5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

মনালীত বৰফৰ মাজত আৱদ্ধ শ শ পৰ্যটকঃ ভোক-পিয়াহত গোটেই নিশা থাকিল গাড়ীৰ ভিতৰত

তুষাৰপাতৰ আনন্দ ল'বলৈ গৈ বিপদত শ শ পৰ্যটক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি মনালী পোৱাৰ পূৰ্বে তুষাৰপাতত আৱদ্ধ হৈ পৰে শ শ পৰ্যটক। গোটেই নিশা ভোক-পিয়াহত কটাবলগীয়া হয় বৰফৰ মাজত গাড়ীৰ ভিতৰত।

মনালীত বৰফৰ মাজত আৱদ্ধ শ শ পৰ্যটকঃ ভোক-পিয়াহত গোটেই নিশা থাকিল গাড়ীৰ ভিতৰত
তুষাৰপাতImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 29 Dec 2024 14:21 PM

তুষাৰপাতে বহু মানুহক আকৰ্ষিত কৰে। যাৰ বাবে শীতকালত বহু পৰ্যটকে ভিৰ কৰে হিমাচল প্ৰদেশ, ছিক্কিম, জম্মুকাশ্মী আদিৰ দৰে আদি ঠাই। কিন্তু এই বৰফৰ বাবে এতিয়া বিপদত পৰিছে  শ শ পৰ্যটক। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি মনালীৰ লাংগানালা আৰু পলচানৰ মাজত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত আৱদ্ধ হৈ পৰিছে শ শ পৰ্যটক। বৰফৰ ফলত এই পথটোত যান বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱাৰ লগতে বহু পৰ্যটক নাখাই নবৈ নিশাটো বৰফৰ মাজত গাড়ীৰ ভিতৰত আৱদ্ধ হৈ থাকিবলগীয়া হয়। শনিবাৰে দুপৰীয়াৰ পৰা এই পৰ্যটকসকল এনেদৰে আৱদ্ধ হৈ থাকে।

ৰ্যটকসকলে বহু আশা কৰি মনালীলৈ আহিছিল যদিও এতিয়াও বহুচো তীব্ৰ যানজঁটৰ মাজত আৱদ্ধ হৈ আছে। জানিব পৰা মতে শনিবাৰে দুপৰীয়া প্ৰায় ২ বজাৰ পৰা আৰম্ভ হোৱা যানজঁটত শ শ পৰ্যটক আৱদ্ধ হৈ নিশা ভোকপিয়াহত নিজৰ বাহনত থাকিবলগীয়া হয়। বহু পৰ্যটকে ঘটনাৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে য’ত দেখা গৈছে যে, ভয় শংকাত যাত্ৰীসকলে তেওঁলোকক উদ্ধাৰৰ বাবে সহায় বিচাৰিছে। 

ঘটনাৰ লগে লগে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু গোটেই নিশা পথৰ পৰা বৰফ আঁতৰাই পথ মুকলি কৰাৰ চেষ্টা কৰে। কিন্তু তাৰ পাছতো প্ৰচণ্ড তুষাৰপাতৰ ফলত উদ্ধাৰ অভিযানত ব্যাঘাত জন্মে। বহু চেষ্টাৰ অন্তত বাহনসমূহ উদ্ধাৰ কৰাত সফল হয় যদিও দীঘলীয়া শাৰীৰ বাবে বহু সময়ৰ প্ৰয়োজন হয়।

ঘটনা সন্দৰ্ভত স্থানীয়লোক আৰু পৰ্যটকসকলে কয় যে, পৰিস্থিতি অধিক বেয়া আছিল। ঠাণ্ডা আৰু ভোকপিয়াহৰ বাবে যাত্ৰীসকলে কষ্টৰে সময় কটাবলগীয়া হৈছিল। আজি পুুৱাৰ ভাগত কিছু সংখ্যক যাত্ৰী মনালী পাবলৈ সক্ষম হয় যদিও  বহু সংখ্যকলোক এতিয়াও সমস্যাৰ সন্মুখীন হৈ আছে। 

এই ঘটনাই হিমাচল প্ৰদেশত তুষাৰপাতৰ সময়ত পৰ্যটকৰ সুৰক্ষা আৰু উন্নত ব্যৱস্থাপনাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰোপৰি প্ৰশাসনে আহ্বান জনাইছে যে, যাত্ৰীসকলে যাতে বতৰৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি যাত্ৰাৰ পৰিকল্পনা কৰে। ইয়াৰোপিৰ শীতকালত বৰফ পৰাৰ সময়ত যাত্ৰীসকলক প্ৰয়োজনীয় সকলো সুৰক্ষা তথা সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে, জম্মুকাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ বহু সংখ্যক অঞ্চলত চলি থকা তুষাৰপাতৰ মাজতে বতৰ বিজ্ঞান বিভাগে সতৰ্কতা জাৰি কৰিছে যে অহা ২৯ ডিচেম্বৰৰ পৰা উত্তৰ ভাৰতৰ কিছু অঞ্চলত শীতল ঢৌৰ পৰিস্থিতি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।আই এম ডিয়ে কয় যে, ইয়াৰ ফলত ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহতো ঠাণ্ডা অধিক হ’ব পাৰে। 

Latest News