শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পিতৃ মৃত্যুৰ প্ৰতিশোধ! ১৪ বছৰ পাছত জেলৰ পৰা ওলাই অহা অভিযুক্তক হত্যা পুত্ৰৰ…

এক ভয়ংকৰ ঘটনা। পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ দিন দুপৰতে এজনক হত্যা কৰিলে পুত্ৰই। জানিব পৰা মতে, প্ৰায় ১৪ বছৰ আগতে লোকজনে এক যুৱকজনৰ পিতৃক হত্যা কৰিছিল।

পিতৃ মৃত্যুৰ প্ৰতিশোধ! ১৪ বছৰ পাছত জেলৰ পৰা ওলাই অহা অভিযুক্তক হত্যা পুত্ৰৰ…
উত্তৰ প্ৰদেশImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 08 Apr 2025 13:03 PM

এক ভয়ংকৰ ঘটনা। পিতৃৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ এজন যুৱকে দিনৰ পোহৰতে এজন আদবয়সীয়া লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ লোকজনক হাস্পাতাললৈ লৈ যায়, কিন্তু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। উত্তৰ প্ৰদেশৰ হৰদোই অঞ্চলত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হৰদোই জিলাৰ বেনিগঞ্জ থানা এলেকাৰ ভৈন গাঁৱত এই ঘটনা সংঘটিত হৈছে। হত্যাকাণ্ডৰ বলি হোৱা লোকজনৰ নাম চৰপঞ্চ বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে জনোৱা মতে, ২০০৯ চনত একেখন গাঁৱৰে বাসিন্দা সত্যপাল নামৰ এজন ব্যক্তিক চৰপঞ্চে হত্যা কৰিছিল। ১৪ বছৰ কাৰাবাস খটাৰ পাছ কিছুদিন পূৰ্বে তেওঁ মুকলি আকাশৰ তললৈ আহিছিল। জেলৰ পৰা ওলাই অহাৰ পিছত চৰপঞ্চে দিল্লীত থাকি শ্ৰম কৰি জীৱন নিৰ্বাহ কৰিছিল।

কিন্তু কিছুদিন পূৰ্বে গাঁৱলৈ ঘূৰি আহিছিল চৰপঞ্চ। ইয়াৰ বিপৰীতে সত্যপালৰ পুত্ৰ সুৰয পিতৃৰ হত্যাৰ প্ৰতিশোধৰ জুইত জ্বলি আছিল। পিতৃৰ হত্যাকাৰীক গাঁৱত দেখি পুনৰ এবাৰ ক্ষোভিত হৈ পৰিছিল সুৰয। ইয়াৰ মাজতে সোমবাৰে চৰপঞ্চ নামৰ লোকজনে ৰাস্তাৰে গৈ আছিল, তেতিয়াই সুৰযে একাংশ সতীৰ্থৰ সৈতে মিলি তেওঁৰ ওপৰত আক্ৰমণ কৰে। লাঠী, কুঠাৰ আদিৰে কৰা আক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাই লোকজনে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তেজেৰে লুতুৰী পুতুৰী হৈ থকা লোকজনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। দিনৰ পোহৰত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ পিছত আৰক্ষী অধীক্ষক নীৰজ জাদৌন আৰু শীৰ্ষ বিষয়াসকলে গাঁওখনত উপস্থিত হয়। ইয়াৰোপৰি ঘটনাস্থলীত উপস্থিত হৈ ফৰেনছিক দলে তথ্য প্ৰমাণ সংগ্ৰহ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ কাম সম্পূৰ্ণ কৰিছে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ জেৰাত স্থানীয় ৰাইজে কয় যে, পুৰণি বিবাদৰ পৰিপ্ৰেক্ষিতত এই ঘটনা সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪ জন পুৰুষ আৰু ৩ গৰাকী মহিলাক আটক কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।