেলাৰ ফলত এই গোচৰ পিছুৱাই গৈ থাকে। এনে পৰিস্থিতিত মানসিক, আৰ্থিক আৰু সামাজিকভাৱে সংগ্ৰাম কৰিবলগা হয় মিথিলেশ পাণ্ডেৰ পৰিয়াল। এফালে পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হ’বলৈ ধৰিলে আৰু আনফালে সামাজিক অপমানৰো সন্মুখীন হ’বলগীয়া হয়। কিন্তু এনে প্ৰতিকূল পৰিস্থিতিতো হাৰ নামানিলে পাণ্ডে পৰিয়ালে।
পাৰিবাৰিক এই সমস্যাৰ মাজতে মিথিলেশ পাণ্ডেৰ পুত্ৰ অভিষেক পাণ্ডেই আইন অধ্যয়ন সম্পূৰ্ণ কৰে আৰু আইনৰ ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰিবলৈ আৰম্ভ কৰে। অধিবক্তা হোৱাৰ পিছত কেৰিয়াৰ আৰম্ভ কৰি অভিষেকে প্ৰথমে পিতৃৰ গোচৰটো হাতত লয় আৰু ন্যায় লাভৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰে। ২০২৪ চনত তেওঁ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় দ্বিবেদীৰ আগত পিতৃৰ সপক্ষে যুক্তি দাঙি ধৰি সকলো অভিযোগ খাৰিজ কৰিছিল।
ক্ৰছ ইকজামিনেচনৰ সময়ত তেওঁ আদালতৰ সন্মুখত প্ৰমাণ কৰিলে যে তেওঁৰ পিতৃৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ভিত্তিহীন আৰু তেওঁক ভুৱা অভিযোগত চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁৰ আত্মসন্মানো লাঘৱ হৈছে। অৱশেষত কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিলে অভিষেকে আৰু ২০২৪ চনৰ ১৭ মে’ত উচ্চ ন্যায়ালয়ে মিথিলেশ পাণ্ডেক পুনৰ সেৱাত যোগদান কৰিবলৈ নিৰ্দেশ জাৰি কৰে। আদালতৰ নিৰ্দেশৰ পিছত অনুপপুৰৰ আৰক্ষী অধীক্ষকে তেওঁক পুনৰ কৰ্তব্যত নিযুক্তি দিয়ে।
সেই অনুসাৰে ৫ এপ্ৰিলত মিথিলেশ পাণ্ডেই অনুপপুৰ থানাত যোগ দিয়ে। পাণ্ডে পৰিয়ালৰ বাবে এই দিনটো কেৱল চাকৰি ঘূৰাই পোৱাৰ বাবে হোৱা আনন্দৰ দিনেই নহয়, আত্মসন্মান আৰু আত্মবিশ্বাস ঘূৰাই পোৱাৰো এক স্মৰণীয় ক্ষণ হৈ পৰে। এইদৰে সমস্যাৰ মাজতো আইন অধ্যয়ন কৰি অধিবক্তা হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ লগতে পিতৃ তথা পৰিয়ালৰ সন্মানো ঘূৰাই আনিলে অভিষেকে। এফালে গৌৰৱ তথা আনন্দ আৰু আনহাতে কৃতজ্ঞতাত গদগদ হৈ উঠিল মিথিলেশ পাণ্ডে।