Manipur Violence: আকৌ জ্বলিছে মণিপুৰ ! জাৰি কৰা হৈছে সান্ধ্য আইন, বন্ধ ইণ্টাৰনেট সেৱা…
অপহৃত ৬ গৰাকীৰ লোকৰ মাজৰ তিনি গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰা পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । পশ্চিম ইম্ফল জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে ৭ খন জিলাত বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা ।
পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ । যোৱা সোমবাৰে জিৰিবাম জিলাত সংঘটিত হোৱা সন্দেহযুক্ত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীচালনাৰ পিছত ১১ গৰাকীকৈ সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হৈছিল । এই ঘটনাৰ পাছতে সন্দেহযুক্ত উগ্ৰপন্থীয়ে ৬ জনক লোকক অপৰহণ কৰাৰ অভিযোগ উত্থাপন হয় । ইয়াৰ ভিতৰত আছিল ৩ গৰাকী মহিলাসহ ৩ টা শিশু ।
উল্লেখ্য যে, ইয়াৰ তিনিগৰাকীৰ মৃতদেহ মণিপুৰ-অসম সীমান্তৰ জিৰি নদী আৰু বৰাক নদীৰ সংগমস্থলীৰ সমীপত উদ্ধাৰ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । পানীত ওপঙি থকাৰ অৱস্থাত উদ্ধাৰ কৰাৰ মৃতদেহ কেইটাৰ ভিতৰত এগৰাকী মহিলা আৰু দুটা শিশু । মনকৰিবলগীয়া যে, এই মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে যদিও উদ্ধাৰ হোৱা মৃতদেহ কেইটা অপহৃত ৬ গৰাকীৰ মাজৰে তিনি গৰাকী বুলি সন্দেহ কৰা হৈছে ।
এই তিনিটা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে মণিপুৰৰ পৰিস্থিতি আজিৰ দিনটোত অধিক অৱনতি ঘটে। সূত্ৰৰ খবৰ অনুসৰি, মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা । ইম্ফল পশ্চিম জিলাৰ কোৱাকেইথেল, সাগোলবন্দ তেৰা অঞ্চলত শতাধিক মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।
লগতে পঢ়ক : Manipur : জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা…
প্ৰতিবাদকাৰীয়ে যান-বাহনৰ চলাচলত বাধা দিয়াৰ লগতে টায়াৰ জ্বলাই মূল পথ অৱৰোধ কৰে বুলিও জানিবলৈ দিছে সূত্ৰটোৱে । ইফালে, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ হৈছে যদিও খোৱাৰমবন্দ বজাৰৰ মহিলা বিক্ৰেতাই হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায় । একেদৰে ইম্ফল পূৱৰ লামলাই গাঁও আৰু চালাউ গাঁৱৰ মহিলাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
এই উত্তেজনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৭খন জিলাত ইণ্টাৰনেট বন্ধ কৰি দিছে। এই জিলাসমূহৰ ভিতৰত আছে ইম্ফল পশ্চিম, ইম্ফল পূব, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কংপোকপি, আৰু চুৰাচান্দপুৰ। জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, ২০২৪ চনৰ ১৬ নৱেম্বৰৰ সন্ধিয়া ৫:১৫ বজাৰ পৰা অহা দুদিনলৈ এই জিলাসমূহত ইণ্টাৰনেট বন্ধ থাকিব। শান্তি বজাই ৰাখিবলৈ আৰু যিকোন ধৰণৰ অপ্ৰচাৰ ৰোধ কৰিবলৈ ৭ খন জিলাত ইণ্টাৰনেট বন্ধ কৰি দিয়া হৈছে বুলি চৰকাৰে জানিবলৈ দিছে । ইফালে ইম্ফল পশ্চিম জিলাটো শনিবাৰে বিয়লি ৪.৩০ বজাৰ পৰা জাৰি কৰা হৈছে সম্পূৰ্ণ সান্ধ্য আইন।
লগতে পঢ়ক : Jiribam Violence : উত্তপ্ত মণিপুৰ ! প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ গৃহ বিভাগৰ…
আনহাতে, মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যখনৰ সকলো নিৰাপত্তা বাহিনীক শান্তি ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে । বিগত কিছুদিন ধৰি নিৰাপত্তাৰ পৰিস্থিতি জটিল হৈ থকা বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। লগতে সাধাৰণ ৰাইজক শান্তি-শৃংখলা বজাই ৰখাৰ লগতে উৰাবাতৰিক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে গৃহ বিভাগে ।