5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Manipur Violence : অনিশ্চয়তাৰ মাজত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা ! অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মণিপুৰৰ স্কুল-কলেজ…

আজি ২৭ নৱেম্বৰৰ পৰা ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে । সূত্ৰৰ খবৰ অনুসৰি, মণিপুৰ চৰকাৰে সান্ধ্য আইন প্ৰণয়ন কৰা জিলাসমূহৰ সকলো বিদ্যালয়-মহাবিদ্যালয় অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

Manipur Violence : অনিশ্চয়তাৰ মাজত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা ! অনিৰ্দিষ্ট কালৰ বাবে বন্ধ মণিপুৰৰ স্কুল-কলেজ…
মণিপুৰ
manas-borah
Manas Borah | Updated On: 27 Nov 2024 10:11 AM

মণিপুৰৰ শেহতীয়া পৰিস্থিতিয়ে অনিশ্চয়তাৰ মাজলৈ লৈ গৈছে ৰাজ্যখনৰ শিক্ষা ক্ষেত্ৰখনক । ৰাজ্যখনৰ শেহতীয়া এই পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আজি ২৭ নৱেম্বৰৰ পৰা ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মণিপুৰ চৰকাৰে । সূত্ৰৰ খবৰ অনুসৰি, মণিপুৰ চৰকাৰে সান্ধ্য আইন প্ৰণয়ন কৰা জিলাসমূহৰ সকলো বিদ্যালয়-মহাবিদ্যালয় অনিৰ্দিষ্টকালৰ বাবে বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

চৰকাৰী নিৰ্দেশনা অনুসৰি, ইম্ফল পূৱ আৰু পশ্চিম, বিষ্ণুপুৰ, থৌবাল, কাকচিং আৰু জিৰিবামৰ শিক্ষানুষ্ঠানসমূহ বুধবাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বন্ধ থাকিব। মণিপুৰ আৰু অসমৰ জিৰি আৰু বৰাক নদীৰ পৰা ক্ৰমে জিৰিবামৰ তিনিগৰাকী মহিলা আৰু ৩ টা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হোৱাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে যোৱা ১৬ নৱেম্বৰৰ পৰা এই জিলাসমূহৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ হৈ আছে।

শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে, হিংসাৰ দ্বাৰা প্ৰভাৱিতত জিলা কেইখনত ৰাজ্য চৰকাৰৰ সকলো বিদ্যালয় আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত, ব্যক্তিগত আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহ ২০২৪ চনৰ ২৭ নৱেম্বৰৰ পৰা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব। এটা পৃথক নিৰ্দেশত কোৱা হৈছে যে, সান্ধ্য আইন জাৰি কৰা জিলাসমূহত থকা চৰকাৰী শিক্ষানুষ্ঠান, উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ অধীনস্থ চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়সমূহ, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহকে ধৰি সকলো শিক্ষানুষ্ঠান পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বন্ধ থাকিব।

ইফালে, জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি জিৰিবামকে ধৰি আন পাঁচখন জিলাত পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে । সাধাৰণ মানুহে অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ ক্ৰয় কৰা ক্ষেত্ৰত যাতে কোনো সুবিধাৰ সন্মুখীন নহয় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অৱশ্যে শিথিলতাৰ সময়ছোৱাত কৰ্তৃপক্ষৰ পৰা পূৰ্ব অনুমোদন নোলোৱাকৈ ধৰ্ণা, ৰেলী আৰু সমাৱেশৰ অনুমতি দিয়া নহ’ব বুলি নিৰ্দেশত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে, আফছপা আঁতৰোৱা আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলোৱাৰ দাবীত ইম্ফলৰ নাগৰিক সমাজৰ সংগঠন মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে বুধবাৰৰ পৰা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো কাৰ্যালায় দুদিনৰ বাবে বন্ধ পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই সিদ্ধান্ত পাছতে শিক্ষানুষ্ঠান বন্ধৰ সময়সীমা বৃদ্ধিৰ কথা ঘোষণা কৰে মণিপুৰ চৰকাৰে । অৱশ্যে মণিপুৰ অখণ্ডতা সমন্বয়ক সমিতিয়ে শিক্ষানুষ্ঠানসমূহক প্ৰস্তাৱিত “বন্ধ”ৰ পৰিসৰৰ পৰা ৰেহাই দিছিল।

যোৱা ১১ নৱেম্বৰত নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি-জো উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত ১০ জন বিদ্ৰোহীৰ মৃত্যু হয় । ইয়াৰ পাছতে জিৰিবামৰ এটা সাহায্য শিবিৰৰ পৰা মেইটেই সম্প্ৰদায়ৰ তিনিগৰাকী মহিলা আৰু তিনিটা শিশু নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰা যায়  । নিৰুদ্দেশ হোৱা এই ৬ জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে মণিপুৰ পৰিস্থিতি পুনৰ অস্থিৰ হৈ পৰে ।

লগতে পঢ়ক: Manipur : মণিপুৰত পুনৰ আফছপা বাতিলৰ দাবীত ৰাজপথত মহিলাৰ সমদল…

Latest News