চিংৰাৰ ভিতৰত ওলাল এনে ভয়ংকৰ সামগ্ৰীঃ খাওঁতাৰ মুখত লাগিল আঘাত, তাৰ পিছত… | Man found such thing inside samosa mouth filled with blood Assam news - Assam Tv9

চিংৰাৰ ভিতৰত ওলাল এনে ভয়ংকৰ সামগ্ৰীঃ খাওঁতাৰ মুখত লাগিল আঘাত, তাৰ পিছত…

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত যুৱকজনে প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা। তেওঁ উল্লেখ কৰা মতে, ঘাইপথৰ কাষৰ ৰেষ্টুৰেণ্ট এখনৰ পৰা তেওঁ ক্ৰয় কৰিছিল চিংৰা। পিছে চিংৰাৰ প্ৰতি থকা তেওঁৰ মোহ মু্হূৰ্ততে ভংগ হয়। গৰম হৈ থকা চিংৰাটোত একামোৰ দিয়াৰ লগে লগে তেওঁৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে।

চিংৰাৰ ভিতৰত ওলাল এনে ভয়ংকৰ সামগ্ৰীঃ খাওঁতাৰ মুখত লাগিল আঘাত, তাৰ পিছত…

বিহাৰত হৈছে এই ঘটনা

Published: 

20 Jul 2024 12:30 PM

সাধাৰণতে প্ৰায় প্ৰতিগৰাকী ভাৰতীয়ৰে প্ৰিয় খাদ্য তালিকাত থাকে চিংৰা। চিংৰাৰ জনপ্ৰিয়তা তথা চিংৰাৰ প্ৰতি খাদ্যৰসিক সকলৰ প্ৰতি থকা লোভৰ কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। তাতে এই চিংৰা যদি গৰমে গৰমে পৰিৱেশন কৰা হয়, তেতিয়া সেই সোৱাদ আৰু তৃপ্তিও অধিক হৈ পৰে। পিছে এনে প্ৰিয় খাদ্যবিধত মুখত লৈ কামোৰ দিয়াৰ সময়তে যদি মুখমণ্ডল তেজেৰে ভৰি পৰে, তেতিয়া কেনে হ’ব পৰিস্থিতি! এনে এক ঘটনাই সংঘটিত হৈছে বিহাৰত। চিংৰাৰ ভিতৰত ওলোৱা এক ধাৰ থকা সামগ্ৰীৰ ফলত তেজেৰে তুমুৰলি হৈ পৰে যুৱক এজনৰ মুখ।

সম্প্ৰতি এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত যুৱকজনে প্ৰকাশ কৰিছে সমগ্ৰ ঘটনা। তেওঁ উল্লেখ কৰা মতে, ঘাইপথৰ কাষৰ ৰেষ্টুৰেণ্ট এখনৰ পৰা তেওঁ ক্ৰয় কৰিছিল চিংৰা। পিছে চিংৰাৰ প্ৰতি থকা তেওঁৰ মোহ মু্হূৰ্ততে ভংগ হয়। গৰম হৈ থকা চিংৰাটোত একামোৰ দিয়াৰ লগে লগে তেওঁৰ মুখৰ পৰা তেজ ওলাবলৈ ধৰিলে।

এনে ঘটনাত হচকিত হৈ যুৱকজনে লগে লগে চিংৰাটো মুখৰ পৰা পেলাই দিয়ে আৰু ভালদৰে চিংৰাটো চাই ভিতৰত আলুৰ লগতে লোহাৰৰ এটুকুৰা সৰু তাঁৰো দেখিবলৈ পায়। এই তাঁৰৰ টুকুৰাটোৰ বাবেই তেওঁৰ মুখৰ ভিতৰত ঘাঁ লাগে আৰু মুখৰ ভিতৰৰ পৰা তেজ ওলাবলৈ ধৰে। লগে লগে যুৱকজনে এই ঘটনাৰ ভিডিঅ’ বনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

যুৱকজনে লগতে তাৎক্ষণিকভাৱে হোটেলৰ মালিকক এই বিষয়ে অৱগত কৰে। এনে ঘটনাৰ বাবে হোটেলখনৰ মালিকে যুৱকজনৰ ওচৰত ক্ষমা বিচাৰে। যুৱকজনে জানিবলৈ দিয়া মতে তৰাইয়া ৰামবাগ SH73 ত অৱস্থিত গোলু হোটেলৰ পৰা তেওঁ চিংৰাটো ক্ৰয় কৰিছিল আৰু এই চিংৰা খোৱাৰ লগে লগে তেওঁ এনে বিপদৰ সন্মুখীন হয়।

এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছত বহু লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন লোকে এনেধৰণৰ ঘটনাৰ বাবে এই হোটেলখন কুখ্যাত বুলি দাবী কৰে। গোলু হোটেল অতি বিখ্যাত হ’লেও ইয়াৰ খাদ্যক লৈ বহুবাৰ এনে অভিযোগ পোৱা গৈছে বুলি তেওঁ মন্তব্য কৰে। আন এজন লোকে আকৌ এনে কাৰণতে পথৰ কাষৰ বস্তু খাব নালাগে বুলি পৰামৰ্শ আগবঢ়ায়।

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?