5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

প্ৰেমৰ জুয়ে দহিলে মৌলানাক, কিশোৰীক নিলে পলুৱাইঃ এতিয়া হ’ল এই গতি….

এখন মাদ্ৰাছাত কিশোৰী ছাত্ৰীসকলক শিক্ষাদান কৰা এগৰাকী ৪৫ বৰ্ষীয় মৌলানাৰ হৃদয়ত জ্বলিল প্ৰেমৰ জুই। এগৰাকী ১৬ বৰ্ষীয় কিশোৰীৰ প্ৰেমত হৃদয় গলিল মৌলানাৰ। কিশোৰী ছাত্ৰীগৰাকীৰ প্ৰতি প্ৰেমৰ এই জুয়ে মৌলানাক ইমানেই দহিলে যে এদিন ছাত্ৰীগৰাকীক মাদ্ৰাছাৰ পৰাই পলুৱাই লৈ গ’ল তেওঁ। ইয়াৰ পিছত এতিয়া বিপদত পৰিছে মৌলানাগৰাকী।

প্ৰেমৰ জুয়ে দহিলে মৌলানাক, কিশোৰীক নিলে পলুৱাইঃ এতিয়া হ’ল এই গতি….
ছাত্ৰী পলুৱাই নি গ্ৰেপ্তাৰ মৌলানা
monjit-dutta
Monjit Dutta | Published: 30 Dec 2024 09:12 AM

এগৰাকী ৪৫ বৰ্ষীয় মৌলানা। এই মৌলানাগৰাকীয়ে এখন মাদ্ৰাছাত কিশোৰী ছাত্ৰীসকলক কৰি আহিছিল শিক্ষাদান। পিছে শিক্ষকতা কৰি থকাৰ সময়তে মৌলানাৰ হৃদয়ত জ্বলিল প্ৰেমৰ জুই। এগৰাকী ১৬ বৰ্ষীয় কিশোৰীৰ প্ৰেমত হৃদয় গলিল মৌলানাৰ। কিশোৰী ছাত্ৰীগৰাকীৰ প্ৰতি প্ৰেমৰ এই জুয়ে মৌলানাক ইমানেই দহিলে যে এদিন ছাত্ৰীগৰাকীক মাদ্ৰাছাৰ পৰাই পলুৱাই লৈ গ’ল তেওঁ। ইফালে এই কাণ্ড সংঘটিত কৰি মৌলানাই কিশোৰীগৰাকীৰ পৰিয়ালকো এই বিষয়ে অৱগত কৰে। লগতে পৰিয়ালৰ আগত কিশোৰীগৰাকীক বিয়া কৰাব বুলিও গৌৰৱেৰে কয় মৌলানাই।

পিছে মৌলানাৰ এনে কাণ্ডত হতভম্ব হৈ পৰিল কিশোৰীগৰাকীৰ পৰিয়াল। লগে লগে পৰিয়ালৰ লোকসকল আৰক্ষীৰ কাষ চাপে আৰু এজাহাৰ দাখিল কৰে। পৰিয়ালৰ অভিযোগ লাভ কৰাৰ পিছতে তাৎক্ষণিকভাৱে আৰক্ষীয়ে মৌলানাক গ্ৰেপ্তাৰ কৰে।.আৰক্ষীয়ে লগতে কিশোৰীগৰাকীক পৰিয়ালৰ হাতত গতাই দিছে। এই ঘটা সংঘটিত হৈছে বিহাৰৰ মুজাফ্ফৰপুৰত। ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পিছতে এতিয়া লাভ কৰিছে ব্যাপক চৰ্চা।

মুজাফ্ফৰপুৰৰ মণিয়াৰী অঞ্চলত মৌলানাই কৰিছে এই কাণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে মণিয়াৰীস্থিত মাদ্ৰাছাত শিক্ষকতা কৰা মৌলানাই ১৬ বছৰীয়া এগৰাকী ছাত্ৰীৰ প্ৰেমত পৰি ছাত্ৰীগৰাকীক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল। এদিন মৌলানাই ছাত্ৰীগৰাকীক মাদ্ৰাছালৈ মাতে আৰু তাৰ পিছত মাদ্ৰাছাৰ পৰাই পলুৱাই নিয়ে। বিয়াৰ উদ্দেশ্যেৰে মৌলানাই কিশোৰীগৰাকীক পলুৱাই নিয়াৰ বুলি জেৰাৰ সময়ত স্বীকাৰ কৰিছে।

আনহাতে, পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ সন্ধানত ব্যাপক অনুসন্ধান চলাই আহিছিল। কিন্তু লাভ কৰা নাছিল কোনো শুংসূত্ৰ। তেনেতে হঠাৎ পৰিয়ালে লাভ কৰে মৌলানাৰ ফোনকল। মৌলানাই ফোন যোগে পৰিয়ালক কিশোৰীগৰাকী তেওঁৰ সৈতে আছে বুলি জানিবলৈ দিয়ে আৰু তেওঁক বিয়া কৰাব বুলি অৱগত কৰে। লগে লগে পৰিয়ালৰ লোকে মণিয়াৰী থানাত নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ সন্দৰ্ভত এফআইআৰ দাখিল কৰে।

এজাহাৰত পৰিয়ালৰ লোকে মাদ্ৰাছাৰ মৌলানাই কিশোৰীগৰাকীক অসৎ উদ্দেশ্যেৰে অপহৰণ কৰা বুলি অভিযোগ কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি লগে লগে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। কিছু সময়ৰ ভিতৰতে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ সন্ধান লাভ কৰে আৰু অভিযুক্ত মৌলানাল গ্ৰেপ্তাৰ কৰি কিশোৰীগৰাকীক পৰিয়ালৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে জেৰাৰ সময়ত মৌলানাই স্বেচ্ছাই কিশোৰীগৰাকী তেওঁৰ সৈতে যোৱা বুলি উল্লেখ কৰিছে।

মণিয়াৰী থানাৰ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়া মতে জেৰাৰ সময়ত মৌলানাই কিশোৰীগৰাকীক অপহৰণ কৰা কোনো উদ্দেশ্য তেওঁৰ নাছিল বুলি উল্লেখ কৰিছে। আৰক্ষীয়ে এতিয়া সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীয়ে মৌলানাক আদালতত হাজিৰ কৰাৰ পিছত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Latest News