Manipur Violence: শান্তি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণৰ আহ্বান ৰাহুল গান্ধীৰ…

উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাক 'আমনিদায়ক' বুলি অভিহিত কৰিছে বিৰোধী দলপতি গৰাকীয়ে । ইয়াৰ লগতে লোকসভাৰ বিৰোধী দলপতি গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে ।

Manipur Violence: শান্তি পুনৰুদ্ধাৰৰ বাবে প্ৰধানমন্ত্ৰীক মণিপুৰ ভ্ৰমণৰ আহ্বান ৰাহুল গান্ধীৰ...

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

Published: 

17 Nov 2024 10:11 AM

মণিপুৰৰ শেহতীয়া পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে । উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাক ‘আমনিদায়ক’ বুলি অভিহিত কৰিছে বিৰোধী দলপতি গৰাকীয়ে । ইয়াৰ লগতে লোকসভাৰ বিৰোধী দলপতি গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোত শান্তি পুনৰুদ্ধাৰৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে, ১১ তাৰিখ সোমবাৰৰ দিনটোত জিৰিবাম জিলাত সংঘটিত ঘটনাৰ পাছতে ৬ জনকৈ লোক নিৰুদ্দেশ হৈ আছিল । এই নিৰুদ্দেশ হৈ থকা লোকৰ মৃতদেহ নদীৰ পানীত ওপঙি থকাৰ অৱস্থাত উদ্ধাৰ হোৱাৰ পাছতে মণিপুৰৰ পৰিস্থিতি ভয়াবহ হৈ পৰিছে ।

শনিবাৰৰ দিনটোত পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । সূত্ৰ খবৰ অনুসৰি, শনিবাৰে প্ৰতিবাদকাৰীয়ে তিনিগৰাকী ৰাজ্যিক মন্ত্ৰী আৰু ছয়জন বিধায়কৰ বাসগৃহত আক্ৰমণ সংঘটিত কৰে । মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক প্ৰতিবাদৰ বাবেই ৰাজ্য়খনৰ চৰকাৰে পাঁচখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰাৰ লগতে ৭ জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।

ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মণিপুৰত শেহতীয়াকৈ সংঘটিত হিংসাত্মক সংঘৰ্ষ আৰু অব্যাহত থকা হিংসাত্মক পৰিস্থিতিয়ে গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে। এবছৰতকৈও অধিক সময়ৰ দুখ-কষ্টৰ অন্তত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সহযোগিতাৰে শান্তি স্থাপন কৰি ৰাজ্যখনৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা কৰা হ’লে ইয়াৰ এক সমাধান নিশ্চয় পোৱা গ’ল হয়। প্ৰতিজন ভাৰতীয়ই এই আশা কৰিছিল।

লগতে ৰাহুল গান্ধীয়ে কয় যে, ‘মই প্ৰধানমন্ত্ৰী মোদীক পুনৰবাৰ মণিপুৰ ভ্ৰমণ কৰি অঞ্চলটোত শান্তি আৰু সম্প্ৰীতি পুনৰুদ্ধাৰৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছো।’ উল্লেখ্য যে, যোৱা বছৰৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা মণিপুৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা জাতিগত হিংসাত্মক ঘটনাত ২০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

উল্লেখ্য যে, যোৱা ১১ তাৰিখ সোমবাৰে জিৰিবাম জিলাৰ নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত উগ্ৰপন্থীৰ সংঘৰ্ষত ১১ জন সন্দেহযুক্ত কুকি উগ্ৰপন্থী নিহত হৈছিল । ইয়াৰ পাছতে ৬ জনকৈ আশ্ৰয় শিবিৰত থকা সাধাৰণ লোক নিৰুদ্দেশ হৈ থকা খবৰ প্ৰকাশ পাইছিল । সন্দেহ কৰা হৈছিল যে, এই ৬ জন লোকক কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰিছে । যোৱা শুকুৰবাৰে নিশা অসম-মণিপুৰ সীমান্তত নিৰুদ্দেশ হোৱাৰ লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ লাভ কৰা যায় । পানীত ওপঙি থকাৰ অৱস্থাত উদ্ধাৰ হয় মৃতদেহ ।

এই খবৰ বিয়পি পৰাৰ পাছতে মণিপুৰৰ পৰিস্থিতি শনিবাৰৰ দিনটোত পুনৰ ভয়াবহ হৈ পৰে । ৰাজপথলৈ ওলাই আহি মহিলাকে ধৰি সাধাৰণ নাগৰিকে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সন্ধিয়া ভাগলৈ একাংশ প্ৰতিবাদকাৰীয়ে ৩ জন মন্ত্ৰীকে ধৰি ৭ জন বিধায়কৰ ঘৰত আক্ৰমণ কৰাৰ খবৰ লাভ কৰা গৈছে ।

লগতে পঢ়ক: Manipur Violence: কেতিয়া শান্ত হ’ব মণিপুৰ ? প্ৰতিবাদকাৰীৰ লক্ষ্যত মন্ত্ৰী-বিধায়কৰ ঘৰ…

১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!
কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?