Narendra modi: বিশ্ব শান্তিৰ ক্ষেত্ৰত ভৱিষ্যতে মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব…

Narendra modi: বিশ্বৰ আগশাৰীৰ জনপ্ৰিয় নেতাৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অন্যতম। ইয়াৰ মাজতে এজন প্ৰখ্যাত বিনিয়োগকাৰীয়ে মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। তেওঁ কয়, মোদী শান্তিৰ ন'বেল বঁটাৰ যোগ্য।

Narendra modi: বিশ্ব শান্তিৰ ক্ষেত্ৰত ভৱিষ্যতে মোদীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব...

নৰেন্দ্ৰ মোদী

Published: 

13 Nov 2024 19:31 PM

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক বিশেষ জনপ্ৰিয়তা আছে। শেহতীয়াকৈ বিশ্বৰ অন্যতম বৃহৎ বিনিয়োগকাৰী মাৰ্ক মবিয়াছে কৰা এক মন্তব্যৰ পাছতেই মোদীৰ পৰিচয় আৰু অধিক শক্তিশালী হৈ পৰিছে। বিশ্বৰ অন্যতম বিনিয়োগকাৰী মাৰ্ক মবিয়াছে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সঁচাকৈয়ে ‘ন’বেল বঁটা’ৰ যোগ্য। কিয়নো বিশ্ব মঞ্চত সকলো পক্ষৰ সৈতে যোগাযোগ কৰাৰ ক্ষমতা মোদীৰ আছে। মবিয়াছ ইমাৰ্জিং অপাৰচনিটিজ ফাণ্ডৰ ৮৮ বছৰীয়া অধ্যক্ষ মাৰ্ক মবিয়াছে কয় যে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ শান্তিদূত হ’ব পাৰে।

সংবাদ সংস্থাৰ সৈতে হোৱা এক বাৰ্তালাপত মাৰ্ক মবিয়াছে কয় যে পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে বিশ্বত সৃষ্টি হোৱা অশান্তিৰ মাজতে প্ৰধানমন্ত্ৰী মোদী এজন অতি গুৰুত্বপূৰ্ণ শান্তিদূত হ’ব পাৰে। তেওঁ কয়, মোদী কেৱল এজন মহান নেতায়ে নহয়, তেওঁ এজন মহান ব্যক্তি। মোদী বহুত বেছি ভাল মানুহ। মই ভাৱো ভৱিষ্যতে বিশ্ব পৰ্যায়ত তেওঁৰ ভূমিকা আৰু অধিক বৃদ্ধি পাব। তেওঁ বিশ্বত সকলো পক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰাত সক্ষম। ভৱিষ্যতে তেওঁ এজন গুৰুত্বপূৰ্ণ শান্তিদূত হ’ব পাৰে।

মাৰ্ক মবিয়াছে কয় যে ,শান্তিৰ ন’বেল বঁটাৰ কথা আহিলে প্ৰধানমন্ত্ৰী মোদী “সঁচাকৈয়ে প্ৰায় সকলো কাম কৰিবলৈ সক্ষম” আৰু এই বিশ্বব্যাপী বঁটাৰ যোগ্য। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা- বতৰাত বিনিয়োগকাৰীগৰাকী মোদীৰ প্ৰশংসতা পঞ্চমুখ হৈ পৰে।

ইয়াৰোপৰি বৰ্তমান বিশ্বৰ পৰিস্থিতিত ভাৰতৰ ভূমিকাক লৈ প্ৰশংসা কৰে তেওঁ। মাৰ্ক মবিয়াছে কয় যে, বিশ্বৰ পৰিস্থিতিত নিৰপেক্ষ হৈ থাকি ভাৰতে সকলোৰে প্ৰতি ন্যায়পৰায়ণতা হৈ ক্ষমতা দেখুৱাইছে। ভাৰত এতিয়া এনে অৱস্থাত আছে যে বিশ্বৰ মঞ্চত শান্তিৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিব পাৰে। বিশ্ব শান্তিৰ প্ৰধান মধ্যস্থতাকাৰী হ’ব পৰাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোগ্য।

উল্লেখ্য যে, ২ বছৰতকৈ অধিক সময় ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। এই যুদ্ধত ভাৰতে নিৰপেক্ষ ভূমিকা পালন কৰি শান্তিৰ পোষকতা কৰি আহিছে। ১৯৯২ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ পিছত আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণ আছিল ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ। ভাৰতৰ এই ভূমিকাত বিশ্বৰ কেইবাখনো দেশে প্ৰশংসা কৰিছে। মোদীয়ে যোৱা দুই বছৰত কোনো এখন দেশৰ পক্ষ ন’লৈ কেৱল শান্তি স্থাপনৰ কথা কৈ আহিছে। যাৰ বাবে আজি  বিশ্বৰ আগশাৰীৰ এজন বিনিয়োগকাৰীয়ে ভাৰতৰ প্ৰশংসা কৰিবলৈ বাধ্য হৈ পৰিছে।

আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ
শীতৰ বতৰত ৰবাব টেঙাৰ জুতি ল'লে নে? ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানক
তীৰ্থযাত্ৰাৰ সময়ত নকৰিব এই ভুল কৰে, নাপাব পূণ্যফল!