Manipur: অশান্ত মণিপুৰ! ক্ষুব্ধ জনতাই জ্বলাই দিলে বিজেপি বিধায়কৰ বাসগৃহ…
Manipur: এবছৰৰ অধিক সময় হৈ গ'ল, কিন্তু এতিয়াও শান্তি ঘূৰি অহা নাই মণিপুৰলৈ। শেহতীয়াকৈ মণিপুৰত পুনৰ হিংসাত্মক ঘটনাই গা কৰি উঠিছে। দেওবাৰে নিশা একাংশলোকে বিজেপি বিধায়কৰ বাসগৃহত তীব্ৰ আক্ৰমণ চলায়। লগতে যান- বাহন আদি ভাঙি লণ্ড ভণ্ড কৰে।
দিনৰ পাছত দিন, মাহৰ পাছত মাহ বাগৰিছে! কিন্তু এতিয়া শান্তি ঘূৰি অহাৰ নাম লোৱা নাই মণিপুৰলৈ। কিছুদিনৰ বাবে শাম কটা মণিপুৰৰ হিংসাত্মক ঘটনা পুনৰ গা কৰি উঠিছে। পুনৰ এবাৰ গোষ্ঠী সংঘৰ্ষত জ্বলি উঠিছে মণিপুৰ। দেওবাৰে (১৭ নৱেম্বৰ) ইম্ফলত বিজেপিৰ বিধায়ক কংখাম ৰবিন্দ্ৰৰ পূৰ্বপুৰুষৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে ক্ষুব্ধ জনতাই। ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে একাংশ ক্ষুব্ধ জনতাই হিংসাৰ আশ্ৰয় লৈ কেইবাজনো মন্ত্ৰী বিধায়কৰ বাসগৃহত আক্ৰমণ চলাইছিল। কেৱল ইমানেই নহয়, বহু বানত অগ্নি সংযোগ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছিল।
মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্যখনৰ ৬ খন জিলাত ইন্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি মায়ং ইম্ফলত থকা বিজেপি বিধায়ক ৰবিন্দ্ৰৰ বাসগৃহত একাংশ জনতাই গৈ তেওঁ সাক্ষাৎ কৰাৰ দাবী জনায। কিন্তু সেই সময়ত বিধায়কজন ঘৰত উপস্থিত নাছিল। যাৰ বাবে বিধায়কগৰাকীৰ পিতৃয়ে জনতাক কয় যে, তেওঁলোকৰ কি বাৰ্তা আছে তেওঁক জনাওক আৰু সেই বাৰ্তা তেওঁ তেওঁৰ পুত্ৰক দিব।
আৰক্ষীৰ মতে, মণিপুৰত সংঘটিত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিধায়কগৰাকীৰ স্থিতি জানিব বিচাৰিছিল ৰাইজে। বিধায়কগৰাকীক বিচাৰি নাপাই জনতা ক্ষুব্ধ হৈ পৰে আৰু তেওঁৰ বাসগৃহত আক্ৰমণ চলায়। ইয়াৰ পূৰ্বে শনিবাৰে ইম্ফলৰ পাঁচখন জিলাৰ ভিতৰত অন্যতম ইম্ফল পশ্চিমৰ লাফুপাট তেৰাত থকা বিধায়ক এগৰাকীৰ বাসগৃহৰ এটা অংশ ভাঙি-ছিঙি জ্বলাই দিয়ে। ৰাজ্যৰ তিনিজন মন্ত্ৰী আৰু ছয়জন বিধায়কৰ বাসগৃহত একাংশ জনতাই আক্ৰমণ কৰাৰ পিছতে অঞ্চলটোত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ জিৰিবাম জিলাত তিনিগৰাকী মহিলা আৰু তিনিটা শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল, তাৰ পাছতেই জিলাখনত পুনৰ উত্তেজনা বৃদ্ধি পাইছিল। ৬ গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ ৰাইজে লাভ কৰাৰ পাছত একাংশ জনতাই হিংসাত্মক প্ৰতিবাদ কৰিবলৈ ওলাই আহে আৰু শনিবাৰে ৰাজ্যৰ ৩ মন্ত্ৰী, ৬ বিধায়কৰ বাসগৃহত আক্ৰমণ চলায়।
ইয়াৰ মাজতে, দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি ৰাজ্যখনৰ শান্তি সুনিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ শীৰ্ষ নিৰাপত্তা বিষয়াসকলক নিৰ্দেশ দিয়ে। সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰত নিৰ্বাচনী সভা বাতিল কৰি উভতি অহাৰ লগে লগে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত তেওঁ বিষয়াসকলক সম্ভৱপৰ সকলো পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে। সোমবাৰেও শ্বাহে শীৰ্ষ বিষয়াসকলৰ সৈতে আন এখন ডাঙৰ বৈঠক অনুষ্ঠিত কৰিব বুলি ধাৰণা কৰা হৈছে।
এই সকলোবোৰৰ মাজতে বীৰেন সিং চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে নেশ্যনেল পিপলছ পাৰ্টিয়ে। এন পি পিয়ে কৈছে যে, বৰ্তমানৰ এন বীৰেণ সিং চৰকাৰে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ আৰু ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাত ব্যৰ্থ হৈছে। যাৰ বাবে তেওঁলোকে সমৰ্থন প্ৰত্যাহাৰ কৰিছে। অৱশ্যে এন পি পিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ফলত বীৰেণ সিং চৰকাৰৰ ওপৰত কোনো প্ৰভাৱ নপৰে। কিয়নো মণিপুৰ বিধানসভাত মুঠ আসনৰ সংখ্যা ৬০ আৰু এন ডি এৰ হাতত মুঠ আসনৰ ৫৩ খন আছে।