শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হ’ব চিছ’দিয়া! কেজৰিৱালে কৰিলে ৰাজহুৱা ঘোষণা

দিল্লীৰ শাসকীয় দল আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীবাসীৰ সমুখত দলীয় সতীৰ্থ তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। মনীষ চিছ’দিয়া এই নতুন চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰিছে কেজৰিৱালে।

পুনৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী হ’ব চিছ’দিয়া! কেজৰিৱালে কৰিলে ৰাজহুৱা ঘোষণা
নিৰ্বাচনী সভাত কেজৰিৱাল আৰু চিছ’দিয়া
monjit-dutta
Monjit Dutta | Published: 26 Jan 2025 22:17 PM

কাষ চাপি আহিছে দিল্লীৰ বিধানসভা নিৰ্বাচন। অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত নিৰ্বাচন অনুষ্ঠিত হ’ব। এই উপলক্ষে দেষৰ ৰাজধানী অঞ্চলত দেখিবলৈ পোৱা গৈছে ব্যাপক ৰাজনৈতিক কুচকাৱাজ। জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে প্ৰতিটো ৰাজনৈতিক দল, দিল্লীৰ আকাশে বতাহে মুখৰিত হৈছে ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি আৰু ঘোষণা। দিল্লীৰ শাসকীয় দল আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালেও এই নিৰ্বাচনী ৰণপ্ৰস্তুতিৰ অংশ হিচাপে দিল্লীবাসীৰ সমুখত দলীয় সতীৰ্থ তথা প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

দিল্লীৰ জাংপুৰাত অনুষ্ঠিত এখন ৰাজহুৱা সভাত নিজ ভাষণত কেজৰিৱালে দিল্লীত পুনৰ আপ চৰকাৰ গঠন হ’ব বুলি দাবী কৰি মনীষ চিছ’দিয়া এই নতুন চৰকাৰৰ উপ মুখ্যমন্ত্ৰী হ’ব বুলি ঘোষণা কৰিছে। উল্লেখ্য যে জাংপুৰা বিধানসভা আসনৰ পৰা আপৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মনীষ চিছ’দিয়া। পূৰ্বে তেওঁ পাটপাৰগঞ্জ বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও এইবাৰ দলে উক্ত আসনৰ পৰা অৱধ ওঝাক প্ৰক্ষেপ কৰিছে।

ৰাজহুৱা সভাত ভাষণ দি কেজৰিৱালে কয় যে বিগত বাৰৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৮টা বিধানসভা সমষ্টিত নিৰ্বাচনত জয়লাভ কৰিছিল। তেওঁলোকে নিজ সমষ্টিত কোনো কাম কৰিবলৈ নিদিলে বুলি দাবী কৰি এই আঠজন বিজেপি বিধায়কে বিধানসভাক নৰক কৰি তুলিলে বুলি তীক্ষ্ণ বাক্যশেল নিক্ষেপ কৰে কেজৰিৱালে। সেয়ে জাংপুৰ সমষ্টিৰ লোকে এনে ভুল কৰিব নালাগে বুলি আপ মুৰব্বীগৰাকীয়ে অনুৰোধ জনায়।

জাংপুৰাৰ পৰা মনীষ চিছ’দিয়াক উপ-মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰি বিধানসভালৈ পঠিয়াব লাগে বুলি সমবেত লোকসকলক আহ্বান জনায় কেজৰিৱালে। তেওঁৰ মন্তব্য, দিল্লীত আম আদমী পাৰ্টিৰ চৰকাৰ পুনৰ গঠন হ’ব বুলি সকলোৱে স্বীকাৰ কৰিছে আৰু মনীষ চিছ’দিয়া আগন্তুক চৰকাৰত পুনৰ উপ-মুখ্যমন্ত্ৰী হ’ব।

নিজ ভাষণত কেজৰিৱালে লগতে কয়, “যদি উপ-মুখ্যমন্ত্ৰী আপোনাৰ সমষ্টিৰ হয়, তেতিয়া সকলো বিষয়াই ফোন পোৱাৰ লগে লগে কাম কৰিব। কেৱল মনীষ চিছ’দিয়াই উপ-মূমন্ত্ৰী হ’ব এনে নহয়, আপোনালোক সকলো উপ-মুখ্যমন্ত্ৰী হ’ব।” উল্লেখ্য যে সুৰা নীতি কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত দিল্লী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিছিল চিছ’দিয়াই।

সুৰা নীতি কেলেংকাৰী গোচৰত সুদীৰ্ঘ প্ৰায় ১৭ মাহ কাৰাবাসৰ পিছত বিগত বৰ্ষৰ ৯ আগষ্টত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল আপ নেতাগৰাকী। ইয়াৰ পিছত এইবাৰ পুনৰ নিৰ্বাচনত নামিবলৈ আগবাঢ়িছে চিছ’দিয়া। ইফালে কাইলৈ আম আদমী পাৰ্টিয়ে দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিব পাৰে বুলি দাবী কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে দলৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।