শোকাৱহ! গাড়ী চলাই থকাৰ সময়তে আহিল হাৰ্ট এটেক, মৃত্যু ঘটিল চালকৰ

উত্তৰ প্ৰদেশত সংঘটিত হোৱা এনে এক ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। গাড়ী চলাই থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু ঘটিছে এজন ব্যক্তিৰ। গাজিয়াবাদৰ ছিহানী গেট থানা এলেকাত দুৰ্ঘটনাত পতিত হয় এখন বাহন। দুৰ্ঘটনাৰ পিছত তদন্তত পোহৰলৈ আহে বাহনখনৰ চালক হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ তথ্য।

শোকাৱহ! গাড়ী চলাই থকাৰ সময়তে আহিল হাৰ্ট এটেক, মৃত্যু ঘটিল চালকৰ

বাহন চলাই থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু চালকৰ

Published: 

18 Jan 2025 13:43 PM

দেশত শেহতীয়া সময়ছোৱাত ব্যাপক হাৰত বৃদ্ধি পাইছে হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা। দৈনিক হাৰ্ট এটেকৰ ফলত ৰোগীৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। উত্তৰ প্ৰদেশত সংঘটিত হোৱা এনে এক ঘটনাই সংবাদ শিৰোনাম দখল কৰিছে। গাড়ী চলাই থকাৰ সময়তে হাৰ্ট এটেকত মৃত্যু ঘটিছে এজন ব্যক্তিৰ। গাজিয়াবাদৰ ছিহানী গেট থানা এলেকাত দুৰ্ঘটনাত পতিত হয় এখন বাহন। দুৰ্ঘটনাৰ পিছত তদন্তত পোহৰলৈ আহে বাহনখনৰ চালক হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ তথ্য।

অৰ্থাৎ চালকজন হাৰ্ট এটেক আক্ৰান্ত হোৱাৰ ফলতে বাহনখন দুৰ্ঘটনাত পতিত হয় আৰু মৃত্যু ঘটে ব্যক্তিজনৰ। নিহত লোকজনক যোগেশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰকাশিত খবৰ অনুসৰি নিহত যোগেশ কুমাৰ গাজিয়াবাদৰে শালীমাৰ এক্সটেনচন ফাৰ্ষ্টৰ বাসিন্দা। ছিহানী গেট থানাৰ সন্মুখত থকা ফ্লাই অভাৰৰ ওপৰেৰে গাড়ী চলাই থকা অৱস্থাতে হঠাৎ হাৰ্ট এটেকত আক্ৰান্ত হয় যোগেশ।

হাৰ্ট এটেকৰ বাবে চলন্ত গাড়ীতে যোগেশ অচেতন হৈ পৰে আৰু বাহনখন নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। যোগেশ অচেতন হৈ পৰাৰ পিছতে নিয়ন্ত্ৰণহীন বাহনখনে এখন বাইকত খুন্দা মাৰে আৰু তাৰ পিছত ফ্লাই অভাৰৰ ৰেলিঙত খুন্দা মাৰি ৰৈ যায়। এই দুৰ্ঘটনাৰ পিছতে সেই স্থানত থকা একাংশ লোক গুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ কাষ চাপি আহে আৰু তৎপৰতাৰে যোগেশক বাহনৰ পৰা নমাই আনে।

এই সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু লগে লগে যোগেশক সমীপৰ এখন চিকিৎসালয়লৈ লৈ যায়। পিছে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে,যোগেশ এগৰাকী উচ্চ ৰক্তচাপত আক্ৰান্ত ৰোগী আছিল আৰু সেয়ে তেওঁ নিয়মিতভাৱে ঔষধ গ্ৰহণ কৰিছিল।

ইফালে এই ঘটনাই জোকাৰি তুলিছে যোগেশৰ পৰিয়ালক। যোগেশৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো। আনহাতে আৰক্ষীয়ে যোগেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যোগেশ কুমাৰৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হোৱাৰ কথা স্পষ্ট হৈ পৰা বুলি জানিব পৰা গৈছে।

লক্ষণীয়ভাৱে হৃদৰোগ বিশেষজ্ঞসকলৰ মতে শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে আৰু সেয়ে শীতকালত হৃদৰোগীত আক্ৰান্ত লোকসকলে সময়মতে ঔষধ সেৱন কৰিব লাগে বুলি তেওঁলোকে মত প্ৰকাশ কৰে। লগতে হৃদৰোগীসকলে গাড়ীৰ হিটাৰটো বেছি ওপৰলৈ চলাব নালাগে বুলি জানিবলৈ দিয়ে। বহু সময়ত হিটাৰেও গাড়ীৰ ভিতৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰে বুলি বিশেষজ্ঞসকলে উল্লেখ কৰে।

স্বাস্থ্য উপকাৰী মূলা হ’ব পাৰে ক্ষতিৰো কাৰণ, এইসকল লোকে মূলা খোৱাৰ পূৰ্বে হওক সাৱধান!
অট' চালকে ৰক্ষা কৰিলে ছেইফৰ জীৱন! নল'লে এটা টকাও ভাড়া
ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?