হৃদয় বিদাৰক! চাৰি দিব্যাংগ কন্যাৰ সৈতে ঘৰৰ ভিতৰতে চৰম পন্থা গ্ৰহণ পিতৃৰ | Man took extreme step along with 4 daughters Delhi Vasant Kunj Assam news - Assam Tv9

হৃদয় বিদাৰক! চাৰি দিব্যাংগ কন্যাৰ সৈতে ঘৰৰ ভিতৰতে চৰম পন্থা গ্ৰহণ পিতৃৰ

Published: 

28 Sep 2024 14:41 PM

দিল্লীৰ বসন্ত কুঞ্জত নিজৰ চাৰি কন্যাৰ সৈতে ঘৰৰ ভিতৰতে আত্মহত্যা কৰিছে এজন পিতৃয়ে। ভাড়াঘৰৰ ভিতৰতে ৰাসায়নিক পদাৰ্থ সেৱন কৰি পৰিয়ালটোৱে আত্মহত্যাৰ পথ লোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীত।

হৃদয় বিদাৰক! চাৰি দিব্যাংগ কন্যাৰ সৈতে ঘৰৰ ভিতৰতে চৰম পন্থা গ্ৰহণ পিতৃৰ

ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীত

Follow Us On

এক হৃদয় বিদাৰক ঘটনাই জোকাৰিছে দিল্লী। দেশৰ ৰাজধানী অঞ্চলটোৰ ৰংপুৰী অঞ্চলত চাৰিগৰাকী কন্যাৰ সৈতে আত্মহত্যা কৰে এজন পিতৃয়ে। এই চৰম সিদ্ধান্ত গ্ৰহণৰ আঁৰৰ কাৰণে শোকত অন্তৰাত্মা কঁপাই তুলিছে সকলোৱে। চাৰি কন্যাৰ সৈতে এটা ভাড়াঘৰত বাস কৰি আছিল এই লোকজনে। ভাড়া ঘৰটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ সন্ধান চলোৱাৰ পিছত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা। ঘৰৰ দুৱাৰ ভাঙি ভিতৰলৈ প্ৰৱেশ কৰি আৰক্ষীয়ে উদ্ধাৰ কৰে চাৰি কিশোৰী আৰু তেওঁলোকৰ পিতৃৰ মৃতদেহ।

এইদৰে নিদাৰুণভাৱে চৰম পন্থা গ্ৰহণ কৰা ব্যক্তিজনৰ নাম হীৰা লাল। ৫০ বছৰীয়া হীৰা লালে পৰিয়ালৰ সৈতে ৰংপুৰী অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁৰ পৰিয়ালত আছিল চাৰিগৰাকী কন্যা। ইতিপূৰ্বেই মৃত্যু ঘটিছিল হীৰা লালৰ পত্নীৰ। ইফালে তেওঁৰ চাৰিওগৰাকী কন্যা আছিল বিশেষভাৱে সক্ষম। এই চাৰিওগৰাকী দিব্যাংগ কন্যাক অকলেই চোৱাচিতা কৰিব লগা হৈছিল হীৰা লালে।

শাৰীৰিক অক্ষমতাৰ বাবে হীৰা লালৰ চাৰি কন্যাই খোজ কাঢ়িব পৰা নাছিল। এনে পৰিস্থিতিত সকলো কাম অকলেই কৰিবলগা হৈছিল হীৰা লালে। দিল্লীৰে বসন্ত কুঞ্জত অৱস্থিত স্পাইনেল ইনজুৰি হস্পিতালত কাঠমিস্ত্ৰী হিচাপে কাম কৰা হীৰা লালে এই উপাৰ্জনেৰেই চাৰি কন্যা সন্তানৰ যত্ন লোৱাৰ লগতে পৰিয়াল চলাই আহিছিল। এফালে কৰ্মস্থলীৰ দায়িত্বৰ লগতে তেওঁ আনফালে ঘৰৰ দায়িত্বও পালন কৰি আহিছিল।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে হীৰা লালৰ চুবুৰীয়া কিছু লোকে হীৰা লালৰ ভাড়াঘৰৰ পৰা দুৰ্গন্ধ  ওলোৱা যেন অনুভৱ কৰে। এই দুৰ্গন্ধ লাহে লাহে অধিক হ’বলৈ ধৰাত চুবুৰীয়া লোকসকলে আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰাৰ লগে লগে স্থানীয় বসন্ত কুঞ্জ আৰক্ষী সেই স্থানত উপস্থিত হয়। আৰক্ষীৰ আগত স্থানীয় লোকসকলে এই দুৰ্গন্ধৰ বিষয়ে উল্লেখ কৰাৰ লগতে বহু দিন ধৰি পৰিয়ালটোক দেখা পোৱা নাছিল বুলিও অৱগত কৰে।

ইয়াৰ পিছতে ভাড়াঘৰটোৰ মালিক আৰু আন লোকসকলৰ উপস্থিতিত আৰক্ষীয়ে দুৱাৰ ভাঙি ঘৰটোৰ ভিতৰ্ত প্ৰৱেশ কৰে। ঘৰৰ ভিতৰলৈ সোমোৱাৰ পিছতে শিহৰিত হৈ পৰে আৰক্ষী। ঘৰটোৰ প্ৰথম কোঠাটোতে থকা এখন বিচনাত হীৰালালৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছত আনটো কোঠাত বিচনাত পৰি থকা অৱস্থাত চাৰি কন্যাৰ মৃতদেহো আৰক্ষীয়ে উদ্ধাৰ কৰে।

আৰক্ষীয়ে লগে লগে ঘটনাস্থলীলৈ ফৰেনছিক দল মাতি আনি তথ্য প্ৰমাণ সংগ্ৰহ কৰাৰ পাছত মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। হীৰা লালৰ লগতে তেওঁৰ নিহত কন্যাকেইগৰাকীক নীতু (১৮), নিশি (১৫),নীৰু (১০) আৰু আঠ বছৰীয়া কন্যা নিধি বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পিছত হীৰা লালে নিজৰ চাৰিগৰাকী কন্যাৰ সৈতে বিষাক্ত পদাৰ্থ সেৱন কৰি আত্মহত্যা কৰা বুলি জানিবলৈ দিছে।

ইফালে ঘৰটোৰ ভিতৰত পৰীক্ষা কৰাৰ পিছতো কোনো চুইচাইড নোট উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে। মূলতঃ চাৰিও কন্যাৰ শাৰীৰিক অক্ষমতাৰ বাবে মানসিক অশান্তিত ভুগি হীৰা লালে আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

নৰসিংহৰ পাত পাচলি নে মচলা? জানক সঠিক উত্তৰ
অত্যাধিক চাহ খোৱা অভ্যাসৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? জানক বিশেষজ্ঞৰ পৰা
কেঁচা অমিতাই স্বাস্থ্যক কেনেদৰে প্ৰভাৱিত কৰে? বিশেষজ্ঞৰ পৰা জানক
ঋণত ডুব গৈ আছে নেকি? বাস্তু শাস্ত্ৰৰ এই টিপচ গ্ৰহণ কৰি কৰক সমাধান
Exit mobile version