5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ উত্তপ্ত মণিপুৰঃ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে আক্ৰমণ উত্তেজিত লোকৰ

কাংপোকপি জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি উত্তেজিত একাংশ লোকে আক্ৰমণ চলাইছে। স্থানীয় এখন গাঁৱৰ পৰা কেন্দ্ৰীয় বাহিনী আঁতৰোৱাৰ দাবী জনাই প্ৰতিবাদ কৰি অহা একাংশ লোকে এই আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। ইয়াৰ ফলত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

পুনৰ উত্তপ্ত মণিপুৰঃ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে আক্ৰমণ উত্তেজিত লোকৰ
অশান্ত মণিপুৰ
monjit-dutta
Monjit Dutta | Published: 03 Jan 2025 22:09 PM

হিংসাৰ দাবানলত বিধ্বস্ত মণিপুৰত শান্তি এতিয়াও সুদূৰপৰাহত। ইটোৰ পিছত সিটোকৈ হিংসাত্মক কাণ্ডই ৰাজ্যখনৰ পৰিৱেশ অশান্ত কৰি ৰাখিছে। এনে হিংসাৰ পৰিৱেশত প্ৰতিনিয়ত জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ সংশয়ত ভুগিছে ৰাজ্যখনৰ জনসাধাৰণে। সাধাৰণ জনতা বাদেই, ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ লোকো সন্মুখীন হৈছে বিপদজনক পৰিস্থিতিৰ। এনে হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত এইবাৰ উত্তেজিত লোকৰ আক্ৰমণ চলিল আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তে। ৰাজ্যখনৰ কাংপোকপি জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি উত্তেজিত একাংশ লোকে আক্ৰমণ চলাইছে।

স্থানীয় বিষয়াসকলে জানিবলৈ দিয়া মতে, আজি সন্ধিয়া মণিপুৰৰ কাংপোকপি জিলাৰ আৰক্ষী অধীক্ষকৰ কার্যালয়ত একাংশ উন্মাদ লোকে আক্রমণ কৰে৷ স্থানীয় এখন গাঁৱৰ পৰা কেন্দ্ৰীয় বাহিনী আঁতৰোৱাৰ দাবী জনাই প্ৰতিবাদ কৰি অহা একাংশ লোকে এই আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। ইয়াৰ ফলত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি কাংপোকপি জিলাৰ ছাইবোল নামৰ এখন গাঁৱত যোৱা ৩১ ডিচেম্বৰত নিৰাপত্তাৰক্ষীয়ে মহিলাৰ ওপৰত লাঠিচাৰ্জ কৰা বুলি অভিযোগ উত্থাপন হৈছিল। নিৰাপত্তা বাহিনীৰ এনে কাৰ্যৰ বিৰুদ্ধে কুকি সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে। গাঁওখনত কেন্দ্ৰীয় বাহিনী বিশেষকৈ বি এছ এফ আৰু চি আৰ পি এফ নিয়োজিত হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

এই নিৰাপত্তা গোটসমূহ গাঁৱৰ পৰা বিতাৰিত কৰাৰ দাবী তুলি স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে। প্ৰতিবাদকাৰী একাংশ লোকে আজি সন্ধিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ফালে শিলগুটি নিক্ষেপ কৰে। এই আক্ৰমণত আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ চৌহদত ৰখা জিলা আৰক্ষীৰ বাহনসমূহৰ ক্ষতিসাধন হয়। উল্লেখ্য যে এই নিৰাপত্তা বাহিনীসমূহ প্ৰত্যাহাৰ কৰাৰ দাবীত কুকি-জো গোটসমূহে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ ঘোষণা কৰিছে।

লগতে আজি এই গোটসমূহে ২৪ ঘণ্টীয়া সম্পূৰ্ণ ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আজি এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে গত ২০২৩ বৰ্ষৰ মে’ মাহৰ পৰাই মণিপুৰত এই অশান্ত পৰিস্থিতিৰ সূত্ৰপাত হৈছিল। কুকি আৰু মেইটেই জনগোষ্ঠী মাজত সৃষ্টি হোৱা গোষ্ঠীগত সংঘৰ্ষই ৰাজ্যখনৰ পৰিস্থিতি অগ্নিগৰ্ভৰ কৰি তুলিছে। এই সংঘৰ্ষসৃষ্ট হিংসাৰ ফলস্বৰূপে মণিপুৰত এইপৰ্যন্ত দুই শতাধিক লোকে প্ৰাণ হেৰুৱাইছে। হাজাৰ হাজাৰ লোকে হেৰুৱাইছে নিজ ঠিকনা।

Latest News