মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰকেট আক্ৰমণ! এজন নিহত, আহত ৫গৰাকী

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাইৰেম্বাম কইৰেঙৰ বাসগৃহত ৰকেটেৰে আক্ৰমণ কৰা হৈছে। য'ত এজন বৃদ্ধ লোকৰ মৃত্যু হৈছে আনহাতে ৫জন লোক আহত হৈছে। এই আক্ৰমণত প্ৰাণ হেৰুওৱা বৃদ্ধজনে ধৰ্মীয় ৰীতি-নীতিৰ বাবে প্ৰস্তুতি চলাই আছিল। শুকুৰবাৰে জিলাখনত হোৱা এয়া দ্বিতীয়টো ৰকেট আক্ৰমণ।

মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰকেট আক্ৰমণ! এজন নিহত, আহত ৫গৰাকী

মণিপুৰত ৰকেট আক্ৰমণ!

Updated On: 

06 Sep 2024 22:55 PM

মণিপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী মাইৰেম্বাম কইৰেঙৰ বাসগৃহত ৰকেট আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণত এজন বৃদ্ধ লোকৰ মৃত্যু হৈছে। আহত হৈছে ৫ জন লোক । শুকুৰবাৰে আবেলি বিষ্ণুপুৰ জিলাৰ আৱাসিক এলেকা মইৰাঙত এই আক্ৰমণ সংঘটিত হয়। কোৱা হৈছে যে উগ্ৰপন্থীসকলে সংঘটিত কৰিছে এই ঘটনা। শুকুৰবাৰে জিলাখনত সংঘটিত এয়া দ্বিতীয়টো ৰকেট আক্ৰমণ।

এজন বিষয়াই কয়, আক্ৰমণত মৃত্যু হোৱা বৃদ্ধজনে এটা ধৰ্মীয় ৰীতি-নীতিৰ বাবে প্ৰস্তুতি চলাই আছিল। এই আক্ৰমণত এগৰাকী ১৩ বছৰীয়া কিশোৰীসহ ৫জন লোক আহত হয়। দিনটোৰ আৰম্ভণিতে ইম্ফলৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত ট্ৰনগ্লাওবিত এটা ৰকেট নিক্ষেপ কৰা হৈছিল।

 

শুকুৰবাৰে ৰাতিপুৱা উগ্ৰপন্থীয়ে বিষ্ণুপুৰ জিলাত ৰকেটৰে আক্ৰমণ কৰিছিল। কিন্তু সেই আক্ৰমণত কোনো লোক হতাহত হোৱা নাছিল। আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি, চুৰাচান্দপুৰ জিলাৰ ওচৰৰ পাহাৰীয়া অঞ্চলৰ পৰা ট্ৰনগ্লাওবিৰ আৱাসিক এলেকাত এই আক্ৰমণ সংঘটিত কৰা হৈছিল। ট্ৰনগ্লাওবি ইম্ফলৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত।

আৰক্ষীয়ে জনোৱা মতে, আক্ৰমণত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। অৱশ্যে আক্ৰমণটোত এটা স্থানীয় কমিউনিটি হল আৰু এটা খালী কোঠা ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ পাছত সুৰক্ষা বাহিনীয়ে আক্ৰমণৰ প্ৰত্যুত্তৰ দিছিল।

ইয়াৰ উপৰিও স্থানীয় লোকে কোৱা অনুসৰি বৃহস্পতিবাৰে নিশা ট্ৰনগ্লাওবিৰ পৰা কেইবাকিলোমিটাৰ দূৰত্বত অৱস্থিত কুম্বি গাঁৱত উত্তেজনাৰ সৃষ্টি হৈছিল। য’ত কেইবাটাও ড্ৰোন মাটিৰ পৰা ১০০ মিটাৰতকৈ ওপৰেৰে ঘূৰি থকা দেখা গৈছিল। এইটোৱে মানুহৰ মাজত ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছে। যাৰ বাবে মানুহবোৰ ভয় খাইছে।

দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...
পৃথিৱীৰ এই গাঁওখনত ১৮ ফেব্ৰুৱাৰীত পালন কৰা হয় বৰদিন...কিন্তু কিয় ?
খ্ৰীষ্টমাছত সৰ্বাধিক বিক্ৰী হয় এইবিধ কেক! GST কিমান জানেনে?