Manipur Violence: উত্তপ্ত জিৰিবাম ! সম্পূৰ্ণ বন্ধ ঘোষণা কুকি-জো কাউন্সিলৰ…

সন্দেহযুক্ত উগ্ৰপন্থীক হত্যাৰ প্ৰতিবাদত পাহাৰৰ কুকি-জো জনবসতি অঞ্চলসমূহ বন্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে । মঙলবাৰৰ পুৱাৰে পৰা সন্দেহযুক্ত উগ্ৰপন্থীক হত্যাৰ ঘটনাৰ উচিত ন্যায় প্ৰদান কৰাৰ লগতে ঘটনাৰ তদন্তৰ দাবীত কুকি-জো জনবসতি অঞ্চলসমূহ বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ।

Manipur Violence:  উত্তপ্ত জিৰিবাম ! সম্পূৰ্ণ বন্ধ ঘোষণা কুকি-জো কাউন্সিলৰ...

মণিপুৰ

Updated On: 

12 Nov 2024 13:15 PM

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ । যোৱা সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১১ জন সন্দেহযুক্ত উগ্ৰপন্থী হৈছিল । এই ঘটনাৰ এদিন পাছত জিলাখনৰ ঠায়ে ঠায়ে পৰিস্থিতি উত্তপ্ত হৈ আছে । সূত্ৰ খবৰ অনুসৰি, স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে জিলা প্ৰশাসনে অঞ্চলটোত একাধিক নিষেধাজ্ঞা জাৰি কৰিছে । যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় ।

সূত্ৰ খবৰ অনুসৰি, সন্দেহযুক্ত উগ্ৰপন্থীক হত্যাৰ প্ৰতিবাদত পাহাৰৰ কুকি-জো জনবসতি অঞ্চলসমূহ বন্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে । মঙলবাৰৰ পুৱাৰে পৰা সন্দেহযুক্ত উগ্ৰপন্থীক হত্যাৰ ঘটনাৰ উচিত ন্যায় প্ৰদান কৰাৰ লগতে ঘটনাৰ তদন্তৰ দাবীত কুকি-জো জনবসতি অঞ্চলসমূহ বন্ধ হৈ পৰা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে,জিৰিবাম জিলাৰ এখন থানা আৰু কাষৰীয়া চি আৰ পি এফৰ শিবিৰত বিদ্ৰোহীয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ পিছত সোমবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ১১ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয়। এই সংঘৰ্ষত চি আৰ পি এফৰ দুজন জোৱানো আহত হয় আৰু ইয়াৰে এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা যায় ।

এই ঘটনাৰ প্ৰতিবাদতে কুকি-জো কাউন্সিলে মঙলবাৰে পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈ ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলসমূহত সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছে । ইয়াৰ লগতে এই ঘটনাকলৈ কুকি-জো কাউন্সিলে সামূহিক শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে  ।

মনকৰিবলগীয়া যে,সন্দেহযুক্ত উগ্ৰপন্থীয়ে জাকুৰাডৰ কাৰোং বজাৰ আৰু ইয়াৰ আশে-পাশে থকা কেইবাখনো দোকান আৰু ঘৰ অগ্নি সংযোগ কৰিছিল । ইয়াৰ উপৰিও বৰোবেক্ৰা আৰক্ষী থানা আৰু ইয়াৰ কাষতে অৱস্থিত চি আৰ পি এফৰ শিবিৰটোও অগ্নি সংযোগৰ চেষ্টা কৰিছিল । ইয়াৰ পাছত নিৰাপত্তা বাহিনীৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ সংঘৰ্ষ হয় । এই সংঘৰ্ষত ১১ জন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হয় বুলি বিষয়াসকলে জনাইছে।

প্ৰায় ৪০-৪৫ মিনিট ধৰি চলা এই গুলীচালনাৰ ঘটনাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সূত্ৰই জানিবলৈ দিয়া অনুসৰি, এই ঘটনা সংঘটিত হোৱাৰ পাছতে আছাম ৰাইফলছ, চি আৰ পি এফ আৰু আৰক্ষীৰ জোৱান সেই স্থানত উপস্থিত হয় । সোমবাৰে সন্ধিয়া ইম্ফল পশ্চিম আৰু ইম্ফল পূৱ জিলাৰ বিভিন্ন গাঁৱৰ পৰা হিংসাত্মক সংঘৰ্ষৰ খবৰ পোৱা যায় বুলি লগতে জানিবলৈ দিছে বিষয়াসকলে ।

বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!
সঁচা প্ৰমাণিত হোৱা বাবা ভাংগাৰ ১০টা ভৱিষ্যতবাণী