শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেহত সেন্দূৰ সানি বহুৱাই দিছিল শিশুটিক, আৰু পাছত…কামাখ্যাত তন্ত্ৰ বিদ্যাৰ শিক্ষা লোৱা লোকৰ ভয়ংকৰ কাণ্ড…

এক ভয়ংকৰ ঘটনা। অভিযোগ অনুসৰি, কামাখ্যাত তন্ত্ৰ বিদ্যাৰ শিক্ষা লোৱা এজন লোকে এক নৃশংস কাণ্ড সংঘটিত কৰাৰ চেষ্টা কৰে। তন্ত্ৰ মন্ত্ৰৰ বাবে তেওঁ ৫ বছৰীয়া এটি শিশুক লৈ যায় আৰু পাছত সেন্দূৰৰ প্ৰলেপ সানি দিয়ে।

দেহত সেন্দূৰ সানি বহুৱাই দিছিল শিশুটিক, আৰু পাছত…কামাখ্যাত তন্ত্ৰ বিদ্যাৰ শিক্ষা লোৱা লোকৰ ভয়ংকৰ কাণ্ড…
প্ৰতীকি ফটোImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Updated On: 31 Mar 2025 14:52 PM

পাঁচ বছৰীয়া পুত্ৰক শুৱাই থৈ বাহিৰলৈ ওলাই গৈছিল এগৰাকী মাতৃ। পৰৱৰ্তী সময়ত আহি দেখে সন্তান নাই। সন্তানক নাপাই লগে লগে হুৱা দুৱা লাগে, মাতৃয়ে সন্তানক বিচাৰি কান্দিবলৈ আৰম্ভ কৰে।  তাৰ কিছু সময় পাছতেই অঞ্চলটোৰ বাসিন্দাই শিশুটিক প্ৰত্যক্ষ কৰে। তেওঁ দেখে যে ওচৰৰ এঘৰত শিশুটি খিৰিকীৰ কাষত বহি আছে। শিশুটিৰ দেহত সেন্দূৰ লগোৱা আছে। দৰাচলতে, ওচৰ চুবুৰীয়াই শিশুটিক বলি দিয়াৰ চেষ্টা কৰিছিল আৰু তেতিয়াই…এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পশ্চিম বংগৰ পশ্চিম মেদিনাপুৰৰ সৰগা গাঁৱত । এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

জানিব পৰা মতে অভিযুক্ত ব্যক্তিজনৰ নাম ৰঞ্জিত ৰুইদাস। শিশুটি গৰবেটাৰ ৩নং ব্লকৰ বাসিন্দা। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মাতৃগৰাকীয়ে পাঁচ বছৰীয়া শিশুটিক শুই থকা অৱস্থাত এৰি থৈ গৈছিল। কিছুসময়ৰ পাছত উভতি আহি দেখে যে শিশুটি সেই স্থানত নাই। লগে লগে মাতৃয়ে শিশুটিক চাৰিওফালে বিচাৰিবলৈ আৰম্ভ কৰে কিন্তু কোনো সন্ধান নাপালে। পৰৱৰ্তী সময়ত এজনলোকে শিশুটিক ওচৰৰ এঘৰত প্ৰত্যক্ষ কৰে।

সেই সময়ত শিশুটি বন্ধ ঘৰ এটাৰ খিৰিকীৰ কাষত বহি আছিল। শিশুটিৰ গোটেই দেহত সেন্দূৰ আৰু বিশেষ ধৰণৰ প্ৰলেপ দিয়া আছিল। লগে লগে পৰিয়ালৰ লোকে এই কথা জানিব পাৰে আৰু শিশুটিক উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

স্থানীয় লোকে কৰা দাবী অনুসৰি, তন্ত্ৰ মন্ত্ৰ কৰে ৰঞ্জিতে। কামাখ্যাত তেওঁ শিকিছিল তন্ত্ৰ বিদ্যা। যাৰ বাবে শিশুটিক বলি দিবলৈ চেষ্টা কৰিছিল। এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী উপস্থিত হৈ ৫ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, প্ৰায় ১ বছৰৰ পৰা অভিযুক্তই তন্ত্ৰ মন্ত্ৰ শিকি আছে। যোৱা কেইবামাহ ধৰি ৰঞ্জিতে ওচৰৰ শিশুটিৰ ওপৰত চকু ৰাখিছিল। গতিকে সুযোগ পোৱাৰ লগে লগে শিশুটিক লৈ যায় তেওঁ। এই সন্দৰ্ভত শিশুটিৰ মাতৃয়ে কয় যে,”ল’ৰাটোক বিচনাত শুৱাই দিছিলো। কিছু মুহূৰ্তৰ পাছতেই ঘৰৰ ভিতৰত আহি দেখো যে শিশুটি নাই। ইয়াৰ সলনি সেই স্থানত পৰি আছিল শিশুটিয়ে পিন্ধি থকা তাবিজ। লগে লগে শিশুটিক বিচাৰিবলৈ আৰম্ভ কৰিলো আৰু কথমপি প্ৰাণ ৰক্ষা হল সন্তানৰ। মহিলাগৰাকীয়ে দাবী কৰা অনুসৰি অভিযুক্ত ৰঞ্জিতে কামাখ্যাত তন্দ্ৰ বিদ্যা শিকিছিল।