ইউক্ৰেইন যুদ্ধত প্ৰাণ হেৰুৱালে ৰুছ সেনাত কৰ্মৰত ১২ ভাৰতীয়ইঃ এতিয়াও নিৰুদ্দিষ্ট ১৬ জন
ৰুছ ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত অৱস্থাত প্ৰায় ১২ জন ভাৰতীয় লোকেও প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। মন্ত্ৰালয়ৰ তথ্য মতে, এতিয়াও প্ৰায় ১৮ জন ভাৰতীয় নাগৰিকে ৰুছ সেনাবাহিনীত সেৱা আগবঢ়াই আছে আৰু ইয়াৰে ১৬ জন ব্যক্তিৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই।
তিনিবছৰ সম্পূৰ্ণ হোৱাৰ দিশে ৰুছ-ইউক্ৰেইন যুদ্ধ। ২০২২ চনৰ ফেব্ৰুৱাৰীতে আৰম্ভ হোৱা এই যুদ্ধৰ দাবানল এতিয়াও ম্লান পৰা নাই। এই যুদ্ধৰ ভয়াৱহতাই ইতিমধ্যে প্ৰাণ লৈছে অসংখ্য লোকৰ। দুয়োপক্ষৰ অগণন সেনাৰ লগতে অলেখ সাধাৰণ লোকৰ প্ৰাণ কাঢ়ি নিছে এই যুদ্ধই। লক্ষণীয়ভাৱে এই ৰুছ ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ সশস্ত্ৰ বাহিনীত কৰ্মৰত অৱস্থাত প্ৰায় ১২ জন ভাৰতীয় লোকেও প্ৰাণ হেৰুৱাইছে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য। তদুপৰি এতিয়াও ১৬ জন ভাৰতীয় নিৰুদ্দিষ্ট হৈ থকা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
মন্ত্ৰালয়ৰ তথ্য মতে, এতিয়াও প্ৰায় ১৮ জন ভাৰতীয় নাগৰিকে ৰুছ সেনাবাহিনীত সেৱা আগবঢ়াই আছে আৰু ইয়াৰে ১৬ জন ব্যক্তিৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তথ্য আগবঢ়াই ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰা মতে ১২৬ গৰাকী ভাৰতীয় নাগৰিকে ৰাছিয়াৰ সামৰিক বাহিনীত কাম কৰাৰ তথ্য পোহৰলৈ আহিছে। এই ১২৬ জন লোকৰ ভিতৰত ৯৬ জন ভাৰতলৈ উভতি আহিছে আৰু ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ পৰা মুকলি কৰি দিয়া হৈছে।
তেওঁ লগতে কয় যে ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও ১৮ জন ভাৰতীয় নাগৰিক আছে আৰু ইয়াৰে ১৬ জন নিৰুদ্দেশ হৈ আছে। “ৰাছিয়ান কৰ্তৃপক্ষই এই ভাৰতীয় লোকসকলক নিৰুদ্দিষ্টৰ তালিকাত শ্ৰেণীভুক্ত কৰিছে। আমি জীৱিতসকলক তৎকালীনভাৱে মুকলি কৰি ঘূৰাই পঠোৱাৰ দাবী জনাইছো।”- জয়ছোৱালে লগতে কয়। উল্লেখ্য যে চলিত সপ্তাহৰ আৰম্ভণিতে ৰুছ সেনাৰ ফ্ৰণ্ট লাইনত পোষ্ট কৰা কেৰালাৰ এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ আত্মীয় গুৰুতৰভাৱে আহত হোৱাৰ খবৰ ওলাইছিল।
মৃত যুৱকজন কেৰালাৰ থ্ৰিছুৰ জিলাৰ ৱাডাক্কানচেৰীত নিবাসী বিনিল টি বি (৩২) বুলি চিনাক্ত কৰা হৈছিল। আনহাতে আহত লোকজনক একে অঞ্চলৰ জৈন টি কে (২৭) বুলি চিনাক্ত কৰা হৈছে। বিনীলৰ মৃত্যুত শোক প্ৰকাশ কৰি জয়ছোৱালে কয়, “বিনীল টি বিৰ মৃত্যু অত্যন্ত দুৰ্ভাগ্যজনক। আমি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। আমাৰ দূতাবাসে ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছে যাতে তেওঁৰ মৃতদেহ যাতে অতি সোনকালে ভাৰতলৈ ঘূৰাই পঠিওৱা হয়।”
আঘাতপ্ৰাপ্ত আনজন ব্যক্তি মস্কোত চিকিৎসাধীন হৈ আছে আৰু চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত অতি সোনকালে তেওঁ ভাৰতলৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে। ৰাছিয়াৰ সামৰিক বাহিনীৰ সহায়ক সেৱাত ইলেক্ট্ৰিচিয়ান, ৰান্ধনী, প্লাম্বাৰ আৰু ড্ৰাইভাৰ হিচাপে কাম কৰাৰ আশাত এপ্ৰিল মাহত ৰাছিয়ালৈ যোৱা কেইবাজনো ভাৰতীয় যুৱকৰ ভিতৰত বিনিল আৰু জৈন অন্যতম।
চলিত সপ্তাহৰ আৰম্ভণিতে জয়ছোৱালে এই বিষয়টো মস্কোৰ কৰ্তৃপক্ষৰ লগতে নতুন দিল্লীত থকা ৰাছিয়াৰ দূতাবাসৰ ওচৰতো দৃঢ়ভাৱে উত্থাপন কৰা হৈছে বুলি জানিবলৈ দিছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ্গৰাকীয়ে লগতে ‘আমি বাকী থকা ভাৰতীয় নাগৰিকসকলক আগতীয়াকৈ মুকলি কৰি দিয়াৰ দাবীও পুনৰবাৰ প্ৰকাশ কৰিছো’ বুলি মন্তব্য কৰে।