“ভাৰতত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰা নহয়”, অভিযুক্ত স্বামীক দোষমুক্ত উচ্চ ন্য়ায়ালয়ৰ
বৈবাহিক ধৰ্ষণৰ গোৰচত এগৰাকী স্বামীক দোষমুক্ত কৰিলে মধ্য প্ৰদেশ আদালতে । স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে । এই ৰায়ত বৈবাহিক ধৰ্ষণক ভাৰতত এতিয়ালৈকে অপৰাধ হিচাপে গণ্য কৰা নহয় বুলি উল্লেখ কৰে উচ্চ ন্যায়ালয়ে ।

প্ৰতীকী ফটো
বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয় ? এই লৈ প্ৰায়ে চৰ্চা অব্যাহত থাকে । ইয়াৰ মাজতে এনে এটা গোচৰত অভিযুক্তক দোষমুক্ত কৰিছে মধ্য প্ৰদেশ আদালতে । নিম্ন আদালতৰ ৰায়ক সমৰ্থন কৰি বৈবাহিক ধৰ্ষণৰ গোচৰত এজন লোকক দোষমুক্ত কৰে মধ্য প্ৰদেশৰ আদালতে।
এই গোচৰটো ৰায় দিয়ে ন্যায়াধীশ বিনোদ কুমাৰ দ্বিবেদীৰ ইন্দোৰৰ বিচাৰপীঠে। গোচৰৰ শুনানিৰ সময়তে ন্যায়াধীশগৰাকীয়ে কয় যে, ভাৰতীয় সংবিধানৰ অধীনত বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে গণ্য কৰা নহয়। প্ৰথমে বৈবাহিক ধৰ্ষণৰ অভিযোগত ৰুজু কৰা এই গোচৰটো চলিছিল নিম্ন আদালতত।
এগৰাকীয়ে পত্নীয়ে প্ৰথমে মধ্য প্ৰদেশৰ এখন নিম্ন আদালতত স্বামীৰ বিৰুদ্ধে বৈবাহিক ধৰ্ষণ, যৌতুক লোৱা আৰু নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। কিন্তু দুয়োপক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তক দোষমুক্ত কৰে। নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই পত্নীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু একেটা ফলাফল পালে পত্নীগৰাকীয়ে।
উল্লেখ্য যে, ভাৰতীয় আইনৰ অধীনত বৈবাহিক ধৰ্ষণক অপৰাধ বুলি গণ্য কৰা উচিত হয় নে নহয় সেই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিজেই যোৱা বছৰ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আৱেদনখনত উল্লেখ কৰা হৈছিল যে, দেশত বৰ্তমানৰ ধৰ্ষণ বিৰোধী যথেষ্ট আইন আছে । বৈবাহিক ধৰ্ষণ বিৰোধী পৃথক আইনৰ প্ৰয়োজন নাই।
শপতনামাত কেন্দ্ৰই এইটোও কয় যে, এই বৈবাহিক ধৰ্ষণৰ বিষয়টো যিমান আইনী বিষয়, তাতকৈ এই ক্ষেত্ৰত সামাজিক প্ৰভাৱ বেছি । সকলো ৰাজ্য বা সংশ্লিষ্ট আইনী বিভাগৰ লগত আলোচনা নকৰাকৈ এই বিষয়ত কোনো সিদ্ধান্ত লোৱাত অসুবিধা সৃষ্টি হ’ব। বিবাহৰ পিছত যদি এনে অভিযোগ উত্থাপন হয় তেন্তে ইয়াৰ প্ৰভাৱ সমাজত বেলেগ হ’ব।