উত্তৰ-পূবৰ মুঠ হিংসাত্মক ঘটনাৰ ৭৭ শতাংশ মণিপুৰত সংঘটিত হৈছিল: গৃহ মন্ত্ৰালয়
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২৩ চনত উত্তৰ-পূব অঞ্চলত সংঘটিত মুঠ হিংসাত্মক ঘটনাৰ প্ৰায় ৭৭ শতাংশই মণিপুৰত সংঘটিত হৈছিল। উত্তৰ-পূবত সংঘটিত মুঠ ২৪৩টা হিংসাত্মক ঘটনাৰ ভিতৰত ১৮৭টা সংঘটিত হৈছে মণিপুৰত।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনত গুৰুত্বপূৰ্ণ তথ্য় প্ৰকাশ পাইছে । এই প্ৰতিবেদনত কোৱা হৈছে যে, সংখ্যাগৰিষ্ঠ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া জাতিগত হিংসাৰ সাক্ষী হৈ অহা মণিপুৰত ২০২৩ চনত সৰ্বাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে । তথ্য অনুসৰি, সমগ্ৰ উত্তৰ-পূব অঞ্চলত সংঘটিত মুঠ হিংসাত্মক ঘটনাৰ প্ৰায় ৭৭ শতাংশ ঘটনা মণিপুৰত সংঘটিত হৈছিল ।
২০২৩ চনত মণিপুৰত জাতিগত সংঘাতৰ বাবে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ লগতে ইয়াৰ ফলত ২০২২ চনৰ তুলনাত সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীৰ লোকৰ আহত-নিহতৰ সংখ্যাও বৃদ্ধি পোৱা দেখা গৈছে । গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২৩ চনত উত্তৰ-পূব অঞ্চলত সংঘটিত মুঠ হিংসাত্মক ঘটনাৰ প্ৰায় ৭৭ শতাংশই মণিপুৰত সংঘটিত হৈছিল। উত্তৰ-পূবত সংঘটিত মুঠ ২৪৩টা হিংসাত্মক ঘটনাৰ ভিতৰত ১৮৭টা সংঘটিত হৈছে মণিপুৰত।
মণিপুৰত বিদ্ৰোহ বিৰোধী অভিযানত ৩৩ জন বিদ্ৰোহী নিহত হোৱাৰ লগতে ১৮৪ জন বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও ৪৯ টা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰিও বিদ্ৰোহী সংগঠনৰ ৮০ জন কেডাৰে ৩১ টা অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰে।
২০২৩ চনৰ ৩ মে’ত মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত বৃহৎ পৰিসৰৰ জাতিগত সংঘাত সৃষ্টি হয়। এই সংঘাতৰ ফলত অসংখ্য লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত আৰু অগ্নি সংযোগৰ দৰে ঘটনা সংঘটিত হয়। যিহেতু হিংসাৰ বিষয়টো মূলতঃ ৰাজহুৱা শৃংখলা বজাই ৰখাৰ সৈতে জড়িত, গতিকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰয়োজনীয়তা অনুসৰি ধাৰাবাহিকভাৱে সমৰ্থন বৃদ্ধি কৰি আহিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।
বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে, কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি চম্ভালিবলৈ তাৎক্ষণিক আৰু স্থায়ী পদক্ষেপ গ্ৰহণ কৰিছিল। মণিপুৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে জড়িত হৈ, ক্ৰমান্বয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, সেনা আৰু অসম ৰাইফলছৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হৈছিল । ইয়াৰ সমান্তৰালভাৱে হেলিকপ্টাৰ আৰু ড্ৰ’ন নিয়োগ, এক ঐক্যবদ্ধ কমাণ্ড ব্যৱস্থা ৰূপায়ণ কৰি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।
লগতে ২০২৩ চনৰ ২৯ মে’ৰ পৰা ১ জুনলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভ্ৰমণৰ সময়ত চৰকাৰী বিষয়া, নিৰাপত্তা বাহিনীৰ বিষয়া, ৰাজনৈতিক নেতা আৰু নাগৰিক সমাজৰ সংগঠনৰ ১০০ৰো অধিক সদস্যৰ সৈতে ১৫ খনতকৈও অধিক বৈঠকত মিলিত হৈছিল। তদুপৰি গৃহমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ২০২৩ চনৰ ২৫ মে’ৰ পৰা ১৭ জুনলৈকে মণিপুৰত থাকি পৰিস্থিতি নিৰীক্ষণ কৰে। পিটিআইৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এতিয়ালৈকে ৰাজ্যখনত হোৱা হিংসাত ২৫০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে বুলি বিষয়াসকলে জনায়।
INPUT-PTI