5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Silchar : জিৰিবামত নিহত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহকলৈ শিলচৰত উত্তপ্ত পৰিস্থিতি…

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়াৰ দাবীত শনিবাৰে পুৱা অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। জানিব পৰা মতে শিলচৰ মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ কেইটা চমজাই দিয়া হোৱা নাছিল ।

Silchar : জিৰিবামত নিহত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহকলৈ শিলচৰত উত্তপ্ত পৰিস্থিতি…
নিহত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহকলৈ শিলচৰত উত্তপ্ত পৰিস্থিতি
manas-borah
Manas Borah | Updated On: 16 Nov 2024 15:04 PM

মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মৃতদেহ পৰিয়ালৰ হাতত গতাই দিয়াৰ দাবীত শনিবাৰে পুৱা অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চৌহদত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। জানিব পৰা মতে শিলচৰ মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ কেইটা চমজাই দিয়া হোৱা নাছিল । মৃতদেহ পৰিয়ালক চমজাই দিয়াৰ দাবীত কুকি আৰু মাৰ সম্প্ৰদায়ৰ লোকে আজি শিলচৰ মেডিকেল কলেজৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে বুলি জানিব পৰা গৈছে ।

প্ৰতিবাদৰ সময়ত আৰক্ষী বাহিনীৰে প্ৰতিবাদকাৰীৰ হতাহতি পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে । সূত্ৰই সদৰী কৰা মতে, শনিবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ বাহিৰত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণত আনিবৰ বাবে আৰক্ষীয়ে লাথি চাৰ্জ কৰিবলৈও বাধ্য হয় । উল্লেখ্য যে, যোৱা সোমবাৰে চি আৰ পি এফৰ জোৱানৰ সৈতে হোৱা সংঘৰ্ষত ১০ জন সন্দেহযুক্ত উগ্ৰপন্থীৰ নিহত হৈছিল । সূত্ৰই জানিবলৈ দিয়া অনুসৰি, পৰিয়ালৰ লোকে চিকিৎসালয়ৰ বাহিৰত বাহৰ পাতি মৃতদেহবোৰ তেওঁলোকৰ হাতত গতাই দিবলৈ দাবী জনাই আহিছিল ।

প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীয়ে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে বুলিও জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, এই ঘটনাত এগৰাকী মহিলা সাংবাদিককে ধৰি চাৰি গৰাকী সংবাদ কৰ্মী আহত হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Manipur : জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা…

উল্লেখ্য যে, মণিপুৰ আৰক্ষীয়ে ১০জন সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহ চুৰাচান্দপুৰলৈ বিমানযোগে লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। শনিবাৰে মাছিমপুৰৰ পৰা চুৰাচান্দপুৰলৈ হেলিকাপ্টাৰেৰে মৃতদেহ লৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । শিলচৰ মেডিকেল কলেজত উপস্থিত থকা মৃতকৰ পৰিয়ালসহ কুকি আৰু মাৰ সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীয়ে মৃতদেহকেইটা হেলিকাপ্টাৰেৰে লৈ যোৱাত বাধা দিবলৈ চেষ্টা কৰে বুলিও জানিব পৰা গৈছে ।

ইফালে, মণিপুৰ আৰক্ষীৰ পৰা মৃতদেহ পৰিয়ালৰ লোকে গ্ৰহণ কৰিব বুলি সন্মতি দিয়াৰ পাছতে পৰিস্থিতি কিছু নিয়ন্ত্ৰণত আহে বুলি সূত্ৰই জানিব দিছে । যোৱা সোমবাৰে জিৰিবামত নিৰপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১০ জনকৈ সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হৈছে । এই ১০ টাকৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা শিলচৰ মডিকেল কলেজত সম্পন্ন কৰা হয় । আন এক সূত্ৰই সদৰী কৰা মতে,শিলচৰৰ পৰা গোপনে মৃতদেহ কেইটা মণিপুৰলৈ লৈ যোৱাৰ বাবে মণিপুৰ চৰকাৰে পৰিকল্পনা কৰিছিল বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক : Manipur : মণিপুৰৰ জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰ ! মৰণোত্তৰ পৰীক্ষাৰ বাবে কিয় অনা হ’ল শিলচৰ মেডিকেল কলেজলৈ…?

Latest News