মহাকুম্ভত পুনৰ অগ্নিকাণ্ডঃ জ্বলি ছাই হৈ পৰিল বহু তম্বু, লাখ টকাৰ সম্পত্তি

প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় মহা কুম্ভৰ ১৯ নং ছেক্টৰত কল্পবাসীয়ে খালী কৰা তম্বুত। অগ্নিকাণ্ডই মুহূৰ্ততে বহুকেইটা তম্বু আগুৰি ধৰে। এই ঘটনাত কোনো লোকৰ প্ৰাণ হেৰুৱাৰ খবৰ অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই।

মহাকুম্ভত পুনৰ অগ্নিকাণ্ডঃ জ্বলি ছাই হৈ পৰিল বহু তম্বু, লাখ টকাৰ সম্পত্তি

মহাকুম্ভত আন এক অগ্নিকাণ্ড

Published: 

15 Feb 2025 23:18 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সংঘটিত হৈছে আন এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ড সংঘটিত হয় মহা কুম্ভৰ ১৯ নং ছেক্টৰত কল্পবাসীয়ে খালী কৰা তম্বুত। অগ্নিকাণ্ডই মুহূৰ্ততে বহুকেইটা তম্বু আগুৰি ধৰে। এই ঘটনাত কোনো লোকৰ প্ৰাণ হেৰুৱাৰ খবৰ অৱশ্যে এতিয়াও পোহৰলৈ অহা নাই। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, মহাকুম্ভত সমবেত হোৱা সাধু-সন্তসকলক দান কৰাৰ উদ্দেশ্যে শিবিৰলৈ অনা লাখ লাখ টকাৰ কম্বল আৰু আন কিছুমান সামগ্ৰীও এই জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।

আজি শনিবাৰ উপলক্ষে হাজাৰ হাজাৰ লোক মহা কুম্ভত উপস্থিত হৈছিল। পুৱাৰে পৰা অগণন ভক্ত গংগাত স্নান কৰাৰ উদ্দেশ্যে মহাকুম্ভত সমবেত হয়। বহু সংখ্যক ভক্তৰ সমাৱেশৰ পৰিপ্ৰেক্ষিতত মহা কুম্ভক ন’ ভেহিকল জ’ন হিচাপে ঘোষণা কৰা হৈছে। বাহিৰৰ পৰা যোৱা যান-বাহন প্ৰয়াগৰাজৰ সকলো সীমান্ততে বন্ধ কৰি দিয়া হৈছে।

প্ৰয়াগৰাজ মেলা এলেকাৰ অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উপ আৰক্ষী মহাপৰিদৰ্শক বৈভৱ কৃষ্ণই জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থকা বুলি জানিবলৈ দিয়ে। সংবাদ মাধ্যমৰ আগত আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে ১৯ নং ছেক্টৰত কল্পবাসীয়ে খালী কৰা কিছু পুৰণি তম্বুত জুই লাগিছে। এই অগ্নিকাণ্ডত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই তথা কোনো লোকে আঘাত পোৱা নাই বুলি তেওঁ লগতে কয়।

লক্ষণীয়ভাৱে মহা কুম্ভত অগ্নিকাণ্ডৰ ঘটনা এয়া প্ৰথম নহয়। যোৱা ২৮ দিনত মেলা এলেকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ এয়া হৈছে চতুৰ্থটো ঘটনা। যোৱা ১৯ জানুৱাৰীত মেলা এলেকাত প্ৰথমটো অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। এই অগ্নিকাণ্ডত ১৯ নং ছেক্টৰৰ গীতা প্রেছ শিবিৰৰ কেইবাটাও তম্বু জ্বলি ছাই হৈ পৰিছিল৷ ইয়াৰ পিছত ৩০ জানুৱাৰীত ২২ নং ছেক্টৰত আন এক অগ্নিকাণ্ড সংঘটিত হয়।

ইয়াৰ পিছত যোৱা ৭ ফেব্ৰুৱাৰীত ছেক্টৰ-১৮ত তৃতীয়টো অগ্নিকাণ্ড সংঘটিত হৈছিল। উল্লেখ্য যে কল্পৱ সমাপ্ত হোৱাৰ পাছত প্ৰায়বোৰ সাধু-সন্ত মেলা এলেকাৰ পৰা উভতি গৈছে। সাধু-সন্তসকল উভতি যোৱাৰ পিছত মহাকুম্ভস্থলীত থকা তম্বুসমূহ খালী হৈ পৰিছে। ইয়াৰ বাবেই শেহতীয়া সময়ছোৱাৰ তুলনাত জনসমাগম যথেষ্ট হ্ৰাস পাইছে।

অৱশ্যে ভক্তৰ ভিৰৰ বাবে প্ৰশাসন এতিয়াও সম্পূৰ্ণ সজাগ হৈ আছে। লগতে অগ্নিকাণ্ডৰ দৰে ঘটনা নিয়ন্ত্ৰণৰ বাবে কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন মোতায়েন কৰা হৈছে মহাকুম্ভস্থলীত।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?