5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Manipur Violence: কেতিয়া শান্ত হ’ব মণিপুৰ ? প্ৰতিবাদকাৰীৰ লক্ষ্যত মন্ত্ৰী-বিধায়কৰ ঘৰ…

নিৰুদ্দেশ হোৱা লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । শনিবাৰে মণিপুৰৰ কেইবাখনো জিলাৰ পুষক-মহিলাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । সূত্ৰ খবৰ অনুসৰি, শনিবাৰে প্ৰতিবাদকাৰীয়ে তিনিগৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ৬ জন বিধায়কৰ বাসগৃহত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ।

Manipur Violence: কেতিয়া শান্ত হ’ব মণিপুৰ ? প্ৰতিবাদকাৰীৰ লক্ষ্যত মন্ত্ৰী-বিধায়কৰ ঘৰ…
মণিপুৰৰ হিংসা
manas-borah
Manas Borah | Published: 17 Nov 2024 08:13 AM

জিৰিবাম জিলাৰ পৰা নিৰুদ্দেশ হোৱা লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । শনিবাৰে মণিপুৰৰ কেইবাখনো জিলাৰ পুষক-মহিলাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । সূত্ৰ খবৰ অনুসৰি, শনিবাৰে প্ৰতিবাদকাৰীয়ে তিনিগৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ৬ জন বিধায়কৰ বাসগৃহত প্ৰৱেশ কৰি উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । মণিপুৰৰ শেহতীয়া এই ধৰণৰ পৰিস্থিতিক লৈ ৫ খন জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে ৭ থন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে ।

সূত্ৰ খবৰ অনুসৰি, শনিবাৰে দিনটোত ইম্ফলৰ বিভিন্ন প্ৰান্তত শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে । ইয়াৰ পাছতো মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত নাহে । সূত্ৰ খবৰ অনুসৰি, প্ৰতিবাদকাৰী বুলি সন্দেহ কৰা একাংশ লোকে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ জোঁৱাইকে ধৰি ছয়জন বিধায়কৰ ভিতৰত তিনিজনৰ ঘৰ লুটপাত কৰি তেওঁলোকৰ সম্পত্তিত অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে,জিৰিবামৰ বৰাক নদীৰ পৰা শনিবাৰে নিৰুদ্দেশ হৈ থকা দুগৰাকী মহিলা আৰু এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয়। মণিপুৰৰ জিৰিবাম জিলাৰ পৰা শিশুকে ধৰি উদ্ধাৰ হোৱা লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসমৰ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক:  Manipur Violence: আকৌ জ্বলিছে মণিপুৰ ! জাৰি কৰা হৈছে সান্ধ্য আইন, বন্ধ ইণ্টাৰনেট সেৱা…

প্ৰতিবাদকাৰীয়ে যিসকল মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰিছিল তেওঁলোকৰ ভিতৰত সপম ৰঞ্জন, এল সুচিন্দ্ৰ সিং আৰু ৱাই খেমচান্দ বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে। ইফালে ইম্ফল উপত্যকাৰ ইম্ফল পূব আৰু পশ্চিম, বিষ্ণুপুৰ, থৌবাল আৰু কাকচিং জিলাত শেহতীয়া পৰিস্থিতিৰ বাবে অনিৰ্দিষ্টকালৰ বাবে কাৰ্ফিউ জাৰি কৰা হৈছিল বুলি সূত্ৰই জানিবৈ দিছে ।

মনকৰিবলগীয়া শনিবাৰে দিনটোত ৰাজ্যখনৰ মন্ত্ৰী-বিধায়কৰ বাসগৃহত প্ৰতিবাদ সাব্যস্ত কৰিছিল প্ৰতিবাদকাৰীয়ে । শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণত আনিবৰ বাবে ৰাজ্য প্ৰশাসনে ৭ খন জিলাত সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। ইম্ফল পশ্চিম জিলাৰ লামফেল সানাকেইথেলস্থিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী সাপম ৰঞ্জনৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইম্ফল পূৱ জিলাৰ গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী এল সুচিন্দ্ৰ সিঙৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ ফলত নিৰাপত্তা বাহিনীয়ে আন্দোলনকাৰীক ছত্ৰভংগ দিবলৈ কেইবাটাও ৰাউণ্ড কন্দুৱা গেছৰ গুলী নিক্ষেপ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইম্ফল পশ্চিম জিলাৰ চিংজামেই অঞ্চলৰ পৌৰ প্ৰশাসন গৃহ নিৰ্মাণ মন্ত্ৰী ৱাই খেমচান্দৰ বাসগৃহতো প্ৰতিবাদকাৰীৰ লক্ষ্য হৈ পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক:  Jiribam Violence : উত্তপ্ত মণিপুৰ ! প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ গৃহ বিভাগৰ…

ইম্ফল পশ্চিম জিলাৰ ছাগলবন্দ অঞ্চলত আন্দোলনকাৰীয়ে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ জোঁৱাই বিজেপিৰ বিধায়ক আৰ কে ইমোৰ বাসগৃহৰ সন্মুখত একত্ৰিত হৈ ২৪ ঘণ্টাৰ ভিতৰত অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে । আৰক্ষীয়ে জনোৱা মতে, বিধায়কগৰাকীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিধায়কগৰাকীৰ সা-সম্পত্তিত অগ্নি সংযোগ কৰে।

ইম্ফল পশ্চিমৰ তেৰাত বিজেপিৰ বিধায়ক সাপম কুঞ্জাকেশোৰৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি বিধায়কগৰাকীৰ ঘৰৰ বাহিৰত ৰখাই থোৱা এখন বাহন জ্বলাই দিয়ে । জিলাখনৰ থাংমেইবন্দস্থিত বিজেপিৰ আন এজন বিধায়ক জয়ীশন সিঙৰ বাসগৃহতো প্ৰতিবাদকাৰীয়ে ক্ষতিগ্ৰস্ত কৰে বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Silchar : জিৰিবামত নিহত সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহকলৈ শিলচৰত উত্তপ্ত পৰিস্থিতি…

ৱাংখেই সমষ্টিৰ জেডি(ইউ) বিধায়ক টি অৰুণ আৰু লাংথাবালৰ বিজেপি বিধায়ক কৰম শ্যামৰ ঘৰ ঘেৰাও কৰে প্ৰতিবাদকাৰীয়ে । ইম্ফল পশ্চিমৰ টিদ্দিম ৰোডত থকা কেইশমথং সমষ্টিৰ নিৰ্দলীয় বিধায়ক সপম নিশিকান্ত সিঙক সাক্ষাৎ কৰিবলৈ অহা প্ৰতিবাদকাৰীসকলে বিধায়কগৰাকীৰ মালিকানাধীন এখন স্থানীয় বাতৰি কাকতৰ কাৰ্যালয় ভৱনটোক লক্ষ্য কৰি লয়।

অসম-মণিপুৰ সীমান্তৰ সমীপত শুকুৰবাৰে নিশা মৃতদেহ উদ্ধাৰ হোৱা তিনিজন লোকৰ ন্যায়ৰ দাবীত মণিপুৰ বিধানসভা ভৱনৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত থকা ইম্ফল চহৰৰ থাংমেইবন্দ অঞ্চলৰ এটা পথৰ মাজত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে । এই ধৰণৰ পৰিস্থিতিৰ বাবে ইম্ফল পশ্চিম, ইম্ফল পূৱ, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপকপি আৰু চুৰাচান্দপুৰ জিলাত ইণ্টাৰনেট আৰু মোবাইল ডাটা সেৱা সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে পঢ়ক:  Manipur : জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰৰ পিছতে উত্তপ্ত হৈ পৰিছে ইম্ফল উপত্যকা…

উল্লেখ্য যে, ইম্ফল উপত্যকাৰ নাগৰিক সমাজৰ সংগঠনসমূহক প্ৰতিনিধিত্ব কৰা শীৰ্ষ সংস্থা মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে ২৪ ঘণ্টাৰ ভিতৰত উগ্ৰপন্থীৰ ওপৰত সামৰিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

জিৰিবামত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ১০জন কুকি-জো যুৱকৰ মৃতদেহ শনিবাৰে অসমৰ শিলচৰ চহৰৰ পৰা চুৰাচান্দপুৰলৈ বিমানেৰে লৈ যোৱা হয় । শিলচৰ মেডিকেল কলেজত তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। ইফালে, এই সংঘৰ্ষৰ পাচতে নিৰদ্দেশ হৈ থকা শিশুকে ধৰি উদ্ধাৰ হোৱা লোকৰ মৃতদেহ মৰণোত্ত পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ অনা হৈছে ।

লগতে পঢ়ক: Manipur : মণিপুৰৰ জিৰিবামত সন্দেহযুক্ত তিনিটা মৃতদেহ উদ্ধাৰ ! মৰণোত্তৰ পৰীক্ষাৰ বাবে কিয় অনা হ’ল শিলচৰ মেডিকেল কলেজলৈ…?

Latest News