শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাৰখানাৰ বিস্ফোৰণে তুলিলে মৃত্যুৰ কিৰিলিঃ শিশুসহ কেইবাজনেও হেৰুৱালে প্ৰাণ

কাৰখানাটোত ফটকা নিৰ্মাণ কৰি থকা অৱস্থাত হঠাতে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় আৰু মুহূৰ্তৰ ভিতৰতে বিস্ফোৰণে বিধ্বংসী অগ্নিকাণ্ডৰ ৰূপ লয়। এই ঘটনাত এতিয়ালৈকে শিশুসহ ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণত নিহত লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।

কাৰখানাৰ বিস্ফোৰণে তুলিলে মৃত্যুৰ কিৰিলিঃ শিশুসহ কেইবাজনেও হেৰুৱালে প্ৰাণ
বিস্ফোৰণত কেইবাজনো নিহত
monjit-dutta
Monjit Dutta | Published: 31 Mar 2025 23:28 PM

এক ভয়ংকৰ বিস্ফোৰণে জোকাৰিছে পশ্চিম বংগ। ৰাজ্যখনৰ এটা ফটকা কাৰখানাত সংঘটিত হোৱা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। এই ঘটনা সংঘটিত হয় দক্ষিণ ২৪ পৰগনাৰ ৰায়পুৰত। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি অঞ্চলটোৰ এটা ঘৰত চলাই থকা হৈছিল আতচবাজী নিৰ্মাণ কাৰখানা। কাৰখানাটোত ফটকা নিৰ্মাণ কৰি থকা অৱস্থাত হঠাতে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় আৰু মুহূৰ্তৰ ভিতৰতে বিস্ফোৰণে বিধ্বংসী অগ্নিকাণ্ডৰ ৰূপ লয়।

এই ঘটনাত এতিয়ালৈকে শিশুসহ ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি বিস্ফোৰণত নিহত লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা আহত লোকৰ ভিতৰত তিনিটা শিশুও আছে বুলি স্থানীয় সূত্ৰই প্ৰকাশ কৰিছে। তথ্য অনুসৰি, বাসন্তী পূজাৰ বাবে অঞ্চলটোৰ বাসিন্দা চন্দ্ৰকান্ত বানিকৰ ঘৰত আতচবাজী নিৰ্মাণ কৰা হৈছিল।

নিশা প্ৰায় ৯:৩০ বজাত হঠাতে ফটকা নিৰ্মাণস্থলীত বিস্ফোৰণ ঘটে। বিস্ফোৰণৰ প্ৰচণ্ড শব্দত সমগ্ৰ অঞ্চলটো কঁপি উঠে। ইফালে বিস্ফোৰণৰ ফলত সমগ্ৰ ঘৰটো জুয়ে আৱৰি ধৰে। বিস্ফোৰণৰ শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলায়। ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে ঢোলাহাট থানাৰ আৰক্ষী বাহিনীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল, সেই সম্পৰ্কে তদন্ত অব্যাহত আছে। মন কৰিবলগীয়া যে বিগত কিছুদিনত পশ্চিত বংগৰ ভিন্ন প্ৰান্তত এনে ঘটনা বহুকেইটা পোহৰলৈ আহিছে। ইয়াৰ পূৰ্বে পূৱ মেদিনীপুৰৰ খাদিকুলৰ এটা অবৈধ ফটকা কাৰখানাত বিস্ফোৰণৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছিল। তাৰ পিছত মহেষ্টলা আৰু চম্পাহাটীতো ফটকা কাৰখানাত বিস্ফোৰণ ঘটে।